ETV Bharat / entertainment

2022 Assamese Movies: 2022 বৰ্ষত মুক্তি লাভ কৰা বহুল চৰ্চিত কেইখনমান অসমীয়া ছবি

author img

By

Published : Dec 31, 2022, 8:35 AM IST

2022 বৰ্ষটো আহি আহি অন্তিম ক্ষণত উপস্থিত হৈছেহি ৷ উভতি চালে আমি দেখা পাওঁ এই বছৰটোত সৰু-বৰ কেইবাখনো অসমীয়া ছবিয়ে অসমীয়া চিনেমাৰ ভঁৰালটো চহকী কৰি তুলিলে (Assamese movies released in 2022) ৷ ৰাইজৰ মাজতো দেখা পোৱা গ’ল অসমীয়া ছবিক লৈ পূৰ্বৰ উছাহ ৷ মৰহি যাব ধৰা চলচ্চিত্ৰ উদ্যোগটো পুনৰ ঠন ধৰি উঠিল যেন অনুমান হয় চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ প্ৰেমীৰ সহযোগত ৷ এই বিশেষ লেখাটিত আপোনালোকলৈ আগবঢ়াইছো বছৰটোত মুক্তি লাভ কৰা কেইখনমান অসমীয়া ছবিৰ বিষয়ে-

assamese movies released in 2022
2022 বৰ্ষৰ কেইখনমান অসমীয়া ছবি

চিটাৰা ডেস্ক, 26 ডিচেম্বৰ : ক’ৰণা মহামাৰীৰ বাবে সমগ্ৰ বিশ্বতে হোৱা ল’কডাউন তথা সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ অন্ত পৰাৰ পিছতে ৰাজ্যত বহুকেইখন অসমীয়া চিনেমাই মুক্তি লাভ কৰিলে ৷ ক‘ভিডৰ কালচোৱাত স্তব্ধ হৈ পৰা অসমীয়া ছবি উদ্যোগটোৰ সন্দৰ্ভত চৰ্চা চলাৰ লগতে চলচ্চিত্ৰ সমাজৰ প্ৰতিগৰাকী শিল্পী- কলা কুশলী ব্যস্ত হৈ পৰিছিল উদ্যোগটোক পুনৰ উজ্জিৱীত কৰি তোলাৰ বাবে ৷ পূৰ্বৰ দিন সমূহত অসংখ্য হিট ছবিৰ নামেৰে ভৰি থকা অসমীয়া ছবিৰ তালিকাখনত যেন বহু সময় ধৰি অন্তৰ্ভুক্ত হোৱা নাছিল ছবিৰ নাম ৷ অভিনেতা-অভিনেত্ৰী, কলা-কুশলী, নিৰ্মাতাৰে দপদপাই থকা অসমখনত ক’ভিড পৰিস্থিতিৰ বাবে স্তব্ধ হৈ পৰিছিল লাহে লাহে গতিশীল হোৱা অসমৰ চিনেমা উদ্যোগটো ৷

ইয়াৰ মাজতে যি দুই এখন ছবি নিৰ্মাণ হৈছিল সেয়াও উন্নত মানৰ টেকন’লজী, কাৰিকৰী দিশত থকা দুৰ্বলতা আদিৰ অভাৱৰ বাবেও হয়তো দৰ্শকে পিছ পিচ হুহকিছিল অসমীয়া ছবি চোৱাৰ ক্ষেত্ৰত ৷ অৱশ্যে ইয়াৰ মাজতে দুই-এক প্ৰযোজক পৰিচালকে সাহস কৰি ছবি নিৰ্মাণ কৰিছিল যদিও চলা নাছিল সেইসমূহ ছবি ৷ ছবিগৃহলৈ দৰ্শকক আকৰ্ষণ কৰিব পৰাটোৱেই আছিল এটা ডাঙৰ প্ৰত্যাহ্বান ৷ কিন্তু 2022 বৰ্ষত বহুতো সাল সলনি ঘটা দেখিবলৈ পোৱা গ’ল ৷ বহু চিত্ৰ নিৰ্মাতা সাহসেৰে আগবাঢ়ি আহিল মৰি-পৰি যাবলৈ ধৰা উদ্যোগটো বচাবলৈ ৷ দৰ্শকে আমোদ লাভ কৰিব পৰা নিত্য-নতুন কাহিনীৰে তেওঁলোক আগবাঢ়ি আহিল ৷ ক্ৰমান্বয়ে দৰ্শকৰ সংখ্যাও বাঢ়িবলৈ ধৰিলে ছবিগৃহত ৷ মুখে মুখে বাগৰিয়েই প্ৰথমে প্ৰচাৰ চলিল ছবিৰ ৷ তেনেকেই চলিল বহু চিনেমা ৷

