ETV Bharat / state

এজাহাৰ লিখাৰ নামত কৰা দালালিৰ বিৰুদ্ধে গুৱাহাটীত আৰক্ষীৰ অভিযান

author img

By

Published : Jan 16, 2022, 4:55 PM IST

শনিবাৰে নিশা আৰক্ষীয়ে এজাহাৰ লিখাৰ নামত ধন সংগ্ৰহ কৰা দালালসকলৰ বিৰুদ্ধে অভিযান চলাই ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আটক কৰিলে বহুকেইজন দালালক (Brokers arrested from different districts in Assam) ৷ গুৱাহাটীতো ৮ জনকৈ এই বৃত্তিত জড়িত লোকক আটক কৰিলে আৰক্ষীয়ে ৷ সবিশেষ জানো আহক ৷

brokers-in-police-stations-arrested-from-different-districts-of-assam
এজাহাৰ লিখাৰ নামত দালালি কৰা বিৰুদ্ধে গুৱাহাটীত আৰক্ষীৰ অভিযান

গুৱাহাটী, ১৬ জানুৱাৰী : দালালৰ বিৰুদ্ধে কঠোৰ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ (Himanta government against brokers) । মাটিৰ দালালৰ পিছতে এইবাৰ আটক কৰা হৈছে থানাৰ দালাল চক্ৰক । ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে মহানগৰীতো শনিবাৰে গোটেই নিশা থানাৰ দালালৰ বিৰুদ্ধে অভিযান চলাই এইপৰ্যন্ত মহানগৰীৰ বিভিন্ন থানাই আটক কৰিছে মুঠ ৮ জনকৈ এজাহাৰ লিখা ব্যক্তিক ।

এই বিষয় সন্দৰ্ভত শুভ্ৰজ্যোতি বৰাই (DCP East Guwahati Subhrajyoti Bora) সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এই পৰ্যন্ত গুৱাহাটীৰ বিভিন্ন থানাই আটক কৰিছে মুঠ ৮ জন এজাহাৰ লিখা ব্যক্তিক (Brokers arrested in Guwahati) । অৱশ্যে বৰ্তমানেও এই বৃত্তিৰ সৈতে জড়িত আৰু কেইবাজনকো আটক কৰিব বাকী আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে সেই সকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷

এজাহাৰ লিখাৰ নামত দালালি কৰা বিৰুদ্ধে গুৱাহাটীত আৰক্ষীৰ অভিযান

আৰক্ষী বিষয়া শুভ্ৰজ্যোতি বৰাই লগতে কয় যে, এজাহাৰ লিখাটো অপৰাধ নহয়, কিন্তু লিখা-পঢ়া নজনা মানুহক বিপথে পৰিচালিত কৰাটো অপৰাধ ৷ সাধাৰণ মানুহ থানালৈ গ’লে গোচৰ লিখাৰ নামত এইসকলে বিভিন্ন প্ৰকাৰে লোকসকলক বিপথে পৰিচালিত কৰে বুলিও অভিযোগ কৰে তেওঁ । গোচৰ ৰুজু কৰি দিম বুলি পইচা লোৱা কাৰ্য এই লোকসকলে বহুদিনৰ পৰা কৰি আহিছে বুলিও সদৰী কৰিছে শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে ।

উল্লেখ্য যে, মহানগৰীত আটক হোৱা ৮ জন দালালৰ ভিতৰত নুনমাটি থানাই আটক কৰিছে শিৱনাথ তালুকদাৰক ৷ আজাৰা থানাই আটক কৰিছে বিপুল মজুমদাৰক ৷ গড়চুক থানাই আটক কৰিছে জেচিমুদ্দিন আহমেদক, সোণাপুৰ থানাই আটক কৰিছে অনুপ বৰদলৈ আৰু ভাৰত ডেকাক ৷

আনহাতে, বশিষ্ঠ থানাই আটক কৰিছে খগেন শৰ্মাক, হাতীগাঁও থানাই আটক কৰিছে মিৰাজুল ৰহমান ওৰফে মিজাজুল ইছলাম আৰু চৈয়দ মুজ্জমিল হকক ।

লগতে পঢ়ক : পুলিচগিৰী নেদেখুৱাব, ৱাৰ্ণিং দিছো : কাক ধমকি দিলে বিধায়ক অমিয় ভূঞাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.