ETV Bharat / sitara

ভূৱা সাহায্য প্ৰদান অভিযানক লৈ অনুৰাগীক সতৰ্ক চনু চুডৰ

author img

By

Published : May 18, 2021, 1:38 PM IST

অভিনেতা চনু চুডৰ ছ’চিয়েল মিডিয়াযোগে অনুৰাগীলৈ আহ্বান ৷ ‘চুড ফাউণ্ডেশ্যন ড’নেট’ নামৰ সংস্থাটোৱে অভিনেতা চনু চুডৰ নাম ব্যৱহাৰ কৰি ক’ভিডত আক্ৰান্তসকলক সহায়ৰ অৰ্থে সাহায্য দান কৰিবলৈ অনুৰোধ কৰি থকাৰ পৰিপ্ৰেক্ষিতত এই সংস্থাটোৰ সৈতে তেওঁ জড়িত নহয় বুলি স্পষ্টকৈ উল্লেখ কৰে ৷

Sonu Sood warns
চনু চুডৰ সতৰ্ক

চিটাৰা ডেস্ক,18 মে’: ক’ভিডত আক্ৰান্ত দৰিদ্ৰ লোকসকলক অহৰহভাৱে সহায় আগবঢ়াই আহিছে বলীউডৰ অভিনেতা চনু চুডে ৷ সোমবাৰে সতৰ্কবাণী প্ৰেৰণ কৰি চনু চুডে কয় যে, দুষ্টচক্ৰই তেওঁৰ নাম ব্যৱহাৰ কৰি দৰিদ্ৰ লোকক সহায় কৰিবলৈ ভূৱা সাহায্য প্ৰদানৰ অনুৰোধ কৰিছে ৷ এই দুষ্টচক্ৰক বিশ্বাস নকৰিবলৈ অনুৰাগীসকলক আহ্বান জনাই চনু চুডে ৷

47 বৰ্ষীয় অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে কয় যে, ‘চুড ফাউণ্ডেশ্যন ডনেট’ নামৰ সংস্থাটোৱে তেওঁৰ নাম ব্যৱহাৰ কৰি ক’ভিডত আক্ৰান্তসকলক সহায়ৰ অৰ্থে সাহায্য দান কৰিবলৈ অনুৰোধ কৰি আছে ৷ কিন্তু এই সংগঠনটোৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই বুলি অভিনেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷ ইয়াৰ লগতে সংস্থাটোৱে ব্যৱহাৰ কৰা প’ষ্টাৰ আৰু ব্যৱহাৰ কৰা নাম ভূৱা আখ্যা দিয়ে অভিনেতাগৰাকীয়ে ৷

উল্লেখ্য যে, ক’ভিডত আক্ৰান্ত লোকসকলৰ বাবে সুকীয়াকৈ হাস্পতালৰ বিচনাৰ লগতে অক্সিজেন চিলিণ্ডাৰ, ঔষধ আৰু চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিছে ৰিয়েল লাইফৰ হিৰ’ খ্যাত চনু চুডে ৷

লগতে পঢ়ক : অসমবাসীলৈ আশাৰ বতৰা কঢ়িয়াইছে বৰষুণে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.