ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 30, 2022, 1:11 PM IST

TOP 10 AT 1 PM
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Rukminigaon murder case: বন্ধুক হত্যা কৰি উবেৰত লৈ গ'ল মৃতদেহ

মহানগৰীৰ ৰুক্মিনী গাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে (Sensational murder in Guwahati)। হিতেশ দাস নামৰ এজন লোকে বন্ধুক নৃশংসভাৱে হত্যা কৰিলে । হত্যা কৰি বস্তাত ভৰাই জংঘলত দলিয়ালে বন্ধুৰ মৃতদেহ । ইতিমধ্যে হত্যাকাৰী হিতেশ দাসক গ্ৰেপ্তাৰ কৰিছে দিশপুৰ আৰক্ষীয়ে (Dispur police arrested Murderer)।

Rhinos roam free: ঢেকীয়াখোৱাত গঁড়ৰ মুক্ত বিচৰণ, আতংকিত স্থানীয় ৰাইজ

টীয়কৰ পথাৰত দুটা প্ৰাপ্তবয়ষ্ক গঁড়ৰ বিচৰণ (Rhinos roam free) ৷ জনাঞ্চলৰ কাষতে পুৱাৰে পৰা গঁড় দুটাই বিচৰণ কৰি থকাত অঞ্চলটোত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ৷

Small traders protest in Dibrugarh: কৰ সংগ্ৰহৰ নামত হাৰাশাস্তিৰ অভিযোগেৰে ক্ষুদ্ৰ ব্যৱসায়ীৰ মৌন সমদল

পথৰ কাষৰ ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহৰ নামত গুণ্ডাগিৰি ডিব্ৰুগড় পৌৰসভাৰ(Hooliganism in collecting tax from small traders) । ডিব্ৰুগড়ত নতুনকৈ অনুমোদন দিয়া হৈছে পৌৰসভাৰ পাৰ্কিঙৰ ব্যৱস্থাৰ ৷ কিন্তু পৌৰসভাৰ অন্তৰ্গত অঞ্চলত পাৰ্কিঙৰ নামত দাদাগিৰিৰে পদপথৰ কাষত থকা ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলে (Dibrugarh Municipality alleged of harassment small traders) ।

Cricketer Rishabh Pant injured: ৰুৰকীত পথ দুৰ্ঘটনাত আহত ক্ৰিকেটাৰ ঋষভ পণ্ট

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ক্ৰিকেটাৰ ঋষভ পণ্টৰ বাহন(Rishabh Pant met with an accident on Friday) । দিল্লীৰ পৰা ঘৰমূৱা হোৱাৰ পথত ৰুৰকীৰ নৰচান সীমান্তৰ হাম্মাদপুৰ ঝালৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনাতো । লগে লগে ক্ৰিকেটাৰগৰাকীক প্ৰেৰণ কৰা হয় দিল্লীলৈ । ক্ৰিকেটাৰগৰাকীক প্লাষ্টিক চাৰ্জাৰী কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে চিকিৎসকে (Rishabh Pant will undergo plastic surgery) ।

Congress reacted to BJPs negative remarks: নিজৰ কৰ্মৰ বাবেই বিজেপি দল এদিন নিঃশেষ হ’ব: বিধায়ক কমলাক্ষ দে পুৰকায়স্থ

"ক’ৰণা সকলোৰে দেহলৈ নিবিয়পে" বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ কংগ্ৰেছ দল সন্দৰ্ভত প্ৰদান কৰা বিৰূপ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই এনেদৰে কটাক্ষ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক (Congress reacted to BJPs negative remarks) ৷

Pele passes away: চিৰনিদ্ৰাত দ্য কিং অৱ জগ’ বনিট’

বিংশ শতিকাৰ শ্ৰেষ্ঠ খেলুৱৈ পেলেৰ মৃত্যু (Pele passes away)৷ বৃহস্পতিবাৰৰ নিশা সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰে প্ৰয়াত খেলুৱৈগৰাকীৰ জীয়ৰী কেলী নাচচিমেণ্ট’ ই (kely nascimento instagram) ৷

Heeraben Modi passed away: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ দেহাৱসান

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীৰ ১০০ বছৰ বয়সত দেহাৱসান ঘটে (Heeraben Modi passed away) । মাতৃৰ বিয়োগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে পুৱা এটা হৃদয়স্পৰ্শী টুইট পোষ্ট কৰে ।

Deadbody Recover in Kamalpur: মৃতদেহৰ সন্ধানত দিছপুৰ আৰক্ষীৰ অভিযান

নিশা দুই বজাত বাইহাটা চাৰিআলিৰ কমলপুৰত দিছপুৰ আৰক্ষীৰ অভিযান (Dispur police station)। হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত কমলপুৰত এটি মৃতদেহ বিচাৰি দিছপুৰ আৰক্ষীয়ে এই অভিযান চলায় (Police searching a body in Kamalpur)।

Misamari murder case: পত্নীহত্যাৰ অভিযোগত গ্ৰেপ্তাৰ স্বামী

শোণিতপুৰ জিলাৰ মিছামাৰীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ডৰ ঘটনা(Brutal murder case in Misamari) । স্বামীৰ দাৰ ঘাপত প্ৰাণ হেৰুৱালে বৃদ্ধা পত্নীয়ে । ২৬ ডিচেম্বৰৰ নিশা মিছামাৰীৰ মাধুৰীবিল গাঁৱত সংঘটিত হৈছিল হত্যাকাণ্ডৰ ঘটনাটো(Horrific murder in Misamari) । ঘটনাৰ বিৱৰণী অনুসৰি বেলশিৰি আৰক্ষী চকীৰ অন্তৰ্গত মাধুৰীবল গাঁৱৰ নিৱাসী জহন কেৰকেটাৰ পত্নী আলমা কেৰকেটাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ।

Besharam Rang controversy: ছবিগৃহত মুক্তিৰ পূৰ্বে CBFC এ পাঠানৰ নিৰ্মাতাক গানৰ দৃশ্যাংশ সলনি কৰিবলৈ কৈছে

চেণ্ট্ৰেল ব’ৰ্ড অৱ্ ফিল্ম চাৰ্টিফিকেশ্যনৰ অধ্যক্ষ প্ৰসূন যোশীয়ে কয় যে পাঠান ছবিখনৰ নিৰ্মাতাসকলক ছবিখন থিয়েটাৰত মুক্তি পোৱাৰ পূৰ্বে ছবিখনৰ আৰু লগতে গীতৰ কিছু দৃশ্যাংশৰ পৰিৱৰ্তন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে (Pathaan controversy) । যোশীয়ে লগতে কয় যে সৃষ্টিশীল প্ৰকাশ আৰু সংবেদনশীলতাৰ মাজত সঠিক ভাৰসাম্য বিচাৰি উলিওৱাৰ বাবে চিবিএফচি প্ৰতিশ্ৰুতিবদ্ধ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.