ETV Bharat / state

New Covid SOP : গৰ্ভৱতী আৰু তিনিবছৰৰ তলৰ সন্তান থকা মহিলা কৰ্মচাৰীসকল যাব লাগিব কাৰ্যালয়লৈ

author img

By

Published : Nov 13, 2021, 3:10 PM IST

চৰকাৰী কার্যালয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত কার্যালয়সমূহৰ ক্ষেত্ৰত এই নতুন নিৰ্দেশনা প্ৰযোজ্য হ’ব ৷ প্ৰাপ্ত ছুটীত থকা মহিলা কর্মচাৰীসকলৰ বাহিৰে আন সকলো চৰকাৰী কর্মচাৰীকে কার্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

Women employees who are pregnant and have children under the age of three should go to the office accroding to new Sop of assam
New Covid SOP

গুৱাহাটী, ১৩ নৱেম্বৰ : তিনি বছৰৰ তলৰ সন্তান থকা মহিলা কর্মচাৰী আৰু গর্ভৱতী কর্মচাৰীসকল এতিয়াৰে পৰা পুনৰ কার্যালয়লৈ যাব লাগিব ৷ ক’ভিড মহামাৰীৰ বাবে এই কর্মচাৰীসকলক ৰেহাই দিয়াৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে ৰাজ্য চৰকাৰে ৷ চৰকাৰী কার্যালয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত কার্যালয়সমূহৰ ক্ষেত্ৰত এই নতুন নিৰ্দেশনা প্ৰযোজ্য হ’ব ৷ প্ৰাপ্ত ছুটীত থকা মহিলা কর্মচাৰীসকলৰ বাহিৰে আন সকলো চৰকাৰী কর্মচাৰীকে কার্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

লগতে চাওক: APDCL recruitment : অৱশেষত বাতিল হ'ল নিযুক্তি প্ৰক্ৰিয়া

ৰাজ্যৰ মুখ্য সচিবে জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, ৰাজ্যৰ সামগ্ৰিক ক’ভিড পৰিস্থিতি পর্যালোচনা কৰা হৈছে আৰু ক’ভিড পৰিস্থিতিৰ উন্নতি ঘটিছে ৷ তদুপৰি ৰাজ্যত ভেকচিন লোৱাৰ বাবে যোগ্য ব্যক্তিসকলৰ ৯৫ শতাংশই লাভ কৰিছে প্ৰথম পালি ভেকচিন ৷ ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰা লোকৰ সংখ্যাও ৩১ শতাংশলৈ বৃদ্ধি পাইছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Women employees who are pregnant and have children under the age of three should go to the office accroding to new Sop of assam
ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশ

উল্লেখ্য যে, ক’ভিডৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা দেশজোৰা লক ডাউনৰ অন্তত বিভিন্ন সেৱাৰ শিথিলতা প্ৰদান কৰা হৈছিল ৷ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত চৰকাৰী কর্মচাৰীসকলৰ ক্ষেত্ৰতো বিভিন্ন নিৰ্দেশনা প্ৰদান কৰা হৈছিল ৷ কিন্তু গর্ভৱতী কর্মচাৰী আৰু তিনি বছৰৰ তলৰ বয়সৰ সন্তান থকা মহিলা কর্মচাৰীসকলক কার্যালয়ত উপস্থিত থকাৰ পৰা ৰেহাই দিয়া হৈছিল ৷ তেওঁলোকক ঘৰৰ পৰাই কাম কৰিবলৈ অনুমতি প্ৰদান কৰিছিল চৰকাৰে ৷

কিন্তু অৱশেষত সেই শিথিলতা আঁতৰ কৰা হ'ল ৷ এতিয়াৰে পৰা গর্ভৱতী কর্মচাৰী আৰু তিনি বছৰৰ তলৰ বয়সৰ সন্তান থকা মহিলা কর্মচাৰীসকলো কাৰ্যালয়ত উপস্থিত থাকিব লাগিব ৷

লগতে চাওক: TET Teachar appoinment : কি পৰ্যায়ত বিটিআৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.