ETV Bharat / state

Police Firing in Nagaon: নগাঁও আৰক্ষীৰ গুলীত আহত তেল চোৰ

author img

By

Published : Dec 31, 2022, 11:54 AM IST

Updated : Dec 31, 2022, 12:46 PM IST

নগাঁও আৰক্ষীয়ে উৎখাত কৰিছে বৃহৎ তেল চুৰি চক্ৰ (Nagaon police bust massive oil pilferage racket)। তেল চুৰি চক্ৰৰ লগত জড়িত থকা ১০ জন লোকক আটক কৰিছে আৰক্ষীয়ে । নিশা তেল চুৰিৰ অভিযোগত আটক হোৱা অভিযুক্ত ইমাদাদে পলায়ন কৰিব চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত আহত হয় ধৃত ইমদাদ (Oil thief wounded in Police Firing in Nagaon) ৷

Oil thief injured in Nagaon police firing
নগাঁও আৰক্ষীৰ গুলীচালনা

নগাঁও আৰক্ষীৰ গুলীচালনা

নগাঁও, 31 ডিচেম্বৰ: ৰাজ্যৰ চুকে-কোণে বৃদ্ধি পাইছে তেল চুৰি চক্ৰৰ এটা বৃহৎ দল ৷ সেয়েহে তেল চোৰৰ এই চক্ৰক আটক কৰিবলৈ অসম আৰক্ষীয়েও তীব্ৰতৰ অভিযান আৰম্ভ কৰিছিল ৷ শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছে বৃহৎ সাফল্য (Nagaon police bust massive oil pilferage racket) ৷ নগাঁও আৰক্ষীয়ে অভিযান চলাই বিভিন্ন জিলাৰ পৰা শুকুৰবাৰে আটক কৰিছে তেল চুৰি চক্ৰৰ লগত জড়িত থকা ১০ জন লোকক (Oil thieves arrested in Nagaon)।

নগাঁও, বৰপেটা, মেঘালয়, গোলাঘাট আৰু গুৱাহাটীৰ পৰা আটক কৰিছে লোক কেইজনক । দীৰ্ঘদিন ধৰি নগাঁৱত থকা তেলৰ পাইপৰ পৰা তেল চুৰি কৰি মেঘালয়ত বিক্ৰী কৰি আহিছিল এই চক্ৰটোৱে । এই বিষয়ে খবৰ লাভ কৰিছিল নগাঁও আৰক্ষীয়ে (Nagaon Police Raid Against oil racket) ৷ তাৰ পিছতেই নগাঁও আৰক্ষীয়ে এই চক্ৰটোৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অভিযান ৷

নগাঁৱৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত তেল চোৰৰ বিৰুদ্ধে চলিছিল অভিযান । অভিযান চলাই আৰক্ষীয়ে তেল চুৰি চক্ৰটোৰ পৰা AS-01-LC-3024 আৰু NL-02-L-3293 নম্বৰৰ দুখন তেলৰ টেংকাৰ জব্দ কৰে । লগতে গ্ৰেপ্তাৰ কৰে তেল চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড ইমাদাদ আলিক ৷ তেল চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড ইমাদাদ আলি গোলাঘাট জিলাৰ মেৰাপানীৰ বুলি জানিব পৰা গৈছে (Oil thief arrested from Golaghat) ।

লগতে পঢ়ক: GMC Order on motorized rickshaw: গুৱাহাটীত মটৰ চালিত ৰিক্সা বন্ধৰ নিৰ্দেশৰ পিছতে চিন্তিত হৈ পৰিছে চালকসকল

ইতিমধ্যে আৰক্ষীয়ে তেল চুৰি চক্ৰটোৰ বিৰুদ্ধে C/N= 1392/22 U/S= 379 IPC R/W sec= 25 petroleum act ৰ অধীনত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত । ইপিনে শুকুৰবাৰে নিশা আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ইমদাদ আলী ৷ পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত আহত হয় দুধৰ্ষ তেলচোৰ ইমদাদ আলী (Oil thief wounded in Police Firing) । গোলাঘাট মেৰাপানীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইমদাদক ।

অসমৰ বহু স্থানত তেলচুৰিৰ সৈতে জড়িত আছিল ইমদাদ আলী । নিশা উৰিয়াগাঁৱত আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল ইমদাদে । ভৰিত গুলীবিদ্ধ ইমদাদক নিশাই প্ৰেৰণ কৰা হয় জিএমচিএইচলৈ ৷

লগতে পঢ়ক:বৰডুবিৰ বৰুৱাহোলাত বাহনসহ জব্দ বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট তেল

Last Updated :Dec 31, 2022, 12:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.