ETV Bharat / state

GUs Platinum Jubilee: গুৱাহাটী বিশ্ববিদ্যালয়ে অতিক্ৰম কৰিলে 75 বছৰৰ এক বৰ্ণিল যাত্ৰা

author img

By

Published : Jan 8, 2022, 5:12 PM IST

GU's Platinum Jubilee
গুৱাহাটী বিশ্ববিদ্যালয়ে পাৰ কৰিলে 75 বছৰৰ এক বৰ্ণিল যাত্ৰা

বহু ঘটনা পৰিঘটনাৰ সাক্ষী গুৱাহাটী বিশ্ববিদ্যালয় ৷ এঢোপ-এঢোপ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ে পাৰ কৰিলে 75 টা বছৰৰ এক গৌৰৱ উজ্বল বৰ্ণিল যাত্ৰা ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে বিশ্ববিদ্যালয়ৰ বি কে বি সভাকক্ষত মহাৰজত জয়ন্তীৰ কাৰ্যসূচী শুভ উদ্ধোধন কৰা হয় শনিবাৰে (Platinum Jubilee celebrations of Gauhati University) । ৰাজ্যপাল জগদীশ মুখীয়ে বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰে ।

গুৱাহাটী, 8 জানুৱাৰী : গুৱাহাটী বিশ্ববিদ্যালয়ে পাৰ কৰিলে 75 বছৰৰ এক বৰ্ণিল যাত্ৰা ৷ সেই উপলক্ষে শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি কে বি সভাকক্ষত বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ কাৰ্যসূচী আয়োজন কৰা হয় (Guwahati University's Platinum Jubilee) ৷ বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে (Governorm Jagdish Mukhi inaugurates Platinum Jubilee programe of GU) । অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপ জ্যোতি সন্দিকৈ আদৰণি ভাষণ প্ৰদান কৰে ৷

লগতে তেওঁ বিশ্ববিদ্যালয়ৰ 75 বছৰৰ যাত্ৰা আৰু সফলতাৰ বিষয়ে আলোচনা কৰে । তেওঁ কয় যে, শেহতীয়াভাৱে বিশ্ববিদ্যালয়ৰ NSS য়ে দেশৰ ভিতৰত শ্ৰেষ্ঠতাৰ সম্মান লাভ কৰিবলৈ সক্ষম হৈছে । গুৱাহাটী বিশ্ববিদ্যালয় NAAC ৰ A Grade বিশ্ববিদ্যালয়ৰ Category ত আছে ।

বহু ঘটনা পৰিঘটনাৰ সাক্ষী গুৱাহাটী বিশ্ববিদ্যালয়

গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এখন অন্যতম বিশ্ববিদ্যালয়ৰ স্থানত আছে ।

অনুষ্ঠানত ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য জগদীশ মুখীয়ে বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ Logo অৰ্থাৎ প্ৰতীক চিহ্ন আৰু বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ উপলক্ষে নিৰ্মাণ কৰা তথ্যচিত্ৰৰ চিডি উন্মোচন কৰে । ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য জগদীশ মুখীয়ে অনুষ্ঠানত ভাষণ প্ৰসংগত কয় যে, গুৱাহাটী বিশ্ববিদ্যালয়খন ৰাইজৰ বিশ্ববিদ্যালয় । লগতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্ণিল যাত্ৰাৰ আলোকপাত কৰি কয় যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে ।

GU's Platinum Jubilee
গুৱাহাটী বিশ্ববিদ্যালয়ে পাৰ কৰিলে 75 বছৰৰ এক বৰ্ণিল যাত্ৰা

বিদ্যালয়তনিক সবল নেতৃত্ব সৃষ্টি কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ গুৰু দায়িত্ব আছে । ৰাজ্যপাল গাৰকীয়ে নতুন শিক্ষা নীতিৰ আলোচনা কৰি কয় যে, বিশ্ববিদ্যালয়ে নতুন শিক্ষা নীতিৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণৰ বাবে দায়বদ্ধতাৰে কাম কৰিব লাগিব । উন্নত শিক্ষা আৰু বহনক্ষম শিক্ষাৰ বাবে শিক্ষকসকলক দক্ষ আৰু শ্ৰেণী কোঠাৰ উন্নয়ন সাধন কৰাৰ প্ৰয়োজন আছে ।

তদুপৰি বিশ্ববিদ্যালয়ত উন্নত গুণগত গৱেষণাৰ ক্ষেত্ৰতো বিশেষ মনোযোগ দিব লাগিব । বিশ্ববিদ্যালয় আৰু কলেজবোৰত শিক্ষকসকলক নিয়মীয়াকৈ প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে । শিক্ষক আৰু ছাত্ৰৰ কঠোৰ পৰিশ্ৰমে বিশ্ববিদ্যালয়ৰ উন্নতি সাধন কৰে ।

ৰাজ্যপাল জগদীশ মুখীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উজ্বল ভৱিষ্যত কামনা কৰে । অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ বিষয়ববীয়া দিলীপ কুমাৰ কাকতি শৰাইৰ শৰাই আগবঢ়ায় । অনুষ্ঠানত ৰাজ্যৰ কেবাখনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল উপস্থিত আছিল ।

লগতে পঢ়ক : Puri Jagannath Temple to remain closed : কৰ’ণাৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.