ETV Bharat / bharat

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা

author img

By

Published : Jan 8, 2022, 4:32 PM IST

Updated : Jan 8, 2022, 5:11 PM IST

গোৱা, পঞ্জাৱ, মণিপুৰ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী শনিবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিছে (Election Commission announces dates for assembly polls) । জানো আহক, কি কি নিয়ম ঘোষণা কৰিছে নিৰ্বাচন আয়োগে ৷

election-commission-announces-dates-for-assembly-polls
পাঁচ ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ সময়সূচী ঘোষণা

নেশ্বনেল ডেস্ক, 8 জানুৱাৰী : ভাৰতীয় নিৰ্বাচন আয়োগে শনিবাৰে গোৱা, পঞ্জাৱ, মণিপুৰ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে (Election Commission announces dates for assembly polls) । পাঁচখন ৰাজ্যত সাতটা পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হ'ব । উত্তৰ প্ৰদেশৰ ৪০৩ খন বিধানসভা আসন, পঞ্জাৱত ১১৭ খন, উত্তৰাখণ্ডত ৭০ খন মণিপুৰত ৬০ খন আৰু গোৱাত ৪০ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিলে মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই( Chief Election Commissioner Sushil Chandra) । উত্তৰ প্ৰদেশত ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত ভোটগ্ৰহণ হ'ব।

আনহাতে, মণিপুৰত ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত দুটা পৰ্যায়ত ভোটদান কৰা হ'ব। ভোটগণনা ১০ মাৰ্চত অনুষ্ঠিত হ'ব, নিৰ্বাচনী আয়োগে সদৰি কৰিছে । ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 15 জানুৱাৰীলৈকে কোনো ৰোড শ্ব', পদযাত্ৰা, চাইকেল বা বাইক ৰেলী আৰু শোভাযাত্ৰাৰ অনুমতি দিয়া নহ'ব । পৰিস্থিতি পুনৰীক্ষণ কৰি পৰৱৰ্তী সময়ত নতুন নিৰ্দেশনা জাৰী কৰা হ'ব বুলিও মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে সদৰি কৰে । তেওঁ লগতে কয় যে আদৰ্শ আচৰণ বিধি (Model Code of Conduct)ৰ অনুসূচী ঘোষণাৰ লগে লগে ই কাৰ্যকৰী হ’ব ।

ৰাজনৈতিক দলবোৰে তেওঁলোকৰ ৱেবছাইটত নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে বাছনি কৰা অমীমাংসিত অপৰাধমূলক গোচৰত জড়িত থকা ব্যক্তিসকলৰ বিষয়ে বিতং তথ্য আপলোড কৰাটো বাধ্যতামূলক ৷ এই নিৰ্দিষ্ট প্ৰাৰ্থীজনক কিয় বাছনি কৰা হৈছিল, সেই বিষয়েও অৱগত কৰাটো বাধ্যতামূলক বুলি সদৰি কৰে তেওঁ ।

তেওঁ লগতে কয়, " আমি ব্যাপক প্ৰস্তুতিৰ সৈতে সৰ্বাধিক ভোটাৰৰ অংশগ্ৰহণৰ দ্বাৰা পাঁচখন ৰাজ্যত ক’ভিডৰ পৰা সুৰক্ষিত নিৰ্বাচন (Covid safe election) অনুষ্ঠিত কৰাৰ লক্ষ্য আগত ৰাখিছো । সকলো ভোটগ্ৰহণ কেন্দ্ৰত চেনিটাইজাৰ আৰু মাস্কসহ ক’ভিড-প্ৰশমনৰ সুবিধা থাকিব ৷ ইয়াৰ লগতে এইবাৰ বুথৰ সংখ্যাও বৃদ্ধি কৰা হৈছে," ।

লগতে পঢ়ক : Akhil Gogoi on New Covid SOP : মাঘ বিহু উদযাপনক লৈ দিয়া বাধাৰ বিৰোধিতা অখিল গগৈৰ

Last Updated : Jan 8, 2022, 5:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.