ETV Bharat / state

Annual Conference of Moi Axomiya: যোৰহাটত 'মই অসমীয়া' গোটৰ বাৰ্ষিক অধিৱেশন

author img

By

Published : Dec 31, 2022, 9:58 AM IST

Poetry book of several poets released in Jorhat
যোৰহাটৰ অসম সাহিত্য সভা ভৱনত দুগৰাকী কবিৰ দুখনকৈ কবিতা পুথি উন্মোচন

যোৰহাটত অনুষ্ঠিত হৈ যায় সামাজিক মাধ্যমৰ জনপ্ৰিয় গোট 'মই অসমীয়া' ৰ বাৰ্ষিক অধিৱেশন (Annual Conference of Moi Axomiya group)। শুকুৰবাৰে যোৰহাটৰ অসম সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰা এই অনুষ্ঠানত উন্মোচন কৰা হয় দুগৰাকী কবিৰ দুখনকৈ কবিতা পুথি(Poetry book of several poets released in Jorhat) ।

যোৰহাটৰ অসম সাহিত্য সভা ভৱনত দুগৰাকী কবিৰ দুখনকৈ কবিতা পুথি উন্মোচন

যোৰহাট,৩১ ডিচেম্বৰ: যোৰহাটৰ অসম সাহিত্য সভা ভৱনত(Assam Sahitya Sabha) অনুষ্ঠিত কৰা হয় সামাজিক মাধ্যমৰ জনপ্ৰিয় গোট 'মই অসমীয়া' ৰ বাৰ্ষিক অধিৱেশন(Annual Convention of Moi Axomiya in Jorhat) । শুকুৰবাৰে অনুষ্ঠিত এই অধিৱেশনতে উন্মোচন কৰা হয় শিক্ষয়ত্ৰী লক্ষীপ্ৰিয়া বৰাৰ ৰ'দবোৰ যেতিয়া ফুলে কাব্যগ্ৰন্থ আৰু ববিতা বৰুৱাৰ উপন্যাস বোকা ফুলৰ সুগন্ধ । বিশিষ্ট কবি-সাহিত্যিক ড৹ জ্যোতিৰেখা হাজৰিকাই উন্মোচন কৰে লক্ষীপ্ৰিয়া বৰাৰ গ্ৰন্থ ৰ'দবোৰ যেতিয়া ফুলে(Poetry book of several poets released in Jorhat) ।

গ্ৰাম্যজীৱনৰ পৰা সাম্প্ৰতিক বিশ্বায়নিক দিশলৈকে কেইবাটাও ভাৱধাৰাৰে ৰচিত কাব্যগ্ৰন্থখনি উন্মোচন কৰি আনন্দিত বুলি উল্লেখ কৰে অধ্যাপিকাগৰাকীয়ে । ৪১ টা কবিতাৰে সমৃদ্ধ গ্ৰন্থখনিক পাঠক ৰাইজক আদৰি ল'বলৈ আহ্বান জনাই উপস্থিত ব্যক্তিসকলে । আনহাতে মিছামৰাৰ ববিতা বৰুৱাৰ উপন্যাস বোকা ফুলৰ সুগন্ধ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড৹ ৰাতুল চন্দ্ৰ বৰাই(Book Release Program in Jorhat) ।

অসমীয়া গোটৰ দ্বাৰা যোৰহাট জিলা সাহিত্য সভাৰ তিলোত্তমা বৰদলৈ সোঁৱৰণী মঞ্চত অনুষ্ঠিত উক্ত সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট কবি তথা যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জ্যোতিৰেখা হাজৰিকাই কয় যে এইসময়ত অসমীয়া সাহিত্যৰাজী বিশ্বদৰবাৰলৈ নিবলৈ আমি এখন বেনাৰ লৈ আগবাঢ়ি যাব লাগিব ।

নতুন নতুন প্ৰতিভাসমূহক সাহিত্য সভা আৰু সাহিত্য একাডেমীয়ে এখন মঞ্চ প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজন । এই অনুষ্ঠানতে মই অসমীয়া গোটৰ দ্বাৰা অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয় । অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক কবি-সাহিত্যিকৰ উপস্থিতিত অনুষ্ঠিত হয় কবিতা পাঠ, অনুগল্প পাঠৰ অনুষ্ঠানো । মনোগ্ৰাহী অনুষ্ঠানটিত উপস্থিত থাকি সকলোৱে যথেষ্ট সুখী বুলি উল্লেখ কৰে ।

ইফালে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি লক্ষীপ্ৰিয়া বৰাক প্ৰশংসাৰে ওপচাই জ্যোতিৰেখা হাজৰিকাই কয় যে লক্ষীপ্ৰিয়া বৰা শিপাৰ পৰা উঠি অহা এপাহ ফুল । তেওঁৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতা গ্ৰন্থখনত প্ৰকাশ পাইছে । এনে কবি-সাহিত্য়িকসকলক অসম সাহিত্যসভাই যদি এখন মঞ্চ দিয়াৰ চেষ্টা কৰে তেতিয়া তেওঁলোকে আগুৱাই যোৱাত যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিব বুলি আশাবাদী অধ্যাপিকা জ্যোতিৰেখা হাজৰিকা ।

ইফালে, গ্ৰন্থখনি সন্দৰ্ভত জ্যোতিৰেখা হাজৰিকাই কয় যে ৰ'দৰ ফুল আমি দেখা নাই । কিন্তু ৰ'দ কি আমি জানো । ৰ'দ অবিহনে আমাৰ জীৱন অসম্পূৰ্ণ । ৰ'দৰ ফুলপাহ ফুলি উঠিলে আমাৰ সকলোৰে ভাৱনাবোৰ সুন্দৰ হয় বুলি উল্লেখ কৰে অধ্যাপিকাগৰাকীয়ে ।

লগতে পঢ়ক: New year resolution of AGP: নতুন বছৰত অসম গণ পৰিষদৰ নতুন সংকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.