তামুলপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে

By

Published : May 9, 2022, 7:03 PM IST

thumbnail

তামুলপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah in Tamulpur) ৷ মানকাচৰত ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শনৰ পিচত হেলিকপ্টাৰযোগে তামুলপুৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷ তামুলপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে (Amit Shah inaugurates various development projects at Tamulpur) ৷ জনতাক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ প্ৰায় 9000 বন্দুকধাৰীয়ে অস্ত্ৰ সম্বৰণ কৰি দেশৰ মুখ্য ধাৰাৰ সৈতে নিজকে একাত্ম কৰিছে ৷ এই পদক্ষেপৰ অন্যতম বাটকটীয়া আছিল বড়ো শান্তি চুক্তি (Bodo peace accord) ৷ খুব কম সময়ৰ ভিতৰতে বড়ো শান্তি চুক্তিৰ প্ৰায় 90 শতাংশ প্ৰতিশ্ৰুতি ভাৰত চৰকাৰ আৰু অসম চৰকাৰে পূৰণ কৰিছে বুলি উল্লেখ কৰে অমিত শ্বাহে ৷ ইয়াৰ লগতে তেওঁ কয় যে, স্বাধীনোত্তৰ কালত কোনো বড়ো লোক বিধানসভাৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হোৱাৰ সুযোগ পোৱা নাছিল যদিও বিজেপি চৰকাৰে সেই সুযোগ প্ৰদান কৰি বিশ্বজিৎ দৈমাৰীক বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰিছে ৷ তেওঁ জানিবলৈ দিয়ে যে, অসমত সেনা বাহিনীৰ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ আৰু মেৰামতিৰ কাৰখানাৰ বাবে বি এছ এফক বড়ো ভূমিৰ 50 একৰ ভূমি প্ৰদান কৰা হৈছে ৷ তাৰোপৰি, খাদী-গ্ৰামোদ্যোগ আয়োগৰ অধীনত মৌ উৎপাদন, ধূপ উৎপাদন, কাঠৰ আচবাব আদি নিৰ্মাণেৰে লোকসকলক স্বাৱলম্বী কৰাৰ বাবেও পদক্ষেপ গ্ৰহণৰ কথা জনায় অমিত শ্বাহে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.