ETV Bharat / state

জানুৱাৰীৰ শেহৰফালে অসমত তুংগত উঠিব অ’মিক্ৰণৰ সংক্ৰমণ: মুখ্যমন্ত্ৰী

author img

By

Published : Jan 7, 2022, 8:49 PM IST

Updated : Jan 7, 2022, 9:02 PM IST

ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত অসমত প্ৰতিদিনে সংক্ৰমিত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আছে (Covid infection in Assam) ৷ কেৱল ক’ভিডেই নহয়, ২০ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীৰ ভিতৰত অসমত অ’মিক্ৰণৰ সংক্ৰমণৰ সংখ্যাও তুংগত উঠিব ৷ সংবাদমেলযোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

New treatment of covid 19
২০-৩০ জানুৱাৰীৰ ভিতৰত অসমত তুংগত উঠিব অ’মিক্ৰণৰ সংক্ৰমন

গুৱাহাটী, ৭ জানুৱাৰী : এতিয়াৰে পৰা ক'ভিড আক্ৰান্ত হৈ কোনো লোক যদি চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হ’বলগীয়া হয় তেন্তে পূৰ্বৰ দৰে সেই চিকিৎসা আৰু বিনামূলীয়া নহ’ব । কেৱল দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকেহে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা । শুকুৰবাৰে বিয়লি জনতা ভৱনত এখন সংবাদমেলত ভাগ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (New SOP of covid 19 announce by Himanta Biswa Sarma) ।

তেওঁ সংবাদমেলত আৰু কয় যে, ২০ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীৰ ভিতৰত অসমত অ’মিক্ৰণৰ সংক্ৰমণ তুংগত উঠাৰ আশংকা আছে । বিগত দ্বিতীয় ঢৌৰ সময়ত অসমত প্ৰতিদিনে সংক্ৰমিত লোকৰ সংখ্যা আছিল ৬,৫৩৬ গৰাকী । কিন্তু এইবাৰ সেই পৰিমাণ অধিক হ’ব বুলি আশংকা কৰা হৈছে (Widely covid infection in Assam) ।

মুখ্যমন্ত্ৰীয়ে কয়, "এতিয়াৰে পৰা পজিটিভ বুলি ধৰা পৰা সকলো লোকৰে অ’মিক্ৰণৰ সংক্ৰমণ বুলিয়েই গণ্য কৰা হ’ব । এতিয়ালৈকে অসমত ৯ গৰাকী অ’মিক্ৰণ সংক্ৰমিত লোক চিনাক্ত হৈছিল যদিও আটাইকেইগৰাকী ইতিমধ্যে সুস্থ হৈ উঠিছে । কালি নিশা পৰ্যন্ত অসমত দৈনিক সংক্ৰমিত লোকৰ সংখ্যা আছিল ৮৪৪ গৰাকী’’ (Omicron cases increase in Assam) ।

সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, এইবাৰ চৰকাৰে ঘৰতে ক'ভিড পৰীক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে । ইয়াৰ বাবে ৰাইজে হোম কিট ব্যৱহাৰ কৰিব পাৰিব । যদিহে প'জিটিভ ধৰা পৰে তেন্তে ‘হোম আইশ্ব'লেচন’ত থাকিব পাৰিব ।

জানুৱাৰীৰ শেহৰফালে অসমত তুংগত উঠিব অ’মিক্ৰণৰ সংক্ৰমণ

আনহাতে, ফ্ৰন্টলাইন ক'ভিড যোদ্ধা সকলে ১ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰিক'ছনেৰী ড'জ অৰ্থাৎ তৃতীয় পালি টীকা ল’ব লাগিব । জ্যেষ্ঠ নাগৰিক সকলে দ্বিতীয় পালি লোৱাৰ ৩৮ সপ্তাহৰ পিছত এই ড'জ গ্ৰহণ কৰিব পাৰিব । একেদৰে টীকাকৰণৰ কামত ব্যস্ত থকা সকলো এ এন এম নাৰ্চক চৰকাৰে অতিৰিক্তভাৱে মাহে ১,৫০০ টকাকৈ আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । অসমত জানুৱাৰী মাহৰ ভিতৰত ১০০ শতাংশ টীকাকৰণ সম্পূৰ্ণ হৈ উঠিব বুলিও আজি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক : New SOP in Assam: কি কি আছে নতুন SOP ত ?

Last Updated :Jan 7, 2022, 9:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.