ETV Bharat / state

গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক প্ৰদান কৰিলে দেশৰ সন্মানীয় ৰাষ্ট্ৰপতিৰ নিচান

author img

By

Published : May 10, 2022, 2:17 PM IST

Updated : May 10, 2022, 2:26 PM IST

Presentation of president's colours to assam police
এক নতুন সন্মানেৰে বিভূষিত হ'ল অসম আৰক্ষী

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান । আইন শৃংখলা ৰক্ষা, সন্ত্ৰাসবাদ নিৰ্মূল আদিকে কৰি বহু কেইটা দিশ পৰ্যালোচনা কৰি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা বিৰল সন্মান অধিকাৰী হ'ল অসম আৰক্ষী (President's Colour Award to Assam police)। ৰাষ্ট্ৰপতিৰ নিচানৰ বাবে অসম আৰক্ষী আৰু অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন অমিত শ্বাহৰ । অসম আৰক্ষীয়ে যোগ্যতাৰ বাবেই লাভ কৰিছে ৰাষ্ট্ৰপতিৰ নিচান । সমগ্ৰ ‍অসম মুক্ত হ'ব সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ পৰা ।

গুৱাহাটী, ১০ মে' : দেশৰ সন্মানীয় 'ৰাষ্ট্ৰপতিৰ নিচানে'ৰে সন্মানিত হ'ল অসম আৰক্ষী । শান্তি আৰু যুদ্ধ উভয় ক্ষেত্ৰতে অসম আৰক্ষীয়ে ৰাষ্ট্ৰলৈ আগবঢ়োৱা ব্যতিক্ৰমী সেৱাৰ স্বীকৃতি স্বৰূপে অসম আৰক্ষীক প্ৰদান কৰা হয় সন্মানীয় 'ৰাষ্ট্ৰপতিৰ নিচান' (President Colour Award to Assam police)। আজি অৰ্থাৎ মঙলবাৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

President's Colour Award to Assam police
গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান

ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰা অসম দেশৰ নৱমখন ৰাজ্য (Assam is the ninth state in the country to receive President's Nisan) । আইন শৃংখলা ৰক্ষা, সন্ত্ৰাসবাদ নিৰ্মূল আদিকে কৰি বহু কেইটা দিশ পৰ্যালোচনা কৰি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা এই বিৰল সন্মান অধিকাৰী হ'ল অসম আৰক্ষী ।

সন্মানীয় ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰি দিয়া ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্মানৰ বাবে অসম আৰক্ষী আৰু অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ।

তেওঁ কয় যে, আজিৰ পৰা অসম আৰক্ষীয়ে আন এক মাইলৰ খুঁটি স্পৰ্শ কৰিলে । অসম আৰক্ষীৰ ডেৰশ বছৰীয়া গৌৰৱোজ্বল ইতিহাসৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, ৰাষ্ট্ৰীয় একতাৰ বাবেও অসম আৰক্ষীয়ে সাহসেৰে যুঁজাৰ নজিৰ আছে । অত্যন্ত প্ৰতিকূল আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰে যুঁজাৰ অভিজ্ঞতা থকা অসম আৰক্ষীৰ এক দীঘলীয়া গৌৰৱোজ্বল ইতিহাস আছে ।

President's Colour Award to Assam police
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক প্ৰদান কৰিলে দেশৰ সন্মানীয় ৰাষ্ট্ৰপতিৰ নিচান

বৰ্তমান সময়ত ৭০ হাজাৰৰো অধিক লোক থকা শক্তিশালী অসম আৰক্ষীয়ে সন্ত্ৰাসবাদ, অবৈধ অনুপ্ৰৱেশ আদি বিভিন্ন সমস্যাৰে দীৰ্ঘদিন ধৰি যুঁজ দি আহিছে আৰু এইক্ষেত্ৰত সফলতা অৰ্জন কৰিছে । বহু সময়ত সেনাৰ সৈতেও সহযোগ কৰি বহুকেইটা অপাৰেচনত অসম আৰক্ষীয়ে সফলতা অৰ্জন কৰিছে ।

লগতে পঢ়ক : মঙলবাৰে ডেৰ লাখ লোকৰ উপস্থিতিত হিমন্ত চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি

তেওঁ লগতে কয় যে, অসম আৰক্ষীৰ সফল অভিয‍নৰ বাবেই ৰাজ্যখনলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে । উগ্ৰপন্থী সংগঠনসমূহ শান্তি চুক্তি কৰি মূলসূঁতিলৈ ঘূৰি আহিছে । ইতিমধ্যে ৰাজ্যখনৰ ২৩ খন জিলাৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন উঠাই দিয়া হৈছে । পৰিৱেশ ভাল হোৱাৰ লগে লগে শীঘ্ৰেই সমগ্ৰ ৰাজ্য ইয়াৰ পৰা মুক্ত হ'ব ।

President's Colour Award to Assam police
এক নতুন সন্মানেৰে বিভূষিত হ'ল অসম আৰক্ষী

অসম আৰক্ষীক প্ৰশংসা কৰি তেওঁ কয় যে, অনুপ্ৰৱেশ, চোৰ‍াং বেপ‍াৰ, ড্ৰাগছ, ছিণ্ডিকেট, গড় হত্যা ৰোধ আদি ক্ষেত্ৰত অসম আৰক্ষীয়ে অভূতপূৰ্ব সফলতা লাভ কৰিছে । অসম আৰক্ষীয়ে যোগ্যতাৰ বাবেই ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰিছে বুলি তেওঁ সদৰি কৰে । দেশৰ ভাল আৰক্ষী ৰূপে অসম আৰক্ষীয়ে স্থান লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, অসমত শান্তি আৰু বিকাশৰ সূচনা হৈছে ।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে, অসম আৰক্ষীৰ ডেৰশ বছৰীয়া ইতিহাসৰ আজি এক গৌৰৱোজ্বল দিন । এক নতুন সন্মানেৰে বিভূষিত হ'ল অসম আৰক্ষী । সেৱাৰ স্বীকৃতি স্বৰূপে অসম আৰক্ষীয়ে লাভ কৰিলে ৰাষ্ট্ৰীয় সন্মান । নানান সীমাবদ্ধতা আৰু প্ৰত্যাহ্বানৰ মাজত অসম আৰক্ষীয়ে আগবঢ়োৱা কৰ্মকুশলতা অদ্বিতীয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, সন্ত্ৰাসবাদ দমনকে ধৰি বিভিন্ন ক্ষেত্ৰত অসম আৰক্ষীয়ে সফলতা অৰ্জন কৰিছে ।

লগতে পঢ়ক : GMCHত হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ মুকলি কৰিলে অমিত শ্বাহে

শূণ্য সহনশীল হৈ ড্ৰাগছমুক্ত, অপৰাধমুক্ত অসম গঢ়াৰ বাবে অসম আৰক্ষীয়ে অভিয‍ান চলাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ড্ৰাগছৰ ক্ষেত্ৰত বিগত এবছৰত ২,৮৩৪ টা গোচৰ ৰুজু কৰাৰ লগতে ৪,৮৩৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে । লগতে ৫৫০ কোটি টকাৰ ড্ৰাগছ জব্ধ কৰা হৈছে । অপৰাধৰ হাৰ প্ৰতি এক লাখত ৩৪৪ টাৰ পৰা ২২২ টালৈ নামি আহিছে ।

President's Colour Award to Assam police
অসম আৰক্ষীৰ বৰ্ণিল অনুষ্ঠানটোত গৃহমন্ত্ৰী অমিত শ্বাহে তিনিখন গ্ৰন্থ উন্মোচন কৰে

সাধাৰণ ৰিক্সা-ঠেলা চালককে ধৰি দৰিদ্ৰ লোকজনে নিজৰ বন্ধু বুলি গণ্য কৰিব পৰা আৰক্ষী মই বিচাৰো বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, সাধাৰণ লোকক আক্ৰমণ কৰা আৰক্ষী আমাক নালাগে । জনতাই নিজকে ২৪ ঘণ্টাই সুৰক্ষিত অনুভৱ কৰা আৰক্ষী বিচাৰো বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সকলো বাধা উফৰাই অসমখনক অপৰাধ তথা অপৰাধী মুক্ত কৰিব লাগিব ।

এইক্ষেত্ৰত আৰক্ষীক শূণ্য সহনশীল হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় । আদৰণি ভাষণত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে, এই ঐতিহাসিক দিনটো অসম আৰক্ষীৰ বুৰঞ্জীত সোণোৱালী আখৰেৰে লিখা থাকিব । উল্লেখ যে, ৰাষ্ট্ৰপতিৰ নিচান গ্ৰহণৰ বাবে নেহৰু ষ্টেডিয়ামত অসম আৰক্ষীয়ে অনুষ্ঠিত কৰে ‘অলংকৰন পেৰেড’ ।

লগতে পঢ়ক : ভাৰত-বাংলা সীমান্তত সক্ৰিয় আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰ : গৃহমন্ত্ৰীৰ উদ্যোগত গঠন হ'ব বিশেষ টাস্ক ফ'ৰ্চ

এই পেৰেডত অসম আৰক্ষীৰ দহটাকৈ বাহিনীৰ অভিবাদন গ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁ খোলা জিপছীত উঠি অভিবাদন গ্ৰহণ কৰে । এক অভিনৱ তথ‍া সুন্দৰ পৰ্বৰ মাজেৰে গৃহমন্ত্ৰী অমিত শ্বাহে অসম ‍আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰে । ৰাষ্ট্ৰপতিৰ নিচান গ্ৰহণ কৰে আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দুৱৰাই ।

আনহাতে, গড়মূল সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে শ্লোক পাঠ কৰি ৰাষ্ট্ৰপতিৰ নিচানত শান্তি জল চটিয়াই আৰু বৰদোৱা (বটদ্ৰৱা) সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ গোস্বামীয়ে ঘোষা পাঠ কৰে । আনহাতে, মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দ চন্দ্ৰ গোস্বামীয়ে আশীৰ্বাদ প্ৰদান কৰে । এক অতি আকৰ্ষণীয় পৰ্বৰ মাজেৰে ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰা হয় ।

অসমৰ পূৰ্বে দেশৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্য মিলাই মুঠ ৯ খন জিলাৰ আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰিছিল । ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা এই নিচানত আছে অসমৰ মেপৰ লগতে ৩৬ টা বিন্দু আৰু অসম আৰক্ষীৰ প্ৰতীক চিহ্ন । অসমৰ মেপৰ লগত থকা ৩৬ টা বিন্দুয়ে ৰাজ্যখনৰ ৩৬ খন জিলাক প্ৰতিনিধিত্ব কৰিছে ।

অসম আৰক্ষীৰ বৰ্ণিল অনুষ্ঠানটোত গৃহমন্ত্ৰী অমিত শ্বাহে তিনিখন গ্ৰন্থ উন্মোচন কৰে । অনুষ্ঠানত অসম আৰক্ষীৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক : তামুলপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে

Last Updated :May 10, 2022, 2:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.