ETV Bharat / city

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 16, 2022, 7:09 PM IST

Top ten news
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

বিধায়ক অমিয় ভূঞাক আৰক্ষী বিষয়া জোনমণি ৰাভাৰ নীতি শিক্ষা

ৰাজনৈতিক ক্ষমতাই মূৰত ধৰা বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই ইজনৰ পিছত সিজন আৰক্ষী বিষয়াক দিছে ধমক ৷ বিধায়কজনৰ মতেহে যেন পৰিচালিত হ’ব অসম আৰক্ষী ৷ নাৰায়ণপুৰ থানাৰ আৰক্ষী বিষয়া পুষ্পকমল বৰাক বিধায়কজনে 60 হাজাৰ ভোটাৰ ৰাইজ তেওঁৰ সৈতে থকাৰ ভাবুকি দিয়াৰ পিছত পুনৰ পোহৰলৈ আহিছে মাজুলী আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাক ফোনযোগে দিয়া ভাবুকিৰ কথা ৷ পিছে এইবাৰ বিধায়কগৰাকীক নীতি শিক্ষা প্ৰদান কৰিলে আৰক্ষী বিষয়া জোনমণি ৰাভাই ৷

এজাহাৰ লিখাৰ নামত কৰা দালালিৰ বিৰুদ্ধে গুৱাহাটীত আৰক্ষীৰ অভিযান

শনিবাৰে নিশা আৰক্ষীয়ে এজাহাৰ লিখাৰ নামত ধন সংগ্ৰহ কৰা দালালসকলৰ বিৰুদ্ধে অভিযান চলাই ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আটক কৰিলে বহুকেইজন দালালক (Brokers arrested from different districts in Assam) ৷ গুৱাহাটীতো ৮ জনকৈ এই বৃত্তিত জড়িত লোকক আটক কৰিলে আৰক্ষীয়ে ৷

তীৰ্থনগৰী হিচাপে জাতিষ্কাৰ হৈ উঠিব বটদ্ৰৱা : মুখ্যমন্ত্ৰী

তীৰ্থনগৰী হিচাপে জাতিষ্কাৰ হৈ উঠিব গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা । কেইবাটাও কাৰ্যসূচী লৈ বটদ্ৰৱাত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta visits Batadraba) ৷ এজাহাৰ লিখাৰ নামত দালালি কৰাৰ অভিযোগত এনিশাত ২৪২ জন লোকক গ্ৰেপ্তাৰ সম্পৰ্কতো মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ (CM Himanta reacts on arrest of illegal brokers) ।

পুলিচগিৰী নেদেখুৱাব, ৱাৰ্ণিং দিছো : কাক ধমকি দিলে বিধায়ক অমিয় ভূঞাই

চল চাই কঠীয়া পৰাত ওস্তাদ বুলি জনাজাত বিহপুৰীয়াৰ বিজেপি বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ ক্ষমতাই যেন মূৰত ধৰিছে ! কৰ্তব্যৰত আৰক্ষী বিষয়াক ধমক ক্ষমতাৰ ৰাগীত বলিয়ান বিধায়ক অমিয় ভূঞাৰ (Threatening Police officer) ৷

ক’ভিড আহিলেও সময়তেই অনুষ্ঠিত হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা

সময় মতেই অনুষ্ঠিত হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ৷ বিহপুৰীয়াত এই কথা ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ (Ranoj Pegu on HSLC and AHSEC exam)৷ লগতে ২০৩৫ চনৰ ভিতৰতহে নতুন শিক্ষানীতি সম্পূৰ্ণ ৰূপে ৰূপায়ন হ'ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে (New Education Policy in Assam)৷

শিৱসাগৰত পথ দুৰ্ঘটনাত মৃত্যু সেনা জোৱানৰ

বিহু বুলি ঘৰলৈ আহিছিল ভাৰতীয় সেনাত কৰ্মৰত জোৱান মিন্টু গগৈ ৷ কিন্তু বিহুটো সুখৰ নহ’ল ৷ এটা দুৰ্ঘটনাই পৰিয়ালৰ পৰা বহু দূৰলৈ লৈ গ’ল মিন্টুক ৷ ঘৰখনত এতিয়া কেৱল কান্দোনৰ ৰোল ৷

ৰাজ্যত চান্দা সংগ্ৰহ নকৰা সংগঠন বিচাৰি পালে মন্ত্ৰী যোগেন মহনে

ন্ত্ৰী যোগেন মহনে বিচাৰি পালে চান্দা নিবিচাৰা সংগঠন ৷ শনিবাৰে মৰাণত মাৰোৱাৰী যুৱ মঞ্চৰ এক অনুষ্ঠানত মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহন উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে ৰাজ্যত চান্দা সংগ্ৰহ নকৰি সাহায্য বিতৰণ তথা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহা সংগঠনৰ ভিতৰত 'মাৰোৱাৰী যুৱ মঞ্চ' (Marwari Yuva Manch) বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ মাৰোৱাৰী যুৱ মঞ্চই চান্দা সংগ্ৰহ নকৰাকৈয়ে ভাল কামত জড়িত হৈ আহিছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

কংগ্ৰেছৰ ডাঙৰ নেতাই গোপনে সম্পৰ্ক ৰাখিছে মুখ্যমন্ত্ৰী হিমন্তৰ সৈতে : বিধায়ক শশীকান্ত দাস

বিজেপিত যোগদান কৰাৰ পূৰ্বেই হিমন্তৰ প্রশংসাত পঞ্চমুখ ৰহাৰ বিধায়ক শশীকান্ত দাস (MLA Sashikanta Das praises CM Himanta) । এতিয়াও কংগ্ৰেছৰ বহু ডাঙৰ ডাঙৰ নেতাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ সৈতে গোপনে সম্পৰ্ক ৰখা বুলিও বিস্ফোৰক অভিযোগ আনে বিধায়ক দাসে ।

Covid update in Assam : ৰাজ্যত বিগত 24 ঘণ্টাত 3390 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্তৰ সংখ্যা (covid positive cases rapidly increasing in assam) ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি (Covid update in Assam) বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 3390 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 9.87 শতাংশ ৷

48 ছেকেণ্ডত 48 খন দেশৰ ৰাজধানীৰ নাম কৈ উজলিল অভয়াপুৰীৰ কৃষ্টি শিখা

নিজৰ প্ৰতিভাৰে India book of records ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে অভয়াপুৰীৰ কণমানিগৰাকীয়ে ৷ 48 ছেকেণ্ডত এছিয়া মহাদেশৰ প্ৰায় 48 খন দেশৰ ৰাজধানীৰ নাম কৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল কৃষ্টি শিখা অধিকাৰীয়ে ৷ শনিবাৰে কৃষ্টি শিখাক ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰে এই সন্মান (India Book of Records honours Kristi Shikha Adhikari) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.