ETV Bharat / state

Illegal Timber Seized: আটক চাৰি কাঠ সৰবৰাহকাৰী

author img

By

Published : Nov 13, 2021, 4:51 PM IST

চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে বকলীয়াঘাট বন বিভাগে অভিযান অব্যাহত ৰাখিছে ৷ শুকুৰবাৰে সন্ধিয়া বন বিভাগৰ এটা দলে অভিযান চলাই এখন টাটা ম’বাইল বাহনৰ পৰা বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে চাৰিজন সৰবৰাহকাৰীক আটক কৰে ৷

ILLIGAL TIMBER LOADED VEHICLE SEIZED AT BOKOLIAGHAT
বুজন পৰিমাণৰ চোৰাং কাঠসহ আটক চাৰি

ডিফু, ১৩ নৱেম্বৰ : বকলীয়াঘাটত বন বিভাগে শুকুৰবাৰে সন্ধিয়া অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় । বকলীয়াঘাটত বন বিভাগে শুকুৰবাৰে সন্ধিয়া বকলীয়াঘাট হৈ চোৰাং কাঠ বোজাই কৰা এখন টাটা ম’বাইল বাহন পাৰ হৈ যোৱাৰ তথ্য লাভ কৰে । উক্ত তথ্যৰ ভিত্তিত বন বিভাগৰ নৰ্দাৰ্ণ ৰেঞ্জৰ বকলীয়াঘাটস্থিত কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে চোৰাং কাঠৰ সন্ধানত অভিযান চলায় ।

ILLIGAL TIMBER LOADED VEHICLE SEIZED AT BOKOLIAGHAT
বুজন পৰিমাণৰ চোৰাং কাঠসহ আটক চাৰি

ইফালে, বন বিভাগৰ অভিযানৰ বিষয়ে জানিব পাৰি চোৰাং কাঠৰ সৰবৰাহকাৰী দলটোৱে ৰজাপথাৰ তিনিআলি পাৰ হৈ অন্য এক সুকীয়া পথেৰে হোজাই জিলাৰ চিতলমাৰী অভিমুখে পলায়নৰ চেষ্টা কৰে ৷ কিন্তু অভিযানকাৰী বনকৰ্মীৰ দলটোৱে তৎপৰতাৰে অভিযান চলাই এ এছ-০৯-চি-৪৩৯১ নম্বৰৰ টাটা ম’বাইল বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ।

ILLIGAL TIMBER LOADED VEHICLE SEIZED AT BOKOLIAGHAT
বুজন পৰিমাণৰ চোৰাং কাঠসহ আটক চাৰি

টাটা ম’বাইলখনৰ পৰা‌ বনকৰ্মীৰ দলটোৱে প্ৰায় ৬২ ডাল মূল্যবান কাঠৰ ফাণ্টা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা কাঠখিনিৰ আনুমানিক বজাৰ মূল্য অৰ্ধ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে । এই সন্দৰ্ভত বনকৰ্মীৰ দলটোৱে চোৰাং কাঠৰ সৰবৰাহৰ সৈতে জড়িত চাৰি দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হয় । ধৃত কাঠ সৰবৰাহকাৰী কেইটা ক্ৰমে প্ৰণৱ টেৰণ, বিষ্ণু গোৱালা, চাৰছিং টেৰণ আৰু জগু টেৰণ বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক : Robbery attempt foiled: হস্তনিৰ্মিত পিষ্টল সহ পাঁচজনীয়া ডকাইতৰ দল আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.