১২ গৰাকী খেলুৱৈক দিয়া হ'ব Major Dhyan Chand Khel Ratna Award

author img

By

Published : Nov 13, 2021, 4:19 PM IST

Khel Ratna Award

ৰাষ্ট্ৰপতি ভৱনৰ এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিব বঁটাসমূহ । মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰ লগতে বিজয়ীসকলক প্ৰদান কৰা হ'ব অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, মৌলানা আবুল কালাম আজাদ ট্ৰফী আদি ।

স্পৰ্টছ ডেস্ক, ১৩ নৱেম্বৰ : ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President Ram Nath Kovind) শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত এক বিশেষ অনুষ্ঠানত প্ৰদান কৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২১ (National Sports Awards 2021) ৷ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ২ নৱেম্বৰত ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ঘোষণা কৰিছিল ৷ অনুষ্ঠানত নীৰজ চোপ্ৰা (এথলেটিকছ), ৰবি কুমাৰ (কুস্তি), লাভলীনা বৰগোহাঁই (বক্সিং), শ্ৰীজেশ পি আৰ (হকী), অৱনী লেখাৰা (পেৰা শ্বুটিং), সুমিত এণ্টিল (পেৰা-এথলেটিকছ), প্ৰমোদ ভগত (পেৰা বেডমিণ্টন), কৃষ্ণ নগৰ (পেৰা বেডমিণ্টন), মনীষ নৰৱাল (পেৰা শ্বুটিং), মিতালী ৰাজ (ক্ৰিকেট), সুনীল ছেত্ৰী (ফুটবল) আৰু মনপ্ৰীত সিঙক (হকী) মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা (Major Dhyan Chand Khel Ratna Award) প্ৰদান কৰা হ'ব ।

ইয়াৰোপৰি টকিঅ' ২০২০ অলিম্পিকত ঐতিহাসিক ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় পুৰুষৰ হকী দলৰ বাকী খেলুৱৈসকলক অৰ্জুন বঁটা (Arjun Award) প্ৰদান কৰা হ'ব । অৰ্জুন বঁটা গ্ৰহণ কৰিবলগীয়া খেলুৱৈসকল হৈছে অৰপিন্দৰ সিং (এথলেটিকছ), চিমৰণজিৎ কৌৰ (বক্সিং), শিখৰ ধাৱান (ক্ৰিকেট), চি এ ভৱানী দেৱী (ফেন্সিং), মনিকা (হকী), বন্দনা কাটাৰিয়া (হকী), সন্দীপ নৰৱাল (কাবাডী), হিমানী উত্তম পৰব (মালাখাম্ব), অভিষেক বাৰ্মা (শ্বুটিং), অংকিতা ৰাইনা (টেনিছ), দীপক পুনিয়া (কুস্তি), দিলপ্ৰীত সিং (হকী), হৰমন প্ৰীত সিং (হকী), ৰূপিন্দৰ পাল সিং (হকী), সুৰেন্দ্ৰ কুমাৰ (হকী), অমিত ৰোহিদাস (হকী), বীৰেন্দ্ৰ লাক্ৰা (হকী), সুমিত (হকী), নীলকান্ত শৰ্মা (হকী), হাৰ্দিক সিং (হকী), বিবেক সাগৰ প্ৰসাদ (হকী), গুৰজন্ত সিং (হকী), মনদীপ সিং (হকী), শমছেৰ সিং (হকী), ললিত কুমাৰ উপাধ্যায় (হকী), বৰুণ কুমাৰ (হকী), চিমৰণজিৎ সিং (হকী), যোগেশ কাথুনিয়া (পেৰা এথলেটিকছ) নিশাদ কুমাৰ (পেৰা এথলেটিকছ), প্ৰবীণ কুমাৰ (পেৰা এথলেটিকছ), সুহাশ যথিৰাজ (পেৰা বেডমিণ্টন) সিংৰাজ আধানা (পেৰা শ্বুটিং), ভবিনা পেটেল (পেৰা টেবল টেনিছ), হৰবিন্দৰ সিং (পেৰা আৰ্চাৰী) আৰু শৰদ কুমাৰ (পেৰা এথলেটিকছ)।

দ্ৰোণাচাৰ্য বঁটাও মুঠ ১০ গৰাকী প্ৰশিক্ষকক প্ৰদান কৰা হ'ব । লাইফ টাইম এছিভমেন্ট শাখাত (Dronacharya Award in the Life-Time Category) টি পি ওচেফ (এথলেটিকছ), চৰকাৰ তলৱাৰ (ক্ৰিকেট), সৰপাল সিং (হকী), অচন কুমাৰ (কাবাডী) আৰু তপন কুমাৰ পানীগ্ৰাহীক (সাঁতোৰ) এই সন্মান প্ৰদান কৰা হ'ব । নিয়মীয়া দ্ৰোণাচাৰ্য শ্ৰেণীৰ (Dronacharya Award) বিজয়ীসকল হৈছে ৰাধাকৃষ্ণণ নায়াৰ পি (এথলেটিকছ), সন্ধ্যা গুৰুং (বক্সিং), প্ৰীতম চিৱাচ (হকী), জয় প্ৰকাশ নৌটিয়াল (পেৰা শ্বুটিং) আৰু সুব্ৰমনিয়াম ৰমন (টেবুল টেনিছ)।

জীৱনজোৰা কৃতিত্বৰ বাবে ধ্যান চান্দ বঁটা (Dhyan Chand Award for Lifetime achievement) প্ৰদান কৰা হ'ব সজ্জন সিং (কুস্তি), প্ৰাক্তন বিশ্ব আৰু এছিয়ান চেম্পিয়ন বক্সাৰ লেখা কে.চি, অভিজিত কুন্তে (দবা), দাবিন্দৰ সিং গাৰ্চা (হকী) আৰু বিকাশ কুমাৰ (কাবাডী) । ইয়াৰোপৰি চণ্ডিগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ক দিয়া হ'ব মৌলানা আবুল কালাম আজাদ (MAKA) ট্ৰফী

লগতে পঢ়ক :নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়সহ জয়পুৰত উপস্থিত ভাৰতীয় টি-২০ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.