ETV Bharat / state

Robbery attempt foiled: হস্তনিৰ্মিত পিষ্টল সহ পাঁচজনীয়া ডকাইতৰ দল আটক

author img

By

Published : Nov 13, 2021, 10:32 AM IST

Updated : Nov 13, 2021, 1:09 PM IST

হয়বৰগাঁও আৰক্ষী(Haibargaon Police)য়ে শুকুৰবাৰে নিশা কৰায়ত্ত কৰে এটা পাঁচজনীয়া বৃহৎ ডকাইত(Gang of five robbers)ৰ দলক ৷ ডকাইতি কাৰ্যৰ পৰিকল্পনাৰে হেৰাপতিত বাহৰ পাতিছিল দলটোৱে ৷ দলটোৰ কবলৰ পৰা উদ্ধাৰ সজীৱ গুলীসহ হস্তনিৰ্মিত পিষ্টল ৷

হস্তনিৰ্মিত পিষ্টল সহ পাঁচজনীয়া ডকাইতৰ দল আটক
হস্তনিৰ্মিত পিষ্টল সহ পাঁচজনীয়া ডকাইতৰ দল আটক

নগাঁও, 13 নৱেম্বৰ : এক ভয়ংকৰ সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰিল নগাঁৱবাসী ৷ প্ৰায় 5 জনীয়া এটা বৃহৎ ডকাইতৰ দলে ডকাইতি কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰি থাকোতে কৰায়ত্ত হয় আৰক্ষীৰ হাতত ৷

ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ হেৰাপতি এলেকাত এটা পাঁচজনীয়া ডকাইতৰ দলে ডকাইতি কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যে বাহৰ পাতিছিল ৷ শুকুৰবাৰে নিশা হেৰাপতিৰ আইনুদ্দিন নামৰ ব্যক্তিগৰাকীৰ ঘৰত অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত এটা ডকাইতৰ দলে বাহৰ পতাৰ সম্ভেদ লাভ কৰিছিল আৰক্ষী(Haibargaon police)য়ে ৷

ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে হয়বৰগাঁও আৰক্ষী(Haibargaon police)ৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে এক বৃহৎ দল লগত লৈ আইনুদ্দিনৰ ঘৰত চলায় অভিযান ৷ এই অভিযানতে ব্যক্তিগৰাকীৰ বাসগৃহত চোপ লৈ থকা অৱস্থাত কৰায়ত্ত কৰে ডকাইতৰ দলটোক ৷ আটকাধীন পাঁচ ডকাইত(Gang of five robbers) ক্ৰমে আইনুদ্দিন, পশ্চিম চতিয়ানৰ ছমিৰ উদ্দিন, কাতিমাৰী গ্ৰাণ্টৰ আব্দুল জলিল, হেৰাপতিৰ মজিবুৰ ৰহমান আৰু ভকতগাঁৱৰ আব্দুল কাদিৰ বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

আৰক্ষীয়ে আটকাধীন ডকাইতৰ দলটোৰ পৰা 6 জাঁই সজীৱ গুলীৰ লগতে এটা হস্তনিৰ্মিত পিষ্টল জব্দ কৰে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে ডকাইতৰ দলটোৰ মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, হয়বৰগাঁও থানা(Haibargaon police)ত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে তৰংগ পাটোৱাৰীয়ে যোগদান কৰাৰ পিছতে এশৰো অধিক স্মাৰ্টফোন সহ বহিঃৰাজ্যৰ দুই চোৰক আটক কৰিছিল ৷ হয়বৰগাঁও আৰক্ষীৰ এই সফল অভিযানক স্থানীয় লোকে প্ৰশংসাৰে উপচাই তোলে ৷

লগতে চাওক: Nil-Abhi Murder : চূড়ান্ত ৰায়ৰ দিশে নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া

Last Updated : Nov 13, 2021, 1:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.