ETV Bharat / bharat

JP Nadda's Tripura visit postponed: ক'ভিড পৰিস্থিতিৰ বাবে বাতিল জে পি নাড্ডাৰ ত্ৰিপুৰা ভ্ৰমণ

author img

By

Published : Jan 8, 2022, 4:32 PM IST

JP Nadda
ক'ভিড পৰিস্থিতিৰ বাবে বাতিল জে পি নাড্ডাৰ ত্ৰিপুৰা ভ্ৰমণ

অহা ১০ জানুৱাৰীত ত্ৰিপুৰালৈ অহাৰ কথা আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ । কিন্তু দেশজুৰি ক'ভিডৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল এই কাৰ্যসূচী (JP Nadda’s Tripura visit postponed)। ১৫ দিনলৈ দলীয় সকলো অনুষ্ঠান বাতিল ৰাজ্যিক বিজেপিৰ ।

আগৰতলা,৮ জানুৱাৰী : অহা বছৰ ত্ৰিপুৰাত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । তাৰ পূৰ্বে এতিয়া বিজেপিৰ শীৰ্ষ নেতাসকলৰ আগমন ঘটিছে ৰাজ্যখনলৈ । শেহতীয়াকৈ ৰাজ্যখনৰ কেইবাটাও আঁচনি শুভাৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ইয়াৰ পাছতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ত্ৰিপুৰা ভ্ৰমণৰ কথা আছিল ।

জানিব পৰা মতে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সাংগঠনিক বৈঠকৰ উদ্দেশ্যে ১০ জানুৱাৰীত ত্ৰিপুৰালৈ অহাৰ কথা আছিল ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ । কিন্তু দেশজুৰি ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে জে পি নাড্ডাৰ ভ্ৰমণ বাতিল কৰা হৈছে (JP Nadda’s Tripura visit postponed)। প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজ্যিক বিজেপিয়ে উল্লেখ কৰিছে যে ক'ভিড লগতে নতুন প্ৰকাৰ অ'মিক্ৰণৰ সংক্ৰমণ বৃদ্ধিৰ বাবে সভাপতিগৰাকীৰ ভ্ৰমণ স্থগিত ৰখা হৈছে । যদিও ত্ৰিপুৰাত এতিয়ালৈ অ'মিক্ৰণৰ এটাও ঘটনা পোহৰলৈ অহা নাই তথাপিও বিষয়টো সহজভাৱে ল'ব বিচৰা নাই ৰাজ্যিক বিজেপিয়ে ।

ইফালে ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিয়ে শুকুৰবাৰে ক'ভিড পৰিস্থিতি সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে । কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ অন্তত অহা ১৫ দিনৰ বাবে সকলো দলীয় কাৰ্যকলাপ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক বিজেপিয়ে । আনহাতে দলৰ বাকী কাৰ্যকলাপ অব্যাহত থাকিব আৰু যিকোনো পৰিস্থিতিৰ বাবে বিজেপিৰ কৰ্মীসকল সাজু থাকিব বুলিও বিজেপিৰ প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক:Puri Jagannath Temple to remain closed : কৰ’ণাৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.