ETV Bharat / city

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 4, 2022, 5:05 PM IST

top-10-at-5pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

কাৰাগাৰলৈ প্ৰৰণ কৰা হ’ল SI জোনমণি ৰাভাক

কাৰাগাৰলৈ প্ৰেৰণ জোনমণি ৰাভাক (SI Junmoni Rabha)৷ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰৰণ জোনমণি ৰাভাক । মাজুলী আৰক্ষীয়ে গেপ্তাৰ কৰিছিল SI জোনমণি ৰাভাক ।

PPE Kit Scam: কেলেংকাৰীক লৈ কি ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই ?

পিপিই কিট কেলেংকাৰীক (PPE Kit scam in Assam) লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হৈ থকাৰ সময়তে মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ সংবাদমেল । তেওঁৰ মতে অসমত কোনো ধৰণৰ কেলেংকাৰী হোৱা নাই । মুখ্যমন্ত্ৰীৰ পৰিয়াল কোনো ধৰণৰ কেলেংকাৰীৰ লগত জড়িত নহয় ।

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অসমৰ প্ৰথমটো লিংগ-নিৰপেক্ষ শৌচালয়

এখন কৰ্মশালাৰ বাবে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ অতিথি হিচাপে আহিছিল "ভ্ৰাম্যমাণ গ্ৰন্থাগাৰ"ৰূপে খ্যাত ঋতুপৰ্ণ ৷ তেওঁ এখন শাৰী পিন্ধি আহিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ শাৰী সলনি কৰিবলৈ ৱাছৰুমলৈ গৈ অসুবিধাৰ সন্মুখীন হয় । তেওঁ কাপোৰ সলনি কৰিবলৈ ঠাই বিচাৰি আছিল । কিন্তু তেওঁ পুৰুষৰ ৱাছৰুমলৈ যাবলৈ ইচ্ছুক নাছিল ।

SI Junmani Rabha arrested : অৱশেষত গ্ৰেপ্তাৰ হ’ল বহু বিতৰ্কিত এছ আই জোনমণি ৰাভা

অৱশেষত চৰ্চাৰ অন্ত পৰিল ৷ শনিবাৰে গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বহু বিতৰ্কিত এছআই জোনমণি ৰাভাক (Arrested SI Junmoni Rabha) ৷

ত্ৰিপুৰাৰ প্ৰতিটো ভোটকেন্দ্ৰকে অতি স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰাৰ আহ্বান CPI(M)ৰ

ত্ৰিপুৰা আহি থকা উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্য নিৰ্বাচনী বিষয়ালৈ চিপিআই(এম) দলৰ বিশেষ পত্ৰ । নিৰ্বাচনী হ'বলগীয়া সমষ্টি কেইটাৰ প্ৰতিটো ভোটকেন্দ্ৰক অতি স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰিবলৈ চিপিআইএমৰ আহ্বান (CPIM leader asked to treat all polling booths as hypersensitive)। সমষ্টি কেইটাত বিজেপিয়ে হিংসাত্মক ঘটনা সংঘটিত কৰাৰো অভিযোগ কৰিছে ।

ভাৰতৰ প্ৰথম K Pop Singer শ্ৰীয়া লেংকাৰ প্ৰত্যাহ্বানমূলক যাত্ৰা

অলপতে হোৱা এটা সাক্ষাৎকাৰত ভাৰতৰ প্ৰথমগৰাকী কে-পপ তাৰকা শ্ৰীয়া লেংকাই তেওঁৰ প্ৰত্যাহ্বানমূলক যাত্ৰাৰ কথা শ্বেয়াৰ কৰে ৷ জানোচোন আহক কি কি অসুবিধাৰ সন্মুখীন হৈছিল শ্ৰীয়া-

সংগীত নাটক অকাডেমীলৈ মনোনীত অসমৰ ড৹ অনিল শইকীয়া

অসমৰ কলা সংস্কৃতিৰ জগতলৈ সুখবৰ ৷ মৰাণ নিবাসী লোক সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়া মনোনীত হৈছে সংগীত নাটক অকাডেমীলৈ ৷ এই খবৰে অসমৰ সাংস্কৃতিক জগতখনক চহকী কৰি তুলিছে (Assamese folk culture researcher) ৷

কেলেণ্ডুলা : ছালৰ ৰঙা পৰা আৰু দাগ নাইকীয়া কৰাৰ ৰহস্য

সকলোৱে ফুল ভাল পায় ৷ ফুলদানিত সজোৱাৰ পৰা আৰম্ভ কৰি কেশসজ্জালৈকে সকলোতে আমি ফুল ব্যৱহাৰ কৰো ৷ বিভিন্ন প্ৰকাৰৰ ফুলত বিভিন্ন ধৰণৰ উপাদান নিহিত হৈ থাকে, বিশেষকৈ ছালৰ বাবে উপকাৰী উপাদান ইয়াত পোৱা যায় ৷ ইয়ে ছালক সজীৱ কৰি ৰখাৰ লগতে মইশ্চৰাইজ কৰি ৰাখে ৷ তেনে এক ফুলৰ নাম হৈছে কেলেণ্ডুলা ৷

চিচিটিভিৰ বাবে চুৰি কৰাত ব্যৰ্থ চোৰে ভাঙিলে কেমেৰা; তাৰ পিছত কি হ’ল চাওক

চুৰি হেনো উত্তম বিদ্যা,ধৰা পৰিলে শিলৰ খুন্দা । ৰঙিয়াত চুৰি কৰিবলৈ গৈ ব্যৰ্থ হোৱা চোৰক ৰাইজে দিলে উত্তম-মধ্যম । CCTV ভাঙিও চোৰে লুকুৱাব নোৱাৰিলে নিজৰ মুখ (CCTV broken by thief) । শেষত চুলি কাটি, চূণ সানি ৰাইজে চোৰক গটালে আৰক্ষীক ।

উত্তৰাখণ্ডত এছিয়াৰ সৰ