ETV Bharat / entertainment

৬টা ভাষাত মুক্তি পালে ‘পুষ্পা ২’ৰ দ্বিতীয়টো গীত : শ্ৰেয়া ঘোষালৰ যাদুকৰী কণ্ঠত মন্ত্ৰমুগ্ধ অনুৰাগী - Pushpa 2 The Couple Song Out

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 3:41 PM IST

Updated : May 30, 2024, 9:32 AM IST

Pushpa 2 The Couple Song Out: আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দান্নাই অভিনীত 'পুষ্পা ২ দ্য ৰুল'ৰ দ্বিতীয়টো গীত মুক্তিলাভ কৰিছে । এই গীতটো মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰে । গতিকে 'শ্ৰীৱল্লী' আৰু 'পুষ্পা'ৰ দ্য কাপল চং আপুনি শুনিলেনে ? চাওক ভিডিঅ'...

Allu Arjun Rashmika Mandanna starrer Pushpa 2 Couple Song SOOSEKI or Angaaron out now watch
৬টা ভাষাত মুক্তি পালে ‘পুষ্পা ২’ৰ দ্বিতীয়টো গীত; শ্ৰেয়া ঘোষালৰ যাদুকৰী কণ্ঠত মন্ত্ৰমুগ্ধ অনুৰাগী (INSTAGRAM)

চিটাৰা ডেস্ক, 29 মে’: দক্ষিণ চলচ্চিত্ৰ জগতৰ তাৰকা কাপল আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দান্নাই তেওঁলোকৰ আগন্তুক ছবি ‘পুষ্পা ২ দ্য ৰুল’ মুক্তিৰ বাবে সাজু হৈছে ৷ মাত্ৰ কেইদিনমানৰ পূৰ্বে ছবিখনৰ টাইটেল গীতটো উন্মোচন কৰিছিল নিৰ্মাতাসকলে ৷ এই গীতটো মুক্তি পোৱাৰ লগে লগে দৰ্শকৰ মাজত খুবেই জনপ্ৰিয় হৈ পৰিছিল ৷ অনুৰাগী আৰু দৰ্শকৰ কৌতুহল বজাই ৰাখিবলৈ নিৰ্মাতাসকলে আজি ২৯ মে’ত বহু প্ৰত্যাশিত ছবিখনৰ ব্লকবাষ্টাৰ যুটি আল্লু অৰ্জুন তথা ৰশ্মিকা অভিনীত ছবিখনৰ গীতটো ৬টা ভাষাত মুকলি কৰা হৈছে ৷

বুধবাৰে ছবি নিৰ্মাতাই ৬টা ভাষাত মুকলি কৰে ‘পুষ্পা ২ দ্য ৰুল’ৰ দ্বিতীয়টো ট্ৰেক ৷ বিখ্যাত কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে এই গীতটিত কণ্ঠ দিছে ৷ এটি গীতৰ ভিডিঅ' গীত লিৰিকেল ৰূপত মুক্তি দিয়া হৈছে ৷ গীতটোৰ শ্বুটিঙৰ সময়ৰ দৃশ্য ভিডিঅ’টোত দেখুওৱা হৈছে ৷ মেকাৰসকলে ছ’চিয়েল মিডিয়াত গীতটোৰ নতুন পোষ্টাৰ মুকলি কৰি লিংকটো শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘পুষ্পা ৰাজ আৰু শ্ৰীবল্লীৰ সৈতে যোগদান কৰক আৰু তেওঁলোকৰ ছুপাৰ কেচি ভাইবত ডান্স কৰক ৷

ৰশ্মিকা মন্দান্নাৰ বিশেষ পোষ্ট

ৰশ্মিকা মন্দান্নাই নিজৰ ইনষ্টাগ্ৰামত গীতটিৰ পোষ্টাৰ শ্বেয়াৰ কৰি গীতটোৰ বিষয়ে জনাইছে ৷ তেওঁ কেপচনত লিখিছে যে, সঁচাকৈয়ে, মোক এনে এটা গীতৰেই প্ৰয়োজন আছিল, যাৰ দ্বাৰা মই সমগ্ৰ দেশখনক পুনৰবাৰ নচুৱাব পাৰিম ৷ এই গীতটো প্ৰেমিক যুগলৰ বাবে এটি শ্ৰুতিমধুৰ গীত ৷ এইটো এটা পৰিয়ালে উপভোগ কৰিব পৰা গীত ৷ ভাই-ভনীৰ গীত ৷ বন্ধু-বান্ধৱীৰ গীত ৷ প্ৰিয় বান্ধৱীৰ গীত আৰু আমি আপোনালোকৰ আগত উপস্থাপন কৰিছো.. শ্ৰীৱল্লী আৰু পুষ্পাক !"৷

ৰশ্মিকাই আৰু লিখিছে, ‘এই গীতটোত নৃত্য কৰি মই যিমান ভাল পাইছিলো, সিমানে আপুনি ভাল পাব বুলি মই আশাবাদী ৷ HERE it is.. !!👌🏻❤️ 🔥

'পুষ্পা ২ দ্য ৰুল'ৰ এই প্ৰেমৰ গীতটো ৬টা ভাষাত মুক্তি লাভ কৰিছে ৷ শ্ৰেয়া ঘোষালেও ৬টা ভিন্ন ভাষাত গীতটি কন্ঠদান কৰিছে - তেলুগু ভাষাত 'সুচেকী', হিন্দীত 'আংগাৰো', মালয়ালম ভাষাত 'কণ্ডালো', কানাড়া ভাষাত ‘নড’কা’, তামিল ভাষাত ‘সুদানা’ আৰু বাংলা ভাষাত ‘আগুনেৰ’ ৷

আগন্তুক ১৫ আগষ্টত মুক্তি লাভ কৰিবলৈ লোৱা ‘পুষ্পা-২’ গীতটিৰ কণ্ঠদান কৰিছে শ্ৰেয়া ঘোষালে, সংগীত দিছে দেৱী শ্ৰীপ্ৰসাদে আৰু গীতৰ কথা লিখিছে চন্দ্ৰ বসুৰ ৷ দেৱী শ্ৰীপ্ৰসাদে ৰচনা কৰা ‘দ্য কাপল চং’ৰ গীতৰ কথা চন্দ্ৰ বসুৰ ৷ ২০২৪ চনৰ ১৫ আগষ্টত বিশ্বৰ চিনেমাগৃহত মুক্তি পাব ‘পুষ্পা ২: দ্য ৰুল’ ৷ সুকুমাৰৰ পৰিচালনা আৰু মিথ্ৰি মুভি মেকাৰছৰ প্ৰযোজক এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আল্লু অৰ্জুন, ৰশ্মিকা মন্দান্না আৰু ফাহাদ ফাজিলে ৷

লগতে পঢ়ক: পুষ্পা-২ ৰ বিশেষ নৃত্যত দেখা যাবনে ৰশ্মিকাক ? - Pushpa 2 The Rule

Last Updated : May 30, 2024, 9:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.