ETV Bharat / city

Guwahati becomes Covid hotspot : ক'ভিড হটস্পটত পৰিণত হৈছে গুৱাহাটী মহানগৰী

author img

By

Published : Jan 8, 2022, 5:36 PM IST

সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড-19এ পুনৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে (Covid pandemic in Assam) ৷ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে অসমত ক’ভিডৰ সংক্ৰমণ ৷ বিশেষকৈ গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিডে ৷ দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ ফলত ক'ভিড হটস্পটলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী(Guwahati city becomes Covid hotspot) ৷

Covid pandemic
ক'ভিড হটস্পটত পৰিণত হৈছে গুৱাহাটী মহানগৰী

গুৱাহাটী, ৮ জানুৱাৰীঃ ৰাজ্যত পুনৰ আৰম্ভ হৈছে ক'ভিডৰ সংহাৰ (Covid pandemic in Assam) । দিনক দিনে ভয়াৱহ হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । যাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৰাজ্যত বলৱৎ হৈছে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা (New Covid SOP) । পঞ্চম শ্ৰেণীলৈকে ৰাজ্যত বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে । গুৱাহাটী মহানগৰীত অষ্টমমান শ্ৰেণীলৈকে পাঠদান বন্ধ ৰখা হৈছে ৷

লক্ষণীয় বিষয় যে, গুৱাহাটী মহানগৰী ক'ভিড সংক্ৰমণৰ অভিকেন্দ্ৰ হিচাপে চিনাক্ত হৈছে (Guwahati city becomes Covid hotspot)। এসপ্তাহৰ আগলৈ গুৱাহাটীত ক'ভিডত দৈনিক আক্ৰান্তৰ সংখ্যা ৫০ৰ ঘৰলৈ নামিছিল যদিও এইমুহুর্তত দৈনিক আক্ৰান্তই ৫০০ৰ সংখ্যা অতিক্ৰম কৰিছে । ৰাজ্যৰ ৰাজধানী চহৰখনত ক'ভিডৰ নতুন ভেৰিয়েন্ট অ'মিক্ৰণ প্ৰৱেশ কৰাৰ তথ্য স্বাস্থ্য বিভাগে নিশ্চিত কৰাৰ পিছতেই সাধাৰণ জনতা শংকিত হৈ পৰিছে ।

ইফালে দৈনিক আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ১১৬৭ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ৫১৭ গৰাকী লোক গুৱাহাটী মহানগৰীৰ । আনহাতে আক্ৰান্তৰ হাৰ ৩.৩২ শতাংশলৈ বৃদ্ধি পাইছে । দৈনিক প্ৰায় দুগুণ হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । ইপিনে স্বাস্থ্য বিভাগে গুৱাহাটীৰ কেইবাটাও স্থানক ক'ভিড হটস্পট হিচাপে চিনাক্ত কৰিছে (Guwahati city becomes Covid hotspot) । মহানগৰীৰ সৰ্বত্ৰে ক'ভিডৰ সংক্ৰমণ ধৰা পৰিছে যলিও মালিগাঁও, পাণ্ডু, ফটাশিল, ৰাজগড়, চানমাৰি, বেলতলা, বশিষ্ঠপুৰ, লাচিতনগৰ অঞ্চলত ৫০-১০০জন লোক ক'ভিডত আক্ৰান্ত হোৱাত হটস্পট হিচাপে চিনাক্ত কৰা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ।

আনহাতে স্বাস্থ্য বিভাগৰ তথ্যমতে গুৱাহাটীত বিগত দহটা দিনত ১,৮৫৫ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । অৱশ্যে আক্ৰান্তসকলৰ অধিকাংশক হোম আইচ'লেশ্যনত ৰখাত গুৰুত্ব আৰোপ কৰিছে স্বাস্থ্য বিভাগে ।

গুৱাহাটী ক'ভিডৰ অভিকেন্দ্ৰ হোৱাত ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্বাস্থ্য বিভাগে প্ৰস্তুতি অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে । ইতিমধ্যে সৰুসজাইৰ ক'ভিড হাস্পতাল পুনৰ সক্ৰিয় কৰি তোলা হৈছে ৷ জি এম চি এইচৰ অধীনত ক'ভিড ৰোগীৰ বাবে ১,৫০০ খন বিছনাৰ লগতে আই চি ইউ আৰু অক্সিজেন বিছনা সাজু কৰি ৰখা হৈছে । ৰাইজ সজাগ-সচেতন নহ’লে গুৱাহাটী মহানগৰীৰ ক'ভিড পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰাৰ আশংকাই দেখা দিছে । স্বাস্থ্য বিভাগে ৰাইজক ক'ভিড সম্পৰ্কীয় সকলো নীতি-নিৰ্দেশনা মানি চলাৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক: Akhil Gogoi on New Covid SOP : মাঘ বিহু উদযাপনক লৈ দিয়া বাধাৰ বিৰোধিতা অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.