ETV Bharat / state

এইবাৰ কি বিতৰ্ক আনিলে লেখিকা শিখা শৰ্মাই ?

author img

By

Published : Jan 8, 2022, 6:06 PM IST

আন এক বিতৰ্কিত মন্তব্য লেখিকা শিখা শৰ্মাৰ । এইবাৰ ৬ নং দফাৰ প্ৰতিবেদনক লৈ বিতৰ্কিত মন্তব্য লেখিকাগৰাকীৰ (Shikha Sarma's statement on clause 6 report)। ক'ভিড সম্পৰ্কেও চৰকাৰক সমালোচনা কৰিলে লেখিকাগৰাকীয়ে ।

Barpeta
বিতৰ্কিত মন্তব্য লেখিকা শিখা শৰ্মাৰ

জনীয়া,৮ জানুৱাৰী : পুনৰ বিতৰ্কত লেখিকা শিখা শৰ্মা । এইবাৰ ৬ নং দফাৰ প্ৰতিবেদনক লৈ বিতৰ্কিত মন্তব্য লেখিকাগৰাকীৰ (Shikha Sarma's statement on clause 6 report)। তেওঁৰ মতে অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদনত চহী কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে । অসম জ্বলোৱা প্ৰতিবেদন তেওঁলোকে কিয় প্ৰস্তুত কৰিলে বুলিও প্ৰশ্ন শিখা শৰ্মাৰ ।

শুকুৰবাৰে কলগাছিয়াত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে শিখা শৰ্মাই । শেহতীয়াকৈ ৬নং দফাৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লেখিকা গৰাকীয়ে কয় যে, প্ৰতিবেদন অসম জ্বলাবৰ বাবে নহয় শান্তি প্ৰতিষ্ঠাৰ বাবেহে প্ৰস্তুত কৰা হৈছিল । সেয়ে প্ৰতিবেদন ৰাজহুৱা কৰিবলৈও দাবী জনায় লেখিকাগৰাকীয়ে ।

বিতৰ্কিত মন্তব্য লেখিকা শিখা শৰ্মাৰ

ক'ভিড সংক্ৰমণ সম্পৰ্কতো লেখিকাগৰাকীৰ প্ৰশ্ন ৷ ক'ভিড কি পাপৰ ফলত হয় নেকি বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ প্ৰশ্ন কৰিছে লেখিকাগৰাকীয়ে । কিয়নো সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত স্বাস্থ্যমন্ত্ৰী আছিল ড৹ হিমন্ত বিশ্ব শৰ্মা । তেতিয়া তেওঁ কৈছিল যে কৰ্কট ৰোগ পাপৰ ফলত হয় ।

সেয়ে লেখিকাগৰাকীয়ে প্ৰশ্ন কৰিছে কৰ্কট যদি পাপৰ ফলত হয়, তেনেহ'লে কৰ'ণাও কি পাপৰ ফলত হয় ? ক'ভিডৰ ফলত শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণে বঞ্চিত হোৱাকলৈ লেখিকাগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থাকি চেল্ফি তোলাৰ সময়ত ক'ভিড নহয়, কিন্তু ছাত্ৰ এজনে স্কুললৈ যোৱাৰ সময়ত ক'ভিড ক'ৰ পৰা আহে । আনহাতে মাইক্ৰ' ফাইনেঞ্চ ঋণ মাফ কৰা সন্দৰ্ভতো চৰকাৰক সমালোচনা কৰে লেখিকা শিখা শৰ্মাই ।

লগতে পঢ়ক :Akhil Gogoi on New Covid SOP : মাঘ বিহু উদযাপনক লৈ দিয়া বাধাৰ বিৰোধিতা অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.