ETV Bharat / bharat

Accident in Gujarat : গুজৰাটত শোকাৱহ দুৰ্ঘটনা, ৯ গৰাকী লোকৰ মৃত্যু

author img

By

Published : Dec 31, 2022, 11:34 AM IST

Accident in Gujarat
গুজৰাটত শোকাৱহ দুৰ্ঘটনা

গুজৰাটৰ নৱসাৰী জিলাত এখন যাত্ৰীবাহী বাছ আৰু চাৰিচকীয়া বিলাসী বাহনৰ মুখামুখি সংঘৰ্ষ (SUV rammed into a luxury bus in Navsari)। দুৰ্ঘটনাটোত ৯ গৰাকী লোকৰ মৃত্যু । ৩০ জনৰো অধিক লোক আহত হয় । বাছখনৰ চালকজন হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ ।

নেশ্যনেল ডেস্ক,৩১ ডিচেম্বৰ : গুজৰাটত শোকাৱহ পথ দুৰ্ঘটনা (Gujarat accident)। শনিবাৰে পুৱতি নিশা নৱসাৰী জিলাৰ ভেচমা গাঁৱৰ সমীপত এখন যাত্ৰীবাহী বাছ আৰু এখন চাৰিচকীয়া বিলাসী বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত ৯ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে (9 killed in Gujarat accident)। দুৰ্ঘটনাটোত ৩০ জনৰো অধিক লোক আহত হয় । আহতসকলক নৱসাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে দেশৰ ভিন্ন প্ৰান্তত শেহতীয়াকৈ প্ৰচণ্ড শীত আৰু ডাঠ কুঁৱলীৰ বাবে বহু পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে । শুকুৰবাৰে ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্ট দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে এইবাৰ গুজৰাটৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথতো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে (Rishabh Pant car accident)। দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বিলাসী বাহনখনত থকা ৮ গৰাকীকৈ লোকৰ থিতাতে মৃত্যু হয় । বাছখনৰ চালকজনৰো মৃত্যু হয় ।

জানিব পৰা মতে বাছ চালকজন হৃদৰোগত আক্ৰান্ত হৈছিল । যাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি একাংশ লোকে দাবী কৰিছে । চালকজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ মৃত্যু হয় ।

আনহাতে দুৰ্ঘটনাটোৰ সময়ত দ্ৰুতবেগী বিলাসী বাহনখনে ডিভাইডাৰত খুন্দা মাৰি বিপৰীত দিশৰ পথত পৰিছিল । দুৰ্ঘটনাটোত বাহনখনৰ ভিতৰত থকা ৮ জনকৈ যুৱকৰ ঘটনাস্থলীতে মৃত্যু হয় । প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে বিলাসী বাহনখনত থকা যুৱকসকল ভাৰুচৰ বাসিন্দা আছিল । আনহাতে বাহনখনত থকা এজন লোক গুৰুতৰভাৱে আহত হয় আৰু তেওঁক চুৰাটৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

জানিব পৰা মতে যাত্ৰীবাহী বাছখন চুৰাটৰ পৰা ভালচাদলৈ গৈ আছিল । বাছখনৰ ৩০ গৰাকী যাত্ৰীও আঘাতপ্ৰাপ্ত হয় (30 injured in Gujarat accident)। আঘাতপ্ৰাপ্ত যাত্ৰীসকলক ততাতৈয়াকৈ নৱসাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে (Tragic accident in Gujarat)।

আহতসকলৰ ১১ গৰাকী যাত্ৰীৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে । গুৰুতৰভাৱে আহত লোকসকলক নৱসাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । জানিব পৰা মতে বাছখনৰ যাত্ৰীসকল ভালচাদৰ কোলাক গাঁৱৰ বাসিন্দা । যাত্ৰীসকলৰ ভিতৰত আছিল এখন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী । শিক্ষাৰ্থীসকলে আহমেদাবাদৰ প্ৰমুখ স্বামী নগৰ দৰ্শনৰ বাবে গৈছিল ।

ঘটনাটোৰ পাছতে, জিলা আৰক্ষী অধীক্ষক, জিলা অতিৰিক্ত উপায়ুক্তকে ধৰি শীৰ্ষ বিষয়াসকল ঘটনাস্থলী উপস্থিত হয় । দুৰ্ঘটনাটো সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্তও আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Patna Boat capsized: গংগাৰ বুকুত ডুবিল যাত্ৰীসহ নাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.