ETV Bharat / state

Suspected muder: ৰামচন্দ্ৰৰ মৃত্যুৱে লগাইছে তোলপাৰ

author img

By

Published : Nov 13, 2021, 4:33 PM IST

ধুবুৰীৰ মেজিষ্ট্ৰেট কলনিত চাঞ্চল্য ৷ পেট্ৰ’ল পাম্পত কৰ্মৰত কৰ্মচাৰীৰ ৰহস্যজনক মৃত্যু ৷ হত্যাৰ সন্দেহ পৰিয়ালৰ ৷ পৰিয়াল-পেট্ৰ’ল পাম্প কৰ্তৃপক্ষৰ বিপৰীতমুখী ভাষ্যই সৃষ্টি কৰিছে ৰহস্যৰ ৷

ৰামচন্দ্ৰৰ মৃত্যুৱে লগাইছে তোলপাৰ
ৰামচন্দ্ৰৰ মৃত্যুৱে লগাইছে তোলপাৰ

ধুবুৰী, 13 নৱেম্বৰ : শুকুৰবাৰে ধুবুৰীৰ মেজিষ্ট্ৰেট কলনিত হঠাৎ সৃষ্টি হয় হুৱা-দুৱা ৷ কলনীটোত বাস কৰা এগৰাকী ব্যক্তি আকস্মিকভাৱে নোহোৱা হোৱাক লৈ সৃষ্টি হয় এই হুলস্থূলৰ ৷ এম এছ নাথমল মহাবীৰ পাম্প নামৰ পেট্ৰ’ল পাম্পটোত কৰ্মৰত ৰামচন্দ্ৰ সাহা নামৰ ব্যক্তিগৰাকী হঠাতে শুকুৰবাৰে নিশাৰে পৰা সন্ধানহীন হৈ পৰে ৷

তাৰপিছতে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰাৰ পিছত শনিবাৰে পুৱা অসম হাউছিং ব’ৰ্ডৰ নিৰ্মীয়মান বিল্ডিঙত চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় হয় ব্যক্তিগৰাকীৰ মৃতদেহ ৷ স্থানীয় লোকে ৰামচন্দ্ৰৰ মৃতদেহটো দেখি পৰৱৰ্তী সময়ত খবৰ দিয়ে আৰক্ষীক ৷

পৰিয়ালৰ লোকৰ ভাষ্য

উক্ত ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় ধুবুৰী আৰক্ষীৰ লগতে দণ্ডাধীশ ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু কি কাৰণত ৰামচন্দ্ৰই আকস্মিকভাৱে এই চৰম পন্থা বাছি ল’লে, সেয়া ৰহস্যৰ আৱৰ্তত যদিও পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে ৷

ৰামচন্দ্ৰৰ মৃত্যুৰ পিছতে পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি, পেট্ৰ’ল পাম্পৰ মালিকপক্ষই বাকীত দিয়া তেলৰ প্ৰায় আঢ়ৈ লাখ টকা আদায় কৰিবলৈ কৰ্মচাৰীজনক হেঁচা প্ৰয়োগ কৰি আহিছিল ৷ আনকি টকাখিনি আদায় কৰি নিদিয়ালৈ ৰামচন্দ্ৰ সাহাৰ Voter ID কাৰ্ড, Pancard ৰ লগতে সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰি ৰাখে ৷ তাৰোপৰি বিভিন্ন সময়ত কৰ্মচাৰীগৰাকীক মালিক কৰ্তৃপক্ষই হত্যাৰ ভাবুকি প্ৰদান কৰি অহা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে ৷

দণ্ডাধীশৰ ভাষ্য

উল্লেখ্য যে, শুকুৰবাৰে নিশা নিজ দায়িত্ব পালন কৰি ঘৰলৈ ওভোতাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছিল ৰামচন্দ্ৰ ৷ অৱশেষত চীপ লোৱা অৱস্থাত কৰ্মচাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চল্যৰ ৷ পৰিয়ালৰ লোকে এই মৃত্যুৰ বাবে পেট্ৰ’ল পাম্প কৰ্তৃপক্ষক জগৰীয়া কৰাৰ বিপৰীতে পেট্ৰ’ল পাম্প কৰ্তৃপক্ষৰ ভাষ্যই নতুন মোৰ আনিছে ঘটনাটোত ৷

পেট্ৰ’ল পাম্প কৰ্তৃপক্ষৰ ভাষ্য

পেট্ৰ’ল পাম্প কৰ্তৃপক্ষৰ ভাষ্য অনুসৰি, পাৰিবাৰিক কন্দলৰ পৰিণতিতে ৰামচন্দ্ৰই বাছি লৈছে আত্মহত্যাৰ দৰে চৰম পথ ৷ অৱশ্যে আৰক্ষীয়েহে তদন্তৰ অন্তত প্ৰকাশ কৰিব পাৰিব কোন সঁচা, কোন মিছা ৷

লগতে চাওক: মণিপুৰত উগ্ৰপন্থীৰ ambush ত Assam Rifles ৰ বিষয়া সহ পৰিয়ালৰ লোক নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.