ETV Bharat / state

CPI M Press meet : নৱবৰ্ষৰ আৰম্ভনিতেই বৰপেটাত হ’ব চি পি আই (এম)ৰ বিশাল জনসমাৱেশ

author img

By

Published : Dec 31, 2022, 10:27 AM IST

বৰপেটাত ৩ জানুৱাৰীত চি পি আই (এম)ৰ বিশাল জনসমাৱেশ ৷ সাৰৰ ক’লা বজাৰ বন্ধ কৰা আৰু ম্যাদী পট্টা নথকা কৃষককো ধান ক্ৰয়ৰ ক্ষেত্ৰত সকাহ প্ৰদানৰ দাবী জনায় চিপিআইএমে (CPI M Press meet in Barpeta)৷

CPI M Press meet
বেদখল হোৱা নাই ১ বিঘাও সত্ৰৰ ভূমি

বেদখল হোৱা নাই ১ বিঘাও সত্ৰৰ ভূমি

বৰপেটা, ৩০ ডিচেম্বৰ: বৰপেটাত ১ বিঘা সত্ৰৰ ভূমিতো হোৱা নাই বেদখল - এই দাবী কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সবাদী) বৰপেটা শাখাৰ ৷ শুক্ৰবাৰে এক সংবাদ মেলযোগে এই বক্তব্য আগবঢ়ায় চিপিআই(এম)ৰ বৰপেটা শাখাই (CPI M Press meet ) ৷ বিশেষকৈ ৰাজ্য চৰকাৰ তথা সত্ৰ আয়োগে ৰাজ্যখনত সত্ৰৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখল হৈ থকা বুলি দাবী কৰি আহিছে যদিও বিধানসভাত দাখিল কৰা তথ্যই ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবিখনহে উন্মোচিত কৰি তুলিছে বুলি উল্লেখ কৰে শাখাই (CPI M Press meet in Barpeta)৷ বিশেষকৈ ৰাজ্যখনত মাথো ৩৩৩ বিঘা সত্ৰৰ ভূমিহে বেদখলৰ কৱলত থকা বুলি বিধানসভাত মন্ত্ৰীয়ে দাঙি ধৰা তথ্যৰ ভিত্তিত সংবাদমেলখনত শাখাই ওপৰৰ কথাখিনি উল্লেখ কৰে ৷ আনকি বিধানসভাত দাখিল কৰা তথ্য অনুসৰি, বৰপেটাৰ ১ বিঘাও সত্ৰৰ ভূমিত বেদখল চলা নাই বুলি সংবাদমেলখনত দাবী কৰে চিপিআইএমে ৷

চিপিআইএমে সংবাদমেলখনত ৰাজ্যৰ কৃষক শ্ৰেণীয়ে সন্মুখীন হোৱা অনেক সমস্যাৰ কথা উল্লেখ কৰি বিশেষকৈ কৃষকে ভোগ দখল কৰি থকা মাটিৰ পট্টা আৰু বসুন্ধৰা ২.০ আঁচনি ৰূপায়ণৰ সময়ত দুৰ্নীতি সংঘটিত হোৱা বুলি দলে দাবী কৰে ৷ যোগ্যজনক মাটিৰ পট্টা লাভৰ পৰা বঞ্চিত কৰাৰ কথাও উল্লেখ কৰে সংবাদ মেলখনত । ইপিনে ম্যাদী পট্টা নথকা কৃষকৰ ধান ক্ৰয়ৰ ক্ষেত্ৰত কৃষকে ভোগ কৰি অহা সমস্যা সমাধানৰো দাবী তোলে চিপিআই (এম) য়ে ৷ এইক্ষেত্ৰত সাৰৰ ক'লা বজাৰ বন্ধ কৰি ৰাজসাহায্যযুক্ত সাৰৰ যোগান নিশ্চিত কৰা, ব্ৰহ্মপুত্ৰ, বেঁকী, মানাহ আৰু উপনৈসমূহৰ খহনীয়া আৰু বানপানী সমস্যাৰ স্থায়ী সমাধান কৰা আৰু খহনীয়াত সৰ্বস্বান্ত হোৱাসকলক পুনৰ সংস্থাপনৰ দাবী তোলে চিপিআই (এম) য়ে ৷

বেদখলৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় চিপিআই(এম)ৰ বৰপেটা শাখাই সংবাদ মেলখনত উল্লেখ কৰে ৷ চৰকাৰৰ জনসাধাৰণ বিৰোধী কাৰ্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ সংবাদমেলযোগে দাবী জনায় ৷ ৰাজ্যখনত খাদ্য সামগ্ৰীকে ধৰি পেট্ৰ’ল-ডিজেল-ৰন্ধন গেছসহ নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি আৰু ধৰ্মীয় মেৰু বিভাজনৰ লক্ষ্যৰে চৰকাৰে চলাই থকা কাম কাজৰ বিৰুদ্ধে ৩ জানুৱাৰীত বৰপেটাত চি পি আই এমে অনুষ্ঠিত কৰিব বিশাল জনসমাৱেশ (CPI M will hold a rally in Barpeta) ৷

দীৰ্ঘদিন ধৰি খালী হৈ থকা পদসমূহ পূৰণ কৰা, যধে-মধে শ্ৰমিক ছাটাইৰ দ্বাৰা কৰ্মৰ সংকোচন ঘটোৱা বন্ধ কৰা, ৰাজহুৱা শিক্ষা, স্বাস্থ্যসেৱা আদি সংকোচন নীতিৰ বিৰুদ্ধে ৩ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া জন সমাৱেশত বিধায়ক মনোৰঞ্জন তালুকদাৰ (MLA Monoranআৰু চিপিআইএম নেতা সুপ্ৰকাশ তালুকদাৰে অংশ ল’ব বুলি জানিবলৈ দিছে (CPI M masive rally on 3 January in Barpeta)৷

চিপিআইএমৰ বৰপেটা জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলখনত চিপিআইএম নেতা পিয়াৰুল ইছলাম, তাৰিক ভূঞা, আজিজুল ৰহমান আৰু স্বৰ্ণলতা দাসে অংশগ্ৰহণ কৰে ৷ সংবাদমেলখনত বৰপেটাৰ লগতে ৰাজ্যখনৰ য’তে-ত’তে চৰকাৰ-প্ৰশাসনে চলায় অহা উচ্ছেদ কাৰ্যৰ বিৰোধিতা কৰি এনে কাৰ্যৰ বিৰুদ্ধেও দলটোৰ কৰ্মকৰ্তাসকলে মন্তব্য কৰে ৷

লগতে বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অনুষ্ঠিত হবলগীয়া জন সমাবেশত ৰাইজৰ উপস্থিতি কামনা কৰিছে চিপিআইএমৰ নেতা সকলে ৷

লগতে পঢ়ক: Cabinet Meeting in Delhi: হঠাৎ অসমৰ সকলো মন্ত্ৰীকে দিল্লীলৈ তলৱ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.