ETV Bharat / state

অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰাৰ পাছতে মৰাণত আনন্দৰ জোৱাৰ

author img

By

Published : May 11, 2022, 7:53 AM IST

Updated : May 11, 2022, 8:04 AM IST

"আজিৰ দিনটো সোণালী আখৰেৰে লিখা থাকিব"- এই মন্তব্য মৰাণৰ আৰক্ষীৰ চক্ৰ পৰিদৰ্শকৰ ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে মঙলবাৰে অসম আৰক্ষীক প্ৰদান কৰে ৰাষ্ট্ৰপতিৰ নিচান(President's Colour Award to Assam police) শীৰ্ষক সন্মান ৷ এই সন্মান লাভৰ পিছতে মৰাণৰ আৰক্ষীসকলৰ মাজত দেখা যায় আনন্দ-উল্লাস ৷

moran-police-celebrates-joy-after-assam-police-receiving-presidents-colour-award
মৰাণত আনন্দৰ জোৱাৰ

মৰাণ, 11 মে’ : অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদানৰ খবৰটো আছিল প্ৰতিগৰাকী আৰক্ষী বিষয়া, কনিষ্টবল আৰু অসমৰ ৰাইজৰ বাবে আনন্দদায়ক বতৰা ৷ মঙলবাৰে নেহৰু ষ্টেডিয়ামত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে অসম আৰক্ষীক প্ৰদান কৰিলে ৰাষ্ট্ৰপতিৰ নিচান(President's Colour Award to Assam police) ৷

ইয়াৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মৰাণতো আৰক্ষী থানাসমূহত দেখিবলৈ পোৱা গৈছে উখল-মাখল পৰিৱেশ ৷ ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাখনো এই পৰিপ্ৰেক্ষিতত নানা ৰঙীন লাইটেৰে পোহৰাই তোলা হয় ৷

আনহাতে, আৰক্ষীৰ চক্ৰ পৰিদৰ্শক বিষয়া সিদ্ধেশ্বৰ বড়োৱে এই বিষয়ে কয় যে, "আজিৰ দিনটো কেৱল অসম আৰক্ষীৰ বাবেই নহয় অসমৰ ৰাইজৰ বাবে এটা সোণালী দিন । আজিৰ দিনটো ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা থাকিব ৷

মৰাণত আনন্দৰ জোৱাৰ

লগতে চাওক: গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক প্ৰদান কৰিলে দেশৰ সন্মানীয় ৰাষ্ট্ৰপতিৰ নিচান

Last Updated :May 11, 2022, 8:04 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.