ETV Bharat / bharat

Heeraben Modi passed away: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ দেহাৱসান

author img

By

Published : Dec 30, 2022, 6:36 AM IST

Updated : Dec 30, 2022, 7:57 AM IST

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীৰ ১০০ বছৰ বয়সত দেহাৱসান ঘটে (Heeraben Modi passed away) । মাতৃৰ বিয়োগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে পুৱা এটা হৃদয়স্পৰ্শী টুইট পোষ্ট কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ দেহাৱসান
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ দেহাৱসান

নেশ্যনেল ডেস্ক: আহমেদাবাদৰ ইউ এন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীয়ে আজি পুৱা 3:30 বজাত ১০০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে (Pm Modi Mother Heeraben Modi Passes Away at Age of 100) ।

মাতৃৰ বিয়োগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে পুৱা এটা হৃদয়স্পৰ্শী টুইট পোষ্ট কৰে । এটা গৌৰৱময় শতিকাই ঈশ্বৰৰ চৰণত ললে জিৰণি... মাৰ মাজত মই সদায় অনুভৱ কৰি আহিছো সেই তিনি তত্ব... য'ত এগৰাকী তপস্বীৰ যাত্ৰা, নিস্বাৰ্থ কৰ্মযোগীৰ প্ৰতীক আৰু মূল্যবোধৰ প্ৰতি দায়বদ্ধ জীৱন সন্নিবিষ্ট হৈ আছে ।

  • शानदार शताब्दी का ईश्वर चरणों में विराम... मां में मैंने हमेशा उस त्रिमूर्ति की अनुभूति की है, जिसमें एक तपस्वी की यात्रा, निष्काम कर्मयोगी का प्रतीक और मूल्यों के प्रति प्रतिबद्ध जीवन समाहित रहा है। pic.twitter.com/yE5xwRogJi

    — Narendra Modi (@narendramodi) December 30, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

হীৰাবেন, যাক হীৰাবা বুলিও জনা গৈছিল ৷ তেখেতে আহমেদাবাদৰ গান্ধীনগৰ চহৰৰ সমীপৰ ৰায়ছান গাঁৱত প্ৰধানমন্ত্ৰী মোদীৰ কনিষ্ঠ ভাতৃ পংকজ মোদীৰ সৈতে বাস কৰিছিল । অধিক ব্যস্ততাৰ মাজতো প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰায়ছনলৈ নিয়মিতভাৱে গৈ আছিল আৰু গুজৰাট ভ্ৰমণৰ সময়ত বেছিভাগ সময়ে তেখেতে মাতৃৰ সৈতে পাৰ কৰিছিল ।

চলিত বৰ্ষত হৈ যোৱা 100 সংখ্যক জন্মদিনত মাতৃৰ কাষলৈ যোৱাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৰা হৃদয়স্পৰ্শী টুইটটোত উল্লেখ কৰে যে, “যেতিয়া 100 বছৰীয়া জন্মদিনৰ দিনটোত মই তেখেতৰ কাষত আছিলো, তেতিয়া তেখেতে এটা কথা কৈছিল, যিটো মোৰ বাবে সদায় চিৰস্মৰণীয় হৈ থাকিব, সেয়া হ’ল, বুদ্ধিমত্তাৰে কাম কৰি যোৱা আৰু এটা শুদ্ধ মনেৰে জীৱন যাপন কৰিবা ।”

প্ৰধানমন্ত্ৰীগৰাকীৰ মাতৃ হীৰাবেন মোদীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বুধবাৰে আহমেদাবাদৰ ইউ এন মেহতা চিকিৎসালয়ত চিকিৎসাধীন মাতৃৰ কাষলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী । চিকিৎসালয়ত কিছু সময় নৰেন্দ্ৰ মোদীয়ে চিকিৎসাধীন মাতৃৰ লগত পাৰ কৰিছিল ।

এক বিশেষ সূত্ৰই জনোৱা অনুসৰি, মাতৃৰ বিয়োগৰ খবৰ পোৱাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হৈছে আহমেদাবাদলৈ । আজি প্ৰধানমন্ত্ৰী মোদীয়ে বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ উদ্দেশ্যে পশ্চিম বংগ ভ্ৰমণলৈ যোৱাৰ কথা আছিল । অৱশ্যে এতিয়া তেখেতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠানকেইটাত অংশ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰই জানিবলৈ দিছে ।

লগতে পঢ়ক:MS Prabhakar Passes Away: অসমভূমিত সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা এম এছ প্ৰভাকৰৰ দেহাৱসান

Last Updated :Dec 30, 2022, 7:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.