ETV Bharat / state

APDCL recruitment : অৱশেষত বাতিল হ'ল নিযুক্তি প্ৰক্ৰিয়া

author img

By

Published : Nov 13, 2021, 1:49 PM IST

APDCL recruitment
APDCL recruitment

অৱশেষত বাতিল কৰা হৈছে APDCL ৰ অফিচ কাম ফিল্ড এছিচটেণ্ট, সহায়িকা আৰু ড্ৰাইভাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া ৷ লগতে বাতিল কৰা হৈছে উপ মহা প্ৰৱন্ধক পদৰ নিযুক্তি প্ৰক্ৰিয়া ৷ প্ৰশাসনীয় কাৰণত এই নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে বুলি APDCL কৰ্তৃপক্ষই জাননীত উল্লেখ কৰিছে ৷

গুৱাহাটী, ১৩ নৱেম্বৰ : অৱশেষত APDCL ৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে ৷ বাতিল কৰা হৈছে অফিচ কাম ফিল্ড এছিচটেণ্ট, সহায়িকা আৰু ড্ৰাইভাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া ৷ লগতে বাতিল কৰা হৈছে উপ মহাপ্ৰৱন্ধক পদৰ নিযুক্তি প্ৰক্ৰিয়াও ৷ উল্লেখ্য যে, বিগত ২৭ আগষ্টত এই পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল ৷

এক জাননীযোগে এপিডিচিএল কৰ্তৃপক্ষই(APDCL authority) এই কথা জনাইছে ৷ প্ৰশাসনীয় কাৰণত এই নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে বুলি জাননীত উল্লেখ কৰা হৈছে ৷ ২০১৯ বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হৈছিল ১৮০০ ৰো অধিক অফিচ কাম ফিল্ড এছিচটেণ্ট পদৰ পৰীক্ষা ৷ তদুপৰি অনুষ্ঠিত হৈছিল বহুকেইটা সহায়ক আৰু ড্ৰাইভাৰ পদৰ পৰীক্ষাও ৷

The appointment process of APDCL was finally cancelled assam etv bharat news
APDCL কৰ্তৃপক্ষৰ জাননী জাৰি

কিন্তু পৰৱৰ্তী পৰ্যায়ত একাধিক বিতৰ্কত সোমাই পৰে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো ৷ আনকি পৰীক্ষাত উত্তীৰ্ণৰ নামত ধনৰ ব্যাপক লেনদেনৰ তথ্যও পোহৰলৈ আহিছিল ৷

এই সমগ্ৰ কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া বৰ্তমান চলাই আছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে (vigilance Team of CM) ৷ তদাৰকী কোষে এতিয়ালৈকে এপিডিচিএলৰ নিযুক্তি কেলেংকাৰী(Corruption in APDCL recruitment)ত জড়িত বহুকেইজন লোকক গ্ৰেপ্তাৰো কৰিছে ৷ এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ ঘোষণাও কৰিছিল ৷

তাৰেই পৰিপ্ৰেক্ষিতত অৱশেষত এপিডিচিএল কৰ্তৃপক্ষ(APDCL recruitment)ই উক্ত সকলো পদৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰে ৷ অৱশ্যে পুনৰ পৰীক্ষা কেতিয়া হ'ব, সেই কথা কৰ্তৃপক্ষই এতিয়াও নিশ্চিত কৰা নাই ৷

লগতে চাওক : Leader of Opposition: পুনৰ বিৰোধী দলপতিৰ পদ হেৰুৱাব নেকি দেৱব্ৰত শইকীয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.