ETV Bharat / state

Encounter at Goalpara : কৃষ্ণাইৰ পেটকাটাত আৰক্ষী-অপহৰণকাৰীৰ মাজত গুলীয়াগুলি

author img

By

Published : Nov 13, 2021, 3:27 PM IST

গোৱালপাৰা(Goalpara district) কৃষ্ণাইৰ পেটকাটাত গুলীয়াগুলি(Encounter)ৰ ঘটনা সংঘটিত ৷ আৰক্ষী আৰু অপহৰণকাৰীৰ মাজত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷

Encounter at Goalpara
Encounter at Goalpara

গোৱালপাৰা, 13 নৱেম্বৰ : কিছুদিন পূৰ্বে গোৱালপাৰাৰ কৃষ্ণাইৰ পৰা এগৰাকী ব্যৱসায়ীক অপহৰণ(Kidnapped of a businessman) কৰিছিল দুৰ্বৃত্তৰ এটা দলে ৷ ৰবিউল আলম(Rabiul Alom) নামৰ ব্যৱসায়ীগৰাকীৰ পৰিয়ালে সেই সংক্ৰান্তত স্থানীয় আৰক্ষী থানাত ৰুজু কৰিছিল গোচৰ ৷ পৰৱৰ্তী সময়ত ব্যৱসায়ীগৰাকীৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ৷

শুকুৰবাৰে নিশা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ব্যৱসায়ীগৰাকীৰ সন্ধানত চলাইছিল অভিযান ৷ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে কৃষ্ণাইৰ সমীপৱৰ্তী কেইবাখনো গাঁৱত অভিযান চলায় ৷

ইয়াৰ পূৰ্বে লক্ষীপুৰৰ অপহৃত ব্যৱসায়ীগৰাকীক অপহৰণকাৰীয়ে পেটকটা অঞ্চলত লুকুৱাই থোৱাৰ তথ্য লাভ কৰে ৷ এই অভিযানৰ সময়তে অপহৰণকাৰীৰ দলটোৰ সৈতে মুখামুখি হয় আৰক্ষী ৷ আৰক্ষীক দেখি দলটোৱে পলায়নৰ যো-জা চলায় যদিও আৰক্ষীয়ে উক্ত স্থানতে ৰ’বলৈ নিৰ্দেশ প্ৰদান কৰে ৷

কিন্তু অপহৰণকাৰীৰ দলটোৱে আৰক্ষীৰ এই নিৰ্দেশক কেৰেপ নকৰি গুলীবৰ্ষণ(Encounter) কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও অপহৰণকাৰীক উদ্দেশ্যি গুলী চলায় ৷ এই সংঘৰ্ষত কোনো লোক আহত হোৱা নাই যদিও এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অপহৰণকাৰীৰ দলটো ৷ অৱশ্যে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত জড়িত থকাৰ সন্দেহত পেটকটা গাঁৱৰ পৰা আটক কৰে চাৰিজনকৈ লোকক ৷

আৰক্ষীয়ে ব্যৱসায়ী গৰাকীৰ সন্ধানত অব্যাহত ৰাখিছে তদন্ত(Investigation) ৷ তদুপৰি তদন্তৰ খাতিৰতে সংবাদ মাধ্যমৰ আগত কোনো কথা প্ৰকাশ কৰা নাই ৷ এই গুলীয়াগুলিৰ ঘটনাই সমগ্ৰ গোৱালপাৰাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে চাওক: Covid 19 vaccination drive : ৰাজ্যৰ আঠ লক্ষাধিক লোকে সময় উকলি যোৱাৰ পাছতো লোৱা নাই দ্বিতীয় পালি ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.