ছবি নিৰ্মাণৰ লগে লগে তাৰ পিছত সকলোৱে গুৰুত্ব আৰোপ কৰিলে ছবি এখনৰ প্ৰচাৰৰ ওপৰত ৷ সকলোৱে বুজি উঠিলে কেৱল ছবি নিৰ্মাণ বা গান মুক্তি বা পোষ্টাৰ মুক্তিৰেই নহয়, চলিবলৈ হ’লে প্ৰচাৰো সমানো হ’ব লাগিব ছবি এখনৰ ৷ চলিত বছৰটোত নিৰ্মাণ হোৱা প্ৰতিখন ছবিৰেই জোৰদাৰ প্ৰচাৰ চলোৱা হৈছিল মুক্তিৰ পূৰ্বে ৷ সেই সাপেক্ষে ছবিসমূহেও ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় (Assamese movies released in 2022) ৷ 2022 বৰ্ষৰ তেনে কেইখনমান ছবিৰ কথাই আপোনালোকলৈ আগবঢ়াইছো-

1) ৰাইন’ এক্সপ্ৰেছ: 'ৰাইন’ এক্সপ্ৰেছ' এখন হাস্যমধুৰ বোলছবি ৷ ছবিখনত অভিনয় কৰিছে সিদ্ধাৰ্থ শৰ্মা, উদয়ন দুৱৰা, অমৃতা গগৈ, বিবেক বৰাকে আদি কৰি কেইবাজনো জনপ্ৰিয় শিল্পীয়ে ৷ 4 মাৰ্চত মুক্তি লাভ কৰিছিল ছবিখনে ৷ ছবিখনৰ প্ৰচাৰৰ সময়ত ছবিখনৰ সৈতে জড়িত শিল্পী সকলে ৰাইজৰ পৰা বহুত যোগাত্মক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল ৷ পৰিচালক মণি সিনহা আৰু প্ৰযোজনা অজয় বৰ্মনৰ এই ছবিখনত কণ্ঠদান কৰিছে অংগৰাগ পাপন মহন্তই ।

assamese movies released in 2022
2022 বৰ্ষৰ কেইখনমান অসমীয়া ছবি

2) গংগা এখনি বোৱতী হিয়া: 6 মে’ ত মুক্তি লাভ কৰা এই ছবিখন আছিল এখন পূৰ্ণ দৈঘ্যৰ অসমীয়া ছবি ৷ এগৰাকী মাতৃৰ আৱেগৰ কাহিনীৰে ভৰপূৰ "গংগা, এখনি বোৱতী হিয়া" ছবিখন (Ganga Movie plot) ৷ ছবিখনত প্ৰস্তুতি পৰাশৰৰ লগতে শিশু শিল্পী সৃষ্টি ৰয় আৰু অভিলাষা ডেকায়েও অভিনয় কৰিছে (New Assamese movie Ganga cast) ৷ ইউ আৰ আই ফিল্মছৰ বেনাৰত নিৰ্মিত হৈছে এই ছবিখন ৷ মনি সিনহাই পৰিচালনা কৰিব লগা এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাগ ঐনিতম, মুনমী কলিতা, অৰূপ বৈশ্যই ৷ ছবিখনৰ সংগীত পৰিচালনাত আছে অজয় ফুকন ৷ পৰিয়াল কেন্দ্ৰিক আৰু মাতৃ-কন্যাৰ মৰমক বিষয়বস্ত হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷

