Deadbody Recover in Kamalpur: মৃতদেহৰ সন্ধানত দিছপুৰ আৰক্ষীৰ অভিযান

By

Published : Dec 30, 2022, 11:58 AM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

নিশা দুই বজাত বাইহাটা চাৰিআলিৰ কমলপুৰত দিছপুৰ আৰক্ষীৰ অভিযান (Dispur police station)। হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত কমলপুৰত এটি মৃতদেহ বিচাৰি দিছপুৰ আৰক্ষীয়ে এই অভিযান চলায় (Police searching a body in Kamalpur)। কমলপুৰ উন্নয়ণ খণ্ডৰ কাৰ্যালয়ৰ সমীপত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত আৰক্ষীয়ে উদ্ধাৰ কৰিলে এটি মৃতদেহ । মৃতদেহটি আছিল দেৱনাথ ভূঞা নামৰ এগৰাকী ব্যক্তিৰ । হিতেশ দাস নামৰ লোকজনে দেৱনাথ ভূঞাক মূৰত কোবাই হত্যা কৰি কমলপুৰৰ জংঘলৰ মাজত পেলাই থৈ যায় বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছিল । হিতেশ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে কমলপুৰ আৰক্ষীৰ সহযোগত কমলপুৰত মৃতদেহটি হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Kamalpur police station)।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.