ETV Bharat / bharat

মণিপুৰত উগ্ৰপন্থীৰ ambush ত Assam Rifles ৰ বিষয়া সহ পৰিয়ালৰ লোক নিহত

author img

By

Published : Nov 13, 2021, 3:38 PM IST

Updated : Nov 13, 2021, 9:09 PM IST

শনিবাৰে মণিপুৰত অসম ৰাইফলছৰ এটা গোটৰ কমাণ্ডিং অফিচাৰ এজনৰ কনভয়ত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে ৷ এই আক্ৰমণত অসম ৰাইফলছৰ কমাণ্ডেণ্ট গৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্য সকল নিহত হয় ৷

assam-rifles-commandaning-officer-others-killed-in-ambush-in-manipur
মণিপুৰত উগ্ৰপন্থীৰ ambush ত Assam Rifles ৰ বিষয়া সহ পৰিয়ালৰ লোক নিহত

নেশ্বনেল ডেস্ক, 13 নবেম্বৰ : শনিবাৰে, মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত এজন অসম ৰাইফলছ কমাণ্ডেণ্ট আৰু তেওঁৰ পৰিয়ালৰ সদস্য নিহত হয় ৷ মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ সিংঘাট মহকুমাত শনিবাৰে অসম ৰাইফলছৰ এটা গোটৰ কমাণ্ডিং অফিচাৰৰ কনভয়ত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে বুলি সংবাদ মাধ্যমযোগে প্ৰকাশ পাইছে । জিলাখনৰ এছ চাইখোম গাঁৱত সংঘটিত এই ঘটনাত সন্দেহযুক্ত উগ্ৰপন্থীয়ে পাঁচজন সৈনিক আৰু দুজন নাগৰিকসহ কমেও সাতজন লোকক হত্যা কৰাৰ কথা জানিব পৰা গৈছে ।

  • Strongly condemn the cowardly attack on a convoy of 46 AR which has reportedly killed few personnel including the CO & his family at CCpur today. The State forces & Para military are already on their job to track down the militants. The perpetrators will be brought to justice.

    — N.Biren Singh (@NBirenSingh) November 13, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই সন্দৰ্ভত টুইট যোগে কয়, " ৪৬ এ আৰৰ কনভয়ত হোৱা আক্ৰমণ কাপুৰুষালি ৷ ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছো, য’ত আজি চিচিপুৰত চিঅ' আৰু তেওঁৰ পৰিয়ালকে ধৰি কেইবাগৰাকীও জোৱানক হত্যা কৰিছে বুলি জানিব পৰা গৈছে । ৰাজ্যখনৰ আৰক্ষী আৰু Para military ৰ বৃহৎ দলে ইতিমধ্যে উগ্ৰপন্থীক বিচাৰি আৰম্ভ কৰিছে অভিযান । অপৰাধীৰ বিৰুদ্ধে ন্যায়িক কাৰ্য চলোৱা হ'ব ।"

  • Strongly condemn the attack on the Assam Rifles convoy in Manipur. I pay homage to those soldiers and family members who have been martyred today. Their sacrifice will never be forgotten. My thoughts are with the bereaved families in this hour of sadness.

    — Narendra Modi (@narendramodi) November 13, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

জানিব পৰা মতে নিহত বিষয়াজনৰ পৰিয়ালৰ সদস্যসকলৰ লগতে এটা কুইক ৰিএকচন দলো কনভয়ত আছিল । সম্প্ৰতি এই ঘটনাৰ লগত জড়িত সকলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । ইতিমধ্যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰি ইয়াৰ বিৰুদ্ধে টুইট কৰিছে ৷

লগতে পঢ়ক : fight against colonial powers : কিদৰে চেন্নাম্মা আৰু আব্বাক্কাই ৰক্ষা কৰিছিল দেশ মাতৃক ?

Last Updated : Nov 13, 2021, 9:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.