Puri Jagannath Temple to remain closed : কৰ’ণাৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ

author img

By

Published : Jan 8, 2022, 11:46 AM IST

Puri Jagannath Temple to remain closed
22 দিনৰ বাবে বন্ধ থাকিব উৰিষ্যাৰ জগন্নাথ মন্দিৰ ()

ওড়িশাত কৰ’ণাৰ সংক্ৰমণ (Corona cases increase in Odissa) অব্যাহত ৷ ক’ভিড 19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি 10 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে বন্ধ ঘোষণা কৰা হৈছে পুৰীৰ জগন্নাথ মন্দিৰ ৷

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী : দেশত আকৌ ক’ভিড-19 ৰ সংক্ৰমণ বৃদ্ধি (Corona cases increase in India) পাবলৈ ধৰিছে ৷ দেশৰ বিভিন্ন প্ৰান্তত ৰাজ্য চৰকাৰসমূহে আকৌ বন্ধ ঘোষণা কৰিবলগীয়া পৰিস্থিতি আহি পৰিছে ৷ ওড়িশাৰ বৰ্তমানৰ ক’ভিড-19 ৰ পৰিস্থিতি কিছু উদ্বেগজনক (Corona cases increase in Odissa) ৷ ৰাজ্যখনৰ চৰকাৰে এই কথালৈ দৃষ্টি নিক্ষেপ কৰি বিশ্ববিখ্যাত পুৰীৰ জগন্নাথ মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ৷

দেশী-বিদেশী দৰ্শনাৰ্থীৰে উখল-মাখল হৈ থকা জগন্নাথ মন্দিৰৰ চৌহদ আকৌ নিজম পৰিব ৷ চলিত মাহৰ 10 তাৰিখৰ পৰা 31 তাৰিখলৈকে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ (Puri Jagannath Temple to remain closed till 31st January) ৷

জানিব পৰা মতে, শুকুৰবাৰে সন্ধিয়া মন্দিৰ পৰিচালনা সমিতিৰ সৈতে মত বিনিময় কৰি ৰাজ্য চৰকাৰে সাধাৰণ দৰ্শনাৰ্থীৰ বাবে মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মন্দিৰ পৰিচালকৰ সৈতে একাংশ কৰ্মচাৰীয়েও ক’ভিড-19 ত আক্ৰান্ত হৈছে ৷

আনহাতে, বিগত তিনি দিনত ৰাজ্যখনত ক’ভিড-19 ৰ সংক্ৰমণ যথেষ্ঠ বৃদ্ধি পাইছে ৷ ফলস্বৰূপে অধিক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ওড়িশা চৰকাৰে ৷

লগতে পঢ়ক : জানুৱাৰীৰ শেহৰফালে অসমত তুংগত উঠিব অ’মিক্ৰণৰ সংক্ৰমণ: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.