ETV Bharat / sitara

চনু চুডৰ বিৰুদ্ধে 20 কোটিৰো অধিক কৰ ফাঁকিৰ অভিযোগ

author img

By

Published : Sep 18, 2021, 4:10 PM IST

বলিউদৰ অভিনেতা চনু চুডৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ ৷ অভিনেতাগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে 20 কোটিৰো অধিক কৰ ফাঁকি দিয়াৰ অভিযোগ ৷ CBDT(Central Board of Direct Taxes)য়ে অভিনেতাগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ৷

Income Tax Department raided sonu sood
চনু চুডৰ বিৰুদ্ধে 20 কোটিৰো অধিক কৰ ফাঁকিৰ অভিযোগ

চিটাৰা ডেস্ক , 18 ছেপ্তেম্বৰ : কৰ'ণা অতিমাৰীয়ে সমগ্ৰ দেশত সংহাৰ সৃষ্টি কৰাৰ সময়ত আৰ্তজনক কাষত ঠিয় দি সকলোৰে প্ৰিয় হৈ পৰা বলিউদৰ অভিনেতা চনু চুডৰ বিৰুদ্ধে উত্থাপিত হৈছে কৰ ফাঁকিৰ অভিযোগ ৷ শনিবাৰে CBDT(Central Board of Direct Taxes)য়ে অভিযোগ কৰে যে, চনু চুড আৰু তেওঁৰ সহযোগীসকলে 20 কোটি টকাৰ কৰ ফাঁকি দিছে ৷

CBDTয়ে এইবুলিও দাবী কৰে যে, চনু চুড আৰু তেওঁৰ লক্ষ্ণৌস্থিত এটা infrastructure গ্ৰুপত আয়কৰ বিভাগে চলোৱা অভিযানত এই কথা পোহৰলৈ আহিছে যে, বহু ভুৱা প্ৰতিষ্ঠানৰ পৰা ভুৱা অসুৰক্ষিত ঋণৰ ৰূপত হিচাপবিহীন উপাৰ্জন কৰা হৈছে ৷ বিদেশৰ পৰা অনুদান সংগ্ৰহ কৰাৰ সময়ত চুডে Foreign Contribution Regulation Act (FCRA) উলংঘা কৰা বুলিও CBDTয়ে অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক : সহায় বিচাৰি চনু চুডৰ বাসগৃহত ভিৰ একাংশ দৰিদ্ৰৰ

15 ছেপ্তেম্বৰত বিভাগটোৱে 48 বৰ্ষীয় অভিনেতাজন আৰু লক্ষ্ণৌস্থিত উদ্যোগসমূহৰ বিৰুদ্ধে তালাচী অভিযান আৰম্ভ কৰে ৷ CBDTয়ে জানিবলৈ দিয়া মতে, অভিনেতাগৰাকীৰ বিৰুদ্ধে এতিয়াও অভিযান অব্যাহত আছে ৷ অভিনেতাজনৰ লগতে তেওঁৰ সহযোগীসকলৰ চৌহদত চলোৱা তালাচীৰ সময়ত কৰ ফাঁকি সম্পৰ্কীয় বহুতো আপত্তিজনক প্ৰমাণ পোৱা গৈছে বুলি CBDTয়ে দাবী কৰিছে ৷

বিভাগীয় সূত্ৰই দাবী কৰা মতে এই পৰ্যন্ত চুডে কৰ ফাঁকি দিয়াৰ পৰিমাণ হৈছে 20 কোটিতকৈও অধিক ৷ বিগত বৰ্ষত 21 জুলাইত ক'ভিড-19ৰ প্ৰাদুৰ্ভাৱৰ সময়ত অভিনেতাজনৰ পৃষ্ঠপোষকতাত স্থাপন হোৱা দাতব্য সংস্থাটোৰ বিষয়েও উল্লেখ কৰে ৷ অভিযোগ অনুসৰি 2021ৰ 1 এপ্ৰিলৰ পৰা আজিৰ তাৰিখলৈকে সংস্থাটোৱে 18.94 কোটি টকা সংগ্ৰহ কৰিছে ৷

লগতে পঢ়ক : ভূৱা সাহায্য প্ৰদান অভিযানক লৈ অনুৰাগীক সতৰ্ক চনু চুডৰ

ইয়াৰ ভিতৰত বিভিন্ন সাহাৰ্যমূলক কামৰ বাবে সংস্থাটোৱে 1.9 কোটি টকা ব্যয় কৰিছে ৷ ইয়াৰ অৰ্থ এয়ে যে, সংগৃহিত ধনৰ প্ৰায় 17 কোটি সংস্থাটোৰ বেংক একাউণ্টত অব্যৱহৃত হৈ পৰি ৰৈছে ৷ FCRAৰ নিয়ম উলংঘা কৰি সংস্থাটোৱে বিদেশী দাতা সকলৰ পৰা 2.1 কোটি টকাৰ পুঁজি সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, লক্ষ্ণৌস্থিত এটা আন্তঃগাঁথনি গোটৰ সৈতে এক যুটীয়া উদ্যোগত প্ৰৱেশ কৰি অভিনেতাজনে যথেষ্ট পুঁজি বিনিয়োগ কৰিছে আৰু একাউণ্ট বুকসমূহত কৰ ফাঁকি দিয়াৰ লগতে অনিয়ম সম্পৰ্কীয় আপত্তিজনক প্ৰমাণ পোৱা গৈছে ৷ অভিযোগ অনুসৰি, উক্ত গোটটো উপ-চুক্তি ব্যয়ৰ ভুৱা বিলিং আৰু পুঁজি আত্মসাৎ কৰাত জড়িত ৷ এতিয়ালৈকে পোৱা এনে ধৰণৰ ভুৱা চুক্তিৰ পৰিমাণ 65 কোটিৰো অধিক বুলি জানিব পৰা গৈছে ৷

লগতে চাওক : ইটিভি ভাৰতৰে অভিনেতা চনু চুডৰ বিশেষ সাক্ষাৎকাৰ...

বিভাগে জানিবলৈ দিয়া মতে, অনুসন্ধানকালত হিচাপ বিহীন নগদ ব্যয়, scrapৰ হিচাপ বিহীন বিক্ৰী আৰু ডিজিটেল ডাটাৰ হিচাপ বিহীন নগদ লেনদেনৰ প্ৰমাণো পোৱা গৈছে । গোটটোৱে জয়পুৰস্থিত এটা আন্তঃগাঁথনি কোম্পানীৰ সৈতে ১৭৫ কোটি টকাৰ সন্দেহজনক বৃত্তাকাৰ লেনদেন কৰিছে ৷

কৰ ফাঁকিৰ সম্পূৰ্ণ প্ৰমাণ বাহিৰ কৰাৰ বাবে অধিক অনুসন্ধান অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷ অনুসন্ধান অভিযানৰ অংশ হিচাপে মুম্বাই, লক্ষ্ণৌ, কানপুৰ, জয়পুৰ, দিল্লী আৰু গুৰগাওঁৰ মুঠ 28 টা চৌহদ সামৰি লোৱা হৈছে ৷

লগতে পঢ়ক : ইটিভি ভাৰতৰে অভিনেতা ৰবি শৰ্মাৰ বিশেষ সাক্ষাৎকাৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.