assamese movies released in 2022
2022 বৰ্ষৰ কেইখনমান অসমীয়া ছবি

3) লংকাকাণ্ড: জুবিন গাৰ্গৰ কাঞ্চনজংঘা আৰু যতীন বৰাৰ ৰত্নাকৰৰ বৃহৎ সফলতাৰ পিছত অসমীয়া কথাছবি লংকাকাণ্ড চিনেমাখন চাবলৈ দৰ্শক ৰাইজৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছিল । উল্লেখযোগ্য যে, ৰঙিয়াৰ ডিলাইট চিনেমা হলত অসমীয়া কথাছবি লংকাকাণ্ড চাবলৈ বাছ ভাড়া কৰি গৈছিল দৰ্শক । তামুলপুৰৰ পৰা বাছ ভাড়া কৰি লৈ ছবি চাবলৈ গ’ল দৰ্শক । সদ্যপ্ৰয়াত নিপন গোস্বামীৰ অভিনয় চাই আৱেগিক হৈ পৰে অসমীয়া ৰাইজ ৷ 28 অক্টোবৰত মুক্তি লাভ কৰিছিল ছবিখনে ৷

assamese movies released in 2022
2022 বৰ্ষৰ কেইখনমান অসমীয়া ছবি

4) বন্ধু: যাৰ অবিহনে জীৱন যাত্ৰাত এক কদমো আগবাঢ়ি যাব নোৱাৰি সেই বিষয়বস্তুৰে নিৰ্মিত হৈছিল এই চিনেমাখন ৷ 4 নৱেম্বৰত শুভমুক্তি লাভ কৰা অসমীয়া চলচ্চিত্ৰ “বন্ধু”ৰ প্ৰথমটো দৰ্শনীৰ কাৰণে পুৱা 10 বজাতে তিনিচুকীয়াৰ ছবিগৃহত দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছিল (New assamese movie Bandhu) ৷ এই ছবিখনৰ জৰিয়তে বহু সময়ৰ মূৰত ৰূপালী পৰ্দালৈ উভতি আহে অভিনেতা নয়ন নীলিম ৷

assamese movies released in 2022
2022 বৰ্ষৰ কেইখনমান অসমীয়া ছবি

5) বেলকনিত ভগৱান: ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি সৃষ্টি কৰিছিল এইখন অসমীয়া ছবিয়ে ৷ বিশিষ্ট পৰিচালক বিশ্বজিৎ বৰাৰ পৰিচালনাৰে আৰু নুৰুল চুলতানৰ প্ৰযোজনাৰে নিৰ্মিত হোৱা বেলকনিত ভগৱান ছবিখন চাবলৈ ভিৰ কৰে বহু চলচ্চিত্ৰপ্ৰেমী লোকে ৷ মুক্তিৰ পিছতেই জনপ্ৰিয় হৈ পৰা ছবিখনৰ বিষয়বস্তুক ভূয়সী প্ৰশংসা কৰিছে চলচ্চিত্ৰপ্ৰেমীসকলে । আনহাতে ছবিখনত অভিনয় কৰা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাকে ধৰি আন তাৰকাসকলৰ অভিনয়ক প্ৰশংসা কৰিছে দৰ্শকে । গৌৰৱৰ বিষয় যে ছবিখনে ৰাজ্যৰ লগতে বিদেশতো প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে ৷ এক সঁচা ঘটনা আধাৰত নিৰ্মিত উক্ত চিনেমাখনে দৰ্শকৰ মন মোহে ৷ আজি তাৰিখত অসমত চলি থকা বিভিন্ন ঘটনা সামৰি ছবিখন নিৰ্মাণ কৰা হৈছে ৷ নিৰ্মাতাই বিভিন্ন অঞ্চলৰ বিভিন্ন সমস্যাৰাজিৰ লগতে অসমৰ ৰাজনৈতিক আৰু সংবাদ জগতৰ বাস্তৱ ছবি প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰে চিনেমাখনত । এনে এখন সুন্দৰ ছবি আগবঢ়াই দিয়া বাবে সকলো চলচ্চিত্ৰপ্ৰেমী দৰ্শকে সন্তোষ প্ৰকাশ কৰে ৷

