ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Nov 13, 2021, 5:19 PM IST

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

মণিপুৰত উগ্ৰপন্থীৰ ambush ত Assam Rifles ৰ বিষয়া সহ পৰিয়ালৰ লোক নিহত

শনিবাৰে মণিপুৰত অসম ৰাইফলছৰ এটা গোটৰ কমাণ্ডিং অফিচাৰ এজনৰ কনভয়ত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে ৷ এই আক্ৰমণত অসম ৰাইফলছৰ কমাণ্ডেণ্ট গৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্য সকল নিহত হয় ৷

New Covid SOP : গৰ্ভৱতী আৰু তিনিবছৰৰ তলৰ সন্তান থকা মহিলা কৰ্মচাৰীসকল যাব লাগিব কাৰ্যালয়লৈ

চৰকাৰী কার্যালয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত কার্যালয়সমূহৰ ক্ষেত্ৰত এই নতুন নিৰ্দেশনা প্ৰযোজ্য হ’ব ৷ প্ৰাপ্ত ছুটীত থকা মহিলা কর্মচাৰীসকলৰ বাহিৰে আন সকলো চৰকাৰী কর্মচাৰীকে কার্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

Encounter at Goalpara : কৃষ্ণাইৰ পেটকাটাত আৰক্ষী-অপহৰণকাৰীৰ মাজত গুলীয়াগুলি

গোৱালপাৰা(Goalpara district) কৃষ্ণাইৰ পেটকাটাত গুলীয়াগুলি(Encounter)ৰ ঘটনা সংঘটিত ৷ আৰক্ষী আৰু অপহৰণকাৰীৰ মাজত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷

১২ গৰাকী খেলুৱৈক দিয়া হ'ব Major Dhyan Chand Khel Ratna Award

ৰাষ্ট্ৰপতি ভৱনৰ এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিব বঁটাসমূহ । মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰ লগতে বিজয়ীসকলক প্ৰদান কৰা হ'ব অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, মৌলানা আবুল কালাম আজাদ ট্ৰফী আদি ।

Cattle Smuggling : নগাঁও আৰক্ষীয়ে জব্দ কৰিলে 9 খন বাহন সহ ৩৫ টা গৰু

গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে তৎপৰ হৈছে আনন্দ মিশ্ৰ বাহিনী ৷ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে শনিবাৰে চলোৱা হয় এক অভিযান ৷ অভিযানত বটদ্ৰৱাৰ ডুমডুমীয়া বজাৰৰ সমীপত ৯ খন চাৰিচকীয়া বাহন সহ ৩৫ টা গৰু আৰু নগদ ২.৫০ লাখ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ গৰু খিনি বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে লৈ যোৱা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ তদুপৰি সৰবৰাহৰ লগত জড়িত থকা সন্দেহত ২১ জন লোকক আটক কৰিছে আৰক্ষীয়ে ৷

ভাৰতৰ স্বাধীনতা সম্পৰ্কে মন্তব্য কৰি পুনৰ বিতৰ্কত Kangana Ranaut

অভিনেত্ৰীগৰাকীৰ মতে মোডীৰ চৰকাৰ শাসনলৈ অহাৰ পাছতে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছে । তেওঁৰ এই মন্তব্য ভুল প্ৰমাণিত কৰিব পাৰিলে পদ্মশ্ৰী সন্মান ঘূৰাই দিয়াৰ লগতে ক্ষমা বিচাৰিবলৈও সাজু আছে কংগনা ৰাণাৱট ।

New Covid SOP : গৰ্ভৱতী আৰু তিনিবছৰৰ তলৰ সন্তান থকা মহিলা কৰ্মচাৰীসকল যাব লাগিব কাৰ্যালয়লৈ

চৰকাৰী কার্যালয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত কার্যালয়সমূহৰ ক্ষেত্ৰত এই নতুন নিৰ্দেশনা প্ৰযোজ্য হ’ব ৷ প্ৰাপ্ত ছুটীত থকা মহিলা কর্মচাৰীসকলৰ বাহিৰে আন সকলো চৰকাৰী কর্মচাৰীকে কার্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

শিক্ষক-শিক্ষাৰ্থী একেলগে আক্ৰান্ত COVID-19 ত; বাতিল হ’ল ছমহীয়া পৰীক্ষা

ক’ভিড পৰীক্ষা কৰি থকাৰ সময়তে শেহতীয়াকৈ একেখন বিদ্যালয়ৰ 22 গৰাককৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ওলাইছিল ক’ভিড পজিটিভ ৷ ইয়াৰ পিছত শনিবাৰৰে পৰা অনুষ্ঠিত হ’ব লগীয়া ছমহীয়া পৰীক্ষা স্থগিত ৰখা হৈছে শিৱসাগৰৰ নামতি দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ত ৷ ২২ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৪ গৰাকীকৈ শিক্ষকৰ দেহত ক'ভিডৰ ভাইৰাছ ধৰা পৰাৰ পিছতে স্থগিত কৰা হৈছে ছমহীয়া পৰীক্ষা ৷ শিক্ষা বিভাগৰ তৰফৰ পৰা ৭ দিনৰ বাবে বন্ধ কৰিছে বিদ্যালয়খন । শনিবাৰৰে পৰা দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা আছিল বিদ্য৷লযখনত । ইতিমধ্যে অনিৰ্দিষ্ট কাললৈ পৰীক্ষা স্থগিত ৰাখিছে বিদ্যালয় কৰ্তৃপক্ষই ।

Suspected muder: ৰামচন্দ্ৰৰ মৃত্যুৱে লগাইছে তোলপাৰ

ধুবুৰীৰ মেজিষ্ট্ৰেট কলনিত চাঞ্চল্য ৷ পেট্ৰ’ল পাম্পত কৰ্মৰত কৰ্মচাৰীৰ ৰহস্যজনক মৃত্যু ৷ হত্যাৰ সন্দেহ পৰিয়ালৰ ৷ পৰিয়াল-পেট্ৰ’ল পাম্প কৰ্তৃপক্ষৰ বিপৰীতমুখী ভাষ্যই সৃষ্টি কৰিছে ৰহস্যৰ ৷

Illegal Timber Seized: আটক চাৰি কাঠ সৰবৰাহকাৰী

চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে বকলীয়াঘাট বন বিভাগে অভিযান অব্যাহত ৰাখিছে ৷ শুকুৰবাৰে সন্ধিয়া বন বিভাগৰ এটা দলে অভিযান চলাই এখন টাটা ম’বাইল বাহনৰ পৰা বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে চাৰিজন সৰবৰাহকাৰীক আটক কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.