ETV Bharat / state

কাকপথাৰত মৃত্যুৰ কিৰিলি, 7 গৰাকী লোকৰ অস্বাভাৱিক মৃত্যু - unnatural death

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 1:58 PM IST

Unnatural death in kakopothar : অস্বাভাৱিক মৃত্যুয়ে কঁপাইছে কাকপথাৰ ৷ এসপ্তাহত 7 গৰাকী লোকৰ মৃত্যু ৷ মৃত্যুৰ কাৰণ এতিয়াও অহা নাই পোহৰলৈ...

unnatural death in kakopothar
কাকপথাৰত মৃত্যুৰ কিৰিলি, 7 গৰাকী লোকৰ অস্বাভাৱিক মৃত্যু (etv bharat assam)

তিনিচুকীয়া, ২১ মে’ : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনা চাহ বাগিচাত মৃত্যুৰ কিৰিলি । স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি বিগত এসপ্তাহত বাগিচাখনৰ কুলীবিল লাইনত ইতিমধ্যে ৬/৭ গৰাকী লোকৰ অস্বাভাৱিকভাৱে মৃত্যু হৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ১২ মে'ত বাগিচাখনত এটা পৰিয়ালৰ পিতৃ-কন্যাৰ একেদিনাই অস্বাভাৱিক মৃত্যু হোৱাৰ পিচত প্ৰতিবেশী দুঘৰত দুজনকৈ লোকে অকাল মৃত্যুক সাৱটিবলগীয়া হয় ৷ ইয়াৰ পিচৰ পৰাই শ্ৰমিক লাইনটোত এটাৰ পিচত আনজন লোকৰ মৃত্যু হ’বলৈ আৰম্ভ কৰিছে ৷

ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত খবৰ লাভ কৰি শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে বিভাগীয় বিষয়াসকলৰ সৈতে বাগিচাখন পৰিদৰ্শন কৰে, যদিও সাংবাদিকৰ এটা দলে ঘটনাৰ বুজ ল’বলৈ বাগিচাখনত উপস্থিত হওতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ নিৰ্লিপ্ততাৰ প্ৰতিচ্ছবি স্পষ্ট ৰূপত ওলাই পৰে ৷

স্থানীয় লোকৰ ভাষ্য অনুসৰি, অস্বাভাৱিক মৃত্যুৰ বলি হোৱা লোকসকলে কলেৰা-ডায়েৰীয়া সদৃশ ৰোগত আক্ৰান্ত হৈ অতি কম সময়ৰ ভিতৰত মৃত্যুৰ মুখত পৰিছে । ইয়াৰে কেইবাজনো লোকৰো চিকিৎসাৰ অবিহনেই মৃত্যু হৈছে বুলি জানিবলৈ পোৱা গৈছে। ইতিমধ্যে বাগিচা কতৃপক্ষই শ্ৰমিক লাইনত চেনিটাইজেশ্যন আৰু বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ দৰে কিছু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে চকুত পৰাকৈ কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

আনহাতে, বাগিচা কতৃপক্ষই সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন হৈছে । লক্ষণীয়ভাৱে, শ্ৰমিক লাইনত বহু কেইঘৰত শৌচাগাৰ নথকাৰো অভিযোগো উত্থাপন হৈছে ৷

এই ঘটনাৰ পিচতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে বাগিচাখনত এনে অস্বাভাৱিক মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ভাৱন কৰিবনে জিলা প্ৰশাসন নতুবা স্বাস্থ্য বিভাগে ? সমগ্ৰ ঘটনাৰাজিয়ে ইতিমধ্যে অঞ্চলটোত আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: মহানগৰীত ড্ৰাগছ সৰবৰাহকাৰীৰ টিঘিলঘিলনি - Operation against Drugs

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.