ETV Bharat / city

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 8, 2022, 7:11 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়াৰ 7 বজাৰ শীৰ্ষ সংবাদসমূহ চাও আহক...

দুই আৰক্ষী জোৱান সহ তিনি যুৱকৰ আলফা স্বাধীনত যোগদান

আলফা(স্বা)ৰ একপক্ষীয় অস্ত্ৰবিৰতি (Ceasefire by ULFA I) চলি থকাৰ মাজতে ধাৰাবাহিকভাৱে ইজনৰ পিছত সিজন যুৱকে নিষিদ্ধ ঘোষিত আলফা সংগঠনটোত যোগদান কৰিবলৈ যোৱাৰ বাতৰি সময়ে সময়ে প্ৰচাৰিত হৈ আছে ৷ এইবাৰ দুই আৰক্ষী জোৱান সহ তিনি যুৱকে যোগদান কৰিলে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)ত (assam police personal joined ULFA I) ৷

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা

ভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে গোৱা, পঞ্জাৱ, মণিপুৰ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে (Election Commission announces dates for assembly polls) । পাঁচখন ৰাজ্যত সাতটা পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হ'ব ।

Guwahati becomes Covid hotspot : ক'ভিড হটস্পটত পৰিণত হৈছে গুৱাহাটী মহানগৰী

গুৱাহাটী মহানগৰী ক'ভিড সংক্ৰমণৰ অভিকেন্দ্ৰ হিচাপে চিনাক্ত হৈছে (Guwahati city becomes Covid hotspot)। এসপ্তাহৰ আগলৈ গুৱাহাটীত ক'ভিডত দৈনিক আক্ৰান্তৰ সংখ্যা ৫০ৰ ঘৰলৈ নামিছিল যদিও এইমুহুর্তত দৈনিক আক্ৰান্তই ৫০০ৰ সংখ্যা অতিক্ৰম কৰিছে । ৰাজ্যৰ ৰাজধানী চহৰখনত ক'ভিডৰ নতুন ভেৰিয়েন্ট অ'মিক্ৰণ প্ৰৱেশ কৰাৰ তথ্য স্বাস্থ্য বিভাগে নিশ্চিত কৰাৰ পিছতেই সাধাৰণ জনতা শংকিত হৈ পৰিছে ।

মনিপুৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰক লৈ সৰৱ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ

''মণিপুৰৰ লোকসকলৰ সেৱাত বিফল হৈছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ । ভাৰতৰ নিৰ্বাচন আয়োগে সংবাদমেলত জনাইছে যে, মণিপুৰৰ মাত্ৰ ৫৭% লোকেই প্ৰথম পালি আৰু ৪৩% লোকে দ্বিতীয় পালিও লাভ কৰিছে। প্ৰথমে ইম্ফলত, আৰু পিছত নতুন দিল্লীত ইঞ্জিন সলনি কৰাৰ সময় আহিছে ।'' টুইটাৰ যোগে এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে (Jairam Ramesh's tweet on double engine Govt) ৷

Establishment day of Raijor Dal: কাৰ্যসূচীত ভাগ লৈ অখিলে ক’লে বিজেপিৰ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোনৰ কথা

জাতীয়তাবাদৰ শ্ল’গান আগত লৈ এটা বছৰৰ আগতে আজিৰ দিনটোতে জন্ম লাভ কৰিছিল ৰাইজৰ দলে । এই ৰাইজৰ দলৰে প্ৰথম প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ নগৰৰ যুৱদলত পালন কৰা হৈছে (First establishment day of Raijor Dal) । এই প্ৰথম প্ৰতিষ্ঠা দিৱসত দলৰ সভাপতি অখিল গগৈয়ে ক’লে বিজেপিৰ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোনৰ কথা ৷

JP Nadda's Tripura visit postponed: ক'ভিড পৰিস্থিতিৰ বাবে বাতিল জে পি নাড্ডাৰ ত্ৰিপুৰা ভ্ৰমণ

অহা ১০ জানুৱাৰীত ত্ৰিপুৰালৈ অহাৰ কথা আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ । কিন্তু দেশজুৰি ক'ভিডৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল এই কাৰ্যসূচী (JP Nadda’s Tripura visit postponed)। ১৫ দিনলৈ দলীয় সকলো অনুষ্ঠান বাতিল ৰাজ্যিক বিজেপিৰ ।

এইবাৰ কি বিতৰ্ক আনিলে লেখিকা শিখা শৰ্মাই ?

এইবাৰ ৬ নং দফাৰ প্ৰতিবেদনক লৈ বিতৰ্কিত মন্তব্য লেখিকাগৰাকীৰ (Shikha Sarma's statement on clause 6 report)। তেওঁৰ মতে অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদনত চহী কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে । অসম জ্বলোৱা প্ৰতিবেদন তেওঁলোকে কিয় প্ৰস্তুত কৰিলে বুলিও প্ৰশ্ন শিখা শৰ্মাৰ ।

GUs Platinum Jubilee: গুৱাহাটী বিশ্ববিদ্যালয়ে অতিক্ৰম কৰিলে 75 বছৰৰ এক বৰ্ণিল যাত্ৰা

এঢোপ-এঢোপ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ে পাৰ কৰিলে 75 টা বছৰৰ এক গৌৰৱ উজ্বল বৰ্ণিল যাত্ৰা ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে বিশ্ববিদ্যালয়ৰ বি কে বি সভাকক্ষত মহাৰজত জয়ন্তীৰ কাৰ্যসূচী শুভ উদ্ধোধন কৰা হয় শনিবাৰে (Platinum Jubilee celebrations of Gauhati University) । ৰাজ্যপাল জগদীশ মুখীয়ে বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰে ।

যান-বাহন আইন উলংঘা: গুৱাহাটীত ৯ মাহত ১৪ কোটি টকাৰ জৰিমনা সংগ্ৰহ

যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ ব্যাপক অভিযান (Crackdown on violators of traffic laws)। কেৱল অভাৰলোড ট্ৰাকৰ পৰাই সংগ্ৰহ ৮.৯১ কোটিতকৈ অধিক টকাৰ জৰিমনা । ৯ মাহত যান-বাহন আইন ভংগ কৰাৰ ১৬,৩৮৬ টা ঘটনা । বিগত বৰ্ষৰ তুলনাত দুগুণ জৰিমনা সংগ্ৰহ ।

Puri Jagannath Temple to remain closed : কৰ’ণাৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ

ওড়িশাত কৰ’ণাৰ সংক্ৰমণ (Corona cases increase in Odissa) অব্যাহত ৷ ক’ভিড 19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি 10 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে বন্ধ ঘোষণা কৰা হৈছে পুৰীৰ জগন্নাথ মন্দিৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.