ETV Bharat / state

দুই আৰক্ষী জোৱান সহ তিনি যুৱকৰ আলফা স্বাধীনত যোগদান

author img

By

Published : Jan 8, 2022, 2:57 PM IST

Updated : Jan 8, 2022, 5:53 PM IST

assam-police-personal-joined-ulfa-i
দুই আৰক্ষী জোৱান সহ তিনি যুৱকৰ আলফা স্বাধীনত যোগদান

14:39 January 08

আলফা স্বাধীনত যোগদান কৰিলে দুই আৰক্ষী জোৱান সহ তিনি যুৱকে(assam police personal joined ULFA I) ৷ কিছু দিন ধৰি সন্ধানহীন হৈ আছিল এই যুৱক কেইজন ৷

তিনিচুকীয়া, 8 জানুৱাৰী : ৰাজ্যৰ একাংশ যুৱ প্ৰজন্মৰ মাজত ধাৰাবাহিকভাৱে অব্যাহত আছে আলফা(স্বা)ত যোগদান প্ৰক্ৰিয়া(Youth joining ULFA) । আলফা(স্বা)ৰ একপক্ষীয় অস্ত্ৰবিৰতি (Ceasefire by ULFA I) চলি থকাৰ মাজতে ধাৰাবাহিকভাৱে ইজনৰ পিছত সিজন যুৱকে নিষিদ্ধ ঘোষিত আলফা সংগঠনটোত যোগদান কৰিবলৈ যোৱাৰ বাতৰি সময়ে সময়ে প্ৰচাৰিত হৈ আছে ৷ এইবাৰ দুই আৰক্ষী জোৱান সহ তিনি যুৱকে যোগদান কৰিলে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)ত (assam police personal joined ULFA I) ৷

জানিব পৰা মতে, ইয়াৰে এগৰাকী মাকুম চেকেণ্ড এপিবিএনত কৰ্মৰত চাবুৱা জেৰাই গাঁৱৰ কৌশিক গোহাঁই ৷ আন এগৰাকী চৰাইদেও জিলাৰ সোনাৰিৰ শিলচৰত কৰ্মৰত আৰক্ষী জোৱান নিৰ্মল ফুকন বুলি জানিব পৰা গৈছে ৷ আনজন যুৱক তিনিচুকীয়া জিলাৰ তালাপ তামুলি গাঁৱৰ পিংকু মৰাণ ৷ তথ্য অনুসৰি, বিগত কিছু দিন ধৰি সন্ধানহীন হৈ আছিল এই যুৱক কেইজন ৷

সম্প্ৰতি, এই খবৰ বিয়পি পৰা লগে লগে সমগ্ৰ অসমৰ লগতে তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে অসম আৰক্ষীৰ ভিতৰ চোৱাত ৷

লগতে পঢ়ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা

Last Updated : Jan 8, 2022, 5:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.