assamese movies released in 2022
2022 বৰ্ষৰ কেইখনমান অসমীয়া ছবি

6) মোৰ শেষ গান: মোৰ শেষ গান অসমীয়া চলচ্চিত্ৰ জগতৰ এখন বিশেষ ছবি হিচাপে পৰিচিত হৈ থাকিব সদায়, কিয়নো Sony TV ত সম্প্ৰচাৰিত হোৱা CID ৰ নিৰ্দেশনা কৰা প্ৰবাল বৰুৱাৰ নিৰ্দেশনাত এইখন প্ৰথম অসমীয়া ছবি ৷ প্ৰবাল বৰুৱাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে প্ৰস্তুত ‘মোৰ শেষ গান’ ছবিখনৰ মূল কাহিনীটো এনে এজন মানুহৰ যি 25 বছৰ ধৰি অসমৰ বাহিৰত আছে কিন্তু অসমলৈ এবাৰলৈও যোৱা নাই । মৰম, ভালপোৱা, প্ৰতাৰণা, পাৰিবাৰিক আৰু সামাজিক দ্বেষ আৰু সংঘৰ্ষৰ কথাৰে আগবাঢ়ে ছবিখনৰ কাহিনীভাগ । সমন্বয়ৰ এটি বাৰ্তা দৰ্শকে দেখিবলৈ পালে ছবিখনত । এই ছবিখনৰ সৈতে জড়িত বহু লোকেই অসমৰ বাহিৰত নিজ নিজ ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত ৷ 14 অক্টোবৰত মুক্তি লাভ কৰিছিল এই ছবিখনে ৷

assamese movies released in 2022
2022 বৰ্ষৰ কেইখনমান অসমীয়া ছবি

7) বুলু ফিল্ম: ছবিখনৰ নামটোতেই আছে বিতৰ্ক ৷ কিন্তু সেই বিতৰ্কৰ মাজতেই ছবিগৃহত বৰকৈ চলিল এই ছবিখন ৷ হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ক’ৰণা মহামাৰীৰ বাবে হোৱা লকডাউনৰ সময়ত জীৱিকা অৰ্জনৰ সস্তীয়া পথ বিচাৰি ফুৰা কেইজনমান ল’ৰাৰ কাহিনী দেখুওৱা হৈছে ৷ ছবিখন যিদৰে চলিল ঠিক সেইদৰে সমালোচনাৰো সন্মুখীন হ’ল ৷ বহুতে নামটোক লৈ বিতৰ্ক কৰাৰ লগতে বহুতে আকৌ ইয়াতকৈ পৰ্ণ ছবি চোৱাই ভাল আছিল বুলিও মন্তব্য কৰা দেখা গ’ল সামাজিক মাধ্যমত ৷ সি যি কি নহওক বুলু ফিল্মে কিছু সময় ধৰি তোলপাৰ লগাবলৈ সক্ষম হৈছিল অসমীয়া চলচ্চিত্ৰ জগতত ৷ 9 ছেপ্টেম্বৰত মুক্তি লাভ কৰিছিল এই ছবিখনে ৷

assamese movies released in 2022
2022 বৰ্ষৰ কেইখনমান অসমীয়া ছবি

8) ব্ৰীজ: ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা এই ছবিখন কিন্তু অসমতে নচলিল বেছিদিন ৷ বিশ্ব চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান অস্কাৰৰ মনোনয়নৰ তালিকাত অন্তৰ্ভূক্ত হ’বৰ বাবে ইয়াৰ প্ৰাথমিক পৰ্যায়ত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল এই ছবিখনে ৷ অসমৰ এটা জলন্ত সমস্যা দেখুওৱা হৈছিল এই ছবিখনত ৷ চিনেমা হল কৰ্তৃপক্ষই এই ছবিখন সোনকালেই আঁতৰাই অন্য চিনেমা প্ৰদৰ্শন কৰাক লৈ ক্ষোভ উজাৰিছিল নিৰ্মাতা কৃপাল কলিতাই ৷ চৰকাৰৰ ভূমিকাও সেই সময় নিমাত দেখা গৈছিল ৷ কৃপাল কলিতাৰ মতে দৰ্শকে ছবিখন চাবৰ বাবে আশা কৰি আছিল কিন্তু কাৰ দোষত এই ছবিখন হলৰ পৰা আঁতৰাই দিয়া হ’ল সেইয়া আজিও ৰহস্যৰ আৱৰ্তত ৷ 30 ছেপ্টেম্বৰত মুক্তি লাভ কৰিছিল এই ছবিখনে ৷

assamese movies released in 2022
2022 বৰ্ষৰ কেইখনমান অসমীয়া ছবি

9) মেড ইন নলবাৰী: ব্যতিক্ৰমী চিন্তাধাৰাৰে সম্পৰ্কৰ আধাৰত নিৰ্মাণ হোৱা এখন অৰ্থপূৰ্ণ অসমীয়া ছবি মেড ইন নলবাৰীয়ে দৰ্শকৰ পৰা যথেষ্ট যোগাত্মক সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় ৷ ছবিখন নিৰ্মাণ কৰি উলিয়াইছে গুৱাহাটীস্থিত স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা তনুজ নাথে ৷ নদী মাথো বয় খ্যাত বঁটা বিজয়ী চিত্ৰ নিৰ্মাতা ঝুলন কৃষ্ণ মহন্তই ছবিখনৰ কাহিনী সম্পাদনা কৰিছে ৷ অসমীয়া ছবিজগতৰ প্ৰবীণ অভিনেতা অৰুণ নাথকে ধৰি বিভূতি ভূষণ হাজৰিকা, জিন্টু কুমাৰ কাশ্যপে অভিনয় কৰিছে মুখ্য চৰিত্ৰত ৷ তাৰ সমান্তৰালকৈ স্বাগতা ভৰালী, ডলি কলিতা আৰু নৰ্মদা দাসে সহ-অভিনেত্ৰীৰ চৰিত্ৰত গুৰুত্বপূৰ্ণ অভিনয় কৰিছে (Made in Nalbari movie cast) ৷ Made In Nalbari প্ৰকৃততে এখন Road drama, য’ত তিনিজন মানুহৰ জীৱনৰ বিভিন্ন পৰ্যায় দাঙি ধৰা হৈছে ৷ এটা সামান্য টেক্সী যাত্ৰাৰেই নিজকে আৱিষ্কাৰ কৰাৰ লগতে ই কেনেদৰে তেওঁলোকৰ জীৱনৰ মাত্ৰা সলনি কৰি পেলাই তাকেই অতি সাৱলীল ধৰণে উপস্থাপন কৰা হৈছে ছবিখনত ৷ 2 ডিচেম্বৰত মুক্তি লাভ কৰিছিল এই ছবিখনে ৷

assamese movies released in 2022
2022 বৰ্ষৰ কেইখনমান অসমীয়া ছবি

10) লোকেল উৎপাত: জনপ্ৰিয়তালৈ চাই এই ছবিখন অসমৰ বাহিৰতো প্ৰদৰ্শন কৰা হৈছিল ৷ লগতে ছবিগৃহৰ সুবিধা নথকা অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলতো প্ৰদৰ্শনীৰ ব্য়ৱস্থা কৰা হৈছিল ৷ লোকেল উৎপাতৰ প্ৰচাৰ চাই অহা দৰ্শকেই কৰিছিল যাৰ ফলত ছবিখনকলৈ দৰ্শকৰ মাজত ধাউতি বাঢ়িছিল ৷ ছবিখনত এজন দৰ্শকৰ দৃষ্টিভংগীৰ পৰা উপভোগ কৰিব পৰা সকলো উপাদান সন্নিৱিষ্ট কৰা হৈছে ৷ বহু সময়ৰ বিৰতিৰ অন্তত এখন সফল ছবি হিচাপে আত্মপ্ৰকাশ কৰিছিল লোকেল উৎপাত ছবিখনে (Local utpaat cast) ৷ লোকেল কুংফু খ্যাত কেনী বসুমতাৰীৰ দ্বাৰা পৰিচালিত ছবিখনে মুক্তিৰ প্ৰথম সপ্তাহতে ৰণবীৰ সিং অভিনীত জয়েশভাই জোৰদাৰ আৰু ডাক্তৰ ষ্ট্ৰেঞ্জ এই ছবি দুখনতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল (Assamese film Local Utpaat) ৷ মুক্তিৰ পিছতেই ছবিখনৰ প্ৰচাৰ আৰু জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছিল যে প্ৰতিটো ছবিগৃহতে দৰ্শনী বৃদ্ধি কৰিব লগা হৈছিল ৷

assamese movies released in 2022
2022 বৰ্ষৰ কেইখনমান অসমীয়া ছবি

লগতে পঢ়ক : Most trolled celebrities: 2022 বৰ্ষত ছ’চিয়েল মিডিয়াত সৰ্বাধিক ট্ৰ’ল খোৱা বলীউড তাৰকাসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.