ETV Bharat / bharat

মনিপুৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰক লৈ সৰৱ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ

author img

By

Published : Jan 8, 2022, 5:34 PM IST

বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰক লৈ সৰৱ কংগ্ৰেছী নেতা (BJP's double engine Govt) ৷ মনিপুৰত বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ ব্যৰ্থতাক লৈ টুইট প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশৰ ৷

jairam-rameshs-tweet-on-double-engine-govt
বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰকলৈ সৰৱ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ

নিউজ ডেস্ক, 8 জানুৱাৰী : ''মণিপুৰৰ লোকসকলৰ সেৱাত বিফল হৈছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ । ভাৰতৰ নিৰ্বাচন আয়োগে সংবাদমেলত জনাইছে যে, মণিপুৰৰ মাত্ৰ ৫৭% লোকেই প্ৰথম পালি আৰু ৪৩% লোকে দ্বিতীয় পালিও লাভ কৰিছে। প্ৰথমে ইম্ফলত, আৰু পিছত নতুন দিল্লীত ইঞ্জিন সলনি কৰাৰ সময় আহিছে ।'' টুইটাৰ যোগে এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে (Jairam Ramesh's tweet on double engine Govt) ৷

মন কৰিব লগীয়া যে, মণিপুৰৰ নিৰ্বাচনৰ (Manipur assembly election 2022) পূৰ্বে মঙলবাৰে এক ৰাজহুৱা সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল যে, কেন্দ্ৰ আৰু ৰাজ্যখনত চলি থকা বিজেপি চৰকাৰৰ বাবে যথেষ্ট উপকৃত হৈছে ৰাজ্যখন ৷ সচৰাচৰ বিজেপি দলে দাবী কৰাৰ দৰেই দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়েও ভাষণ প্ৰসংগত উল্লেখ কৰিছিল ডাবল ইঞ্জিন চৰকাৰৰ কথা (PM Modi on double engine Govt in Manipur) ৷ এনে সময়তে, এতিয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে টুইট যোগে ডাবল ইঞ্জিন চৰকাৰৰ সম্পৰ্কত কৰা মন্তব্যই বহন কৰিছে যথেষ্ট তাৎপৰ্য ৷

  • Double engine Govt has failed the people of Manipur. The Election Commission of India just informed in its press conference that only 57% of Manipur has received 1st dose and 43% 2nd dose as well. Time for changing engines first in Imphal, and later in New Delhi has come.

    — Jairam Ramesh (@Jairam_Ramesh) January 8, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখযোগ্য যে, শনিবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে মণিপুৰৰ লগতে পঞ্জাৱ, গোৱা, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ বিধান সভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে । ফেব্ৰুৱাৰীৰ 27 তাৰিখ আৰু মাৰ্চৰ 3 তাৰিখে মুঠ ৬০ খন আসনৰ বাবে মণিপুৰত অনুষ্ঠিত হ’ব এই নিৰ্বাচনী যুঁজ ৷ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 15 জানুৱাৰীলৈকে কোনো ৰোড শ্ব', পদযাত্ৰা, চাইকেল বা বাইক ৰেলী আৰু শোভাযাত্ৰাৰ অনুমতি দিয়া নহ'ব বুলিও জানিবলৈ দিছে আয়োগে।

লগতে পঢ়ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.