ETV Bharat / state

কংগ্ৰেছৰ ডাঙৰ নেতাই গোপনে সম্পৰ্ক ৰাখিছে মুখ্যমন্ত্ৰী হিমন্তৰ সৈতে : বিধায়ক শশীকান্ত দাস

author img

By

Published : Jan 15, 2022, 6:44 PM IST

বিজেপিত যোগদান কৰাৰ পূৰ্বেই হিমন্তৰ প্রশংসাত পঞ্চমুখ ৰহাৰ বিধায়ক শশীকান্ত দাস (MLA Sashikanta Das praises CM Himanta) । এতিয়াও কংগ্ৰেছৰ বহু ডাঙৰ ডাঙৰ নেতাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ সৈতে গোপনে সম্পৰ্ক ৰখা বুলিও বিস্ফোৰক অভিযোগ আনে বিধায়ক দাসে ।

expelled-congress-mla-sashikanta-das-cliams-assam-congress-leaders-in-touch-with-cm-himanta
কংগ্ৰেছৰ ডাঙৰ নেতাই গোপনে সম্পৰ্ক ৰাখিছে মুখ্যমন্ত্ৰী হিমন্তৰ সৈতে : বিধায়ক শশীকান্ত দাস

নগাঁও, 15 জানুৱাৰী : কংগ্ৰেছৰ বহু ডাঙৰ ডাঙৰ নেতাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰক্ষা কৰি আছে গোপন সম্পৰ্ক (Assam congress leaders in touch with CM Himanta) । নগাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ (Expelled Congress MLA Sashikanta Das) । বিজেপিত যোগদান কৰাৰ পূৰ্বেই হিমন্তৰ প্রশংসাত পঞ্চমুখ বিধায়ক দাস (MLA Sashikanta Das praises CM Himanta)। উন্নয়নত নিজৰ ব্যর্থতা অকপটে স্বীকাৰ কৰি বিধায়ক ৰূপক শৰ্মাৰ উন্নয়নমূলক কামৰ প্ৰশংসাও কৰিলে শশী দাসে ।

কংগ্ৰেছৰ ডাঙৰ নেতাই গোপনে সম্পৰ্ক ৰাখিছে মুখ্যমন্ত্ৰী হিমন্তৰ সৈতে : বিধায়ক শশীকান্ত দাস

উল্লেখ্য যে, পুনৰ বিজেপিত যোগদান কৰিবলগীয়া বিধায়কৰ চৰ্চাৰ শীৰ্ষত আছে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস (MLA Sashikanta Das might Join BJP)। ৰাজ্যত চলি থকা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰশংসা কৰি দলৰ পৰা ইতিমধ্যেই নিলম্বন হোৱা কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে শনিবাৰে নগাঁৱত অনুষ্ঠিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত সংগ দি মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশংসাত পুনৰ পঞ্চমুখ হৈ পৰে । নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে বুলিও মন্তব্য কৰে শশীকান্ত দাসে ।

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত সামগ্ৰীক উন্নয়নৰ গতি আৰম্ভ হৈছে বুলিও মন্তব্য কৰে বিধায়ক দাসে । বিজেপি চৰকাৰৰ উন্নয়নমূলক কামৰ প্ৰশংসা কৰাৰ বাবেই কংগ্ৰেছে নিলম্বন কৰিছে বুলিও মন্তব্য কৰি এতিয়াও কংগ্ৰেছৰ বহু ডাঙৰ ডাঙৰ নেতাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ সৈতে গোপনে সম্পৰ্ক ৰখা বুলিও বিস্ফোৰক অভিযোগ আনে বিধায়ক দাসে । ইফালে, কংগ্ৰেছে শশীকান্ত দাসক নিলম্বন কৰাটো অন্যায় কৰা বুলিও দাবী কৰিছে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক : আজি ষ্টাৰ্টআপ ব্যৱসায়ীৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.