ETV Bharat / bharat

IPS Sujoy Lal Thaosen :অসম সন্তান সুজয় লাল থাউচেনক অতিৰিক্তভাৱে BSFৰ সঞ্চালক প্ৰধান পদ

author img

By

Published : Dec 31, 2022, 12:58 PM IST

Updated : Dec 31, 2022, 1:55 PM IST

অসম সন্তান সুজয় লাল থাউচেন অতিৰিক্তভাৱে সীমান্ত নিৰাপত্তা বাহিনীৰ সঞ্চালক প্ৰধানৰ পদত অধিস্থিত হ’ল ৷ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰধান হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে সুজয় লাল থাউচেনে (IPS Sujoy Lal Thaosen)৷

IPS Sujoy Lal Thaosen
অসমসন্তান সুজয় লাল থাউচেন

নিউজ ডেস্ক, 31 ডিচেম্বৰ: বছৰৰ শেষৰটো দিনত অসমবাসীয়ে লাভ কৰিলে আৰু এটা ভাল খবৰ ৷ অসম সন্তান সুজয় লাল থাউচেনক অতিৰিক্তভাৱে সীমান্ত নিৰাপত্তা বাহিনীৰ সঞ্চালক প্ৰধানৰ পদ (Additional charge of DG BSF) অৰ্পন কৰা হৈছে ৷ শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰে ৷

সীমান্ত নিৰাপত্তা বাহিনীৰ সঞ্চালক প্ৰধান পংকজ কুমাৰ সিঙে 31 ডিচেম্বৰ অৰ্থাৎ শনিবাৰে অৱসৰ গ্ৰহণ কৰাৰ পাছতে অতিৰিক্তভাৱে সঞ্চালক প্ৰধানৰ দ্বায়িত্ব গ্ৰহণ কৰিব সুজয় লাল থাউচেনে (IPS Sujoy Lal Thaosen)৷ ৰাজস্থান কেডাৰৰ 1988 বেটচৰ আই পি এছ বিষয়া পংকজ কুমাৰ সিঙে (IPS Pankaj Kumar Singh) সুদীৰ্ঘ 16 মাহ দ্বায়িত্ব পালনৰ পাছত শনিবাৰে অৱসৰ গ্ৰহণ কৰিব ৷ যোৱা বৰ্ষৰ ৩১ আগষ্টত পংকজ কুমাৰ সিঙে সীমান্ত নিৰাপত্তা বাহিনী সঞ্চালক প্ৰধান হিচাব দায়িত্ব গ্ৰহণ কৰিছিল ৷

1988 বেটচৰে আই পি এচ বিষয়া অসম সন্তান সুজয় লাল থাওচেনে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান হিচাবে (CRPF DG Sujoy Lal Thaosen) ৷ 2021 বৰ্ষৰ জুলাইত ITBPৰ সঞ্চালক প্ৰধান হিচাবেও অধিস্থিত হৈছিল অসম সন্তান ড৹ সুজয় লাল থাউচেন ৷ ইয়াৰ পূৰ্বে IPS সুজয় লাল থাউচেন সশস্ত্ৰ সীমা বলৰ সঞ্চালক প্ৰধানৰ দায়িত্বও বহন কৰি আছিল (SSB DG Sujoy Lal Thaosen)৷

হাফলঙত জন্মগ্ৰহণ কৰা সুজয় লাল থাউচেনে ভাৰতীয় সেনাৰ কেইবাটাও উচ্চপ্ৰদস্ত পদত অধিস্থিত হোৱা থাউচেনে গৌৰৱান্বিত কৰি আহিছে ডিমা-হাচাওবাসীৰ লগতে সমগ্ৰ অসমীয়াক ৷

লগতে পঢ়ক: Cabinet Meeting in Delhi: হঠাৎ অসমৰ সকলো মন্ত্ৰীকে দিল্লীলৈ তলৱ হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated :Dec 31, 2022, 1:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.