ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 31, 2022, 1:16 PM IST

TOP 10 AT 1 PM
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Annual Conference of Moi Axomiya: যোৰহাটত 'মই অসমীয়া' গোটৰ বাৰ্ষিক অধিৱেশন

যোৰহাটত অনুষ্ঠিত হৈ যায় সামাজিক মাধ্যমৰ জনপ্ৰিয় গোট 'মই অসমীয়া' ৰ বাৰ্ষিক অধিৱেশন (Annual Conference of Moi Axomiya group)। শুকুৰবাৰে যোৰহাটৰ অসম সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰা এই অনুষ্ঠানত উন্মোচন কৰা হয় দুগৰাকী কবিৰ দুখনকৈ কবিতা পুথি(Poetry book of several poets released in Jorhat) ।

IPS Sujoy Lal Thaosen : SSBৰ অতিৰিক্ত সঞ্চালক প্ৰধান পদত অসম সন্তান সুজয় লাল থাউচেন

সীমা সুৰক্ষা বলৰ অতিৰিক্ত সঞ্চালক প্ৰধানৰ পদত অধিস্থিত হ’ল অসম সন্তান সুজয় লাল থাউচেন ৷ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰধান হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে সুজয় লাল থাউচেনে (IPS Sujoy Lal Thaosen)৷

CPI M Press meet : নৱবৰ্ষৰ আৰম্ভনিতেই বৰপেটাত হ’ব চি পি আই (এম)ৰ বিশাল জনসমাৱেশ

বৰপেটাত ৩ জানুৱাৰীত চি পি আই (এম)ৰ বিশাল জনসমাৱেশ ৷ সাৰৰ ক’লা বজাৰ বন্ধ কৰা আৰু ম্যাদী পট্টা নথকা কৃষককো ধান ক্ৰয়ৰ ক্ষেত্ৰত সকাহ প্ৰদানৰ দাবী জনায় চিপিআইএমে (CPI M Press meet in Barpeta)৷

Constituency delimitation : জনজাতিৰ বাবে সংৰক্ষিত আসন বিলোপ কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ এবছুৰ

অসমত সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে (Controversy over constituency delimitation)। কোকৰাঝাৰ লোকসভা সমষ্টি অসংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ দিয়া হৈছে । ইয়াক লৈ অসন্তুষ্ট নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱ । ৰাজ্যজুৰি তীব্ৰ আন্দোলনৰ হুংকাৰ সংগঠনটোৰ ।

Behali Reserve Forest: বিহালী সংৰক্ষিত বনাঞ্চলত বনজ সম্পদ লুণ্ঠনৰ লগতে বেদখলৰ অভিযোগ

উত্তৰ অসমৰ অন্যতম চিৰসেউজ বনাঞ্চল বিহালী সংৰক্ষিত বনাঞ্চলত দিনে নিশাই চলিছে বনজ সম্পদ লুণ্ঠনৰ এক অঘোষিত প্ৰতিযোগিতা(Loot of forest resources in Behali Reserve Forest) ৷ দুস্কৃতিকাৰীয়ে বনাঞ্চলখনৰ ভিতৰৰ অতি মূল্যবান গছ-গছনি এফালৰ পৰা কাটি তহিলং কৰাৰ লগতে চলাই গৈছে কাঠৰ চোৰাং ব্যৱসায়(Smuggling timber by cutting down valuable trees) ৷ ৰাজ্যৰ বাদেই, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দুস্কৃতিকাৰীয়েও বনাঞ্চলখনৰ ভিতৰত প্ৰৱেশ কৰি গছ-গছনি, হাবি-জংঘল কাটি অবৈধভাৱে দখলৰ চেষ্টা চলোৱাৰ তথ্যও পোহৰলৈ আহিছে ৷ ইমানৰ পাছতো ৰাজ্যৰ বন বিভাগ কূম্ভকৰ্ণৰ নিদ্ৰাত থকা বুলি অভিযোগ তুলিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় লোকসকলে ৷

Cristiano Ronaldo signs with Al Nassr : চৌদি আৰৱৰ আল নাছৰৰ হৈ খেলিব ৰোনাল্ডো

বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী ফুটবলখেলুৱৈ হিচাপে পৰিগণিত হ'ল ক্ৰিষ্টিয়ানো ৰোনাল্ডো । চৌদি আৰৱৰ এটা ফুটবল ক্লাব আল-নাছৰৰ সৈতে দুবছৰীয়া চুক্তি সম্পন্ন কৰিছে তাৰকা খেলুৱৈগৰাকীয়ে (Cristiano Ronaldo signs with Al Nassr)। খেলুৱৈগৰাকীয়ে বছৰি ৭৫ নিযুত ডলাৰ লাভ কৰিব ।

Accident in Gujarat : গুজৰাটত শোকাৱহ দুৰ্ঘটনা, ৯ গৰাকী লোকৰ মৃত্যু

গুজৰাটৰ নৱসাৰী জিলাত এখন যাত্ৰীবাহী বাছ আৰু চাৰিচকীয়া বিলাসী বাহনৰ মুখামুখি সংঘৰ্ষ (SUV rammed into a luxury bus in Navsari)। দুৰ্ঘটনাটোত ৯ গৰাকী লোকৰ মৃত্যু । ৩০ জনৰো অধিক লোক আহত হয় । বাছখনৰ চালকজন হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ ।

Rishabh Pant Accident: ঋষভ পণ্টক বিমানেৰে দিল্লীলৈ নিয়াৰ সম্ভাৱনা

আঘাতপ্ৰাপ্ত ক্ৰিকেটাৰজনক প্লাষ্টিক ছাৰ্জাৰীৰ বাবে দিল্লীলৈ স্থানান্তৰ কৰা হ'ব পাৰে । দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাৰ সঞ্চালক শ্যাম শৰ্মাই এই কথা প্ৰকাশ কৰিছে (Rishabh Pant Accident) ।

2022 Assamese Movies: 2022 বৰ্ষত মুক্তি লাভ কৰা বহুল চৰ্চিত কেইখনমান অসমীয়া ছবি

2022 বৰ্ষটো আহি আহি অন্তিম ক্ষণত উপস্থিত হৈছেহি ৷ উভতি চালে আমি দেখা পাওঁ এই বছৰটোত সৰু-বৰ কেইবাখনো অসমীয়া ছবিয়ে অসমীয়া চিনেমাৰ ভঁৰালটো চহকী কৰি তুলিলে (Assamese movies released in 2022) ৷ ৰাইজৰ মাজতো দেখা পোৱা গ’ল অসমীয়া ছবিক লৈ পূৰ্বৰ উছাহ ৷ মৰহি যাব ধৰা চলচ্চিত্ৰ উদ্যোগটো পুনৰ ঠন ধৰি উঠিল যেন অনুমান হয় চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ প্ৰেমীৰ সহযোগত ৷ এই বিশেষ লেখাটিত আপোনালোকলৈ আগবঢ়াইছো বছৰটোত মুক্তি লাভ কৰা কেইখনমান অসমীয়া ছবিৰ বিষয়ে-

Police Firing in Nagaon: নগাঁও আৰক্ষীৰ গুলীত আহত তেল চোৰ

নগাঁও আৰক্ষীয়ে উৎখাত কৰিছে বৃহৎ তেল চুৰি চক্ৰ (Nagaon police bust massive oil pilferage racket)। তেল চুৰি চক্ৰৰ লগত জড়িত থকা ১০ জন লোকক আটক কৰিছে আৰক্ষীয়ে । নিশা তেল চুৰিৰ অভিযোগত আটক হোৱা অভিযুক্ত ইমাদাদে পলায়ন কৰিব চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত আহত হয় ধৃত ইমদাদ (Oil thief wounded in Police Firing in Nagaon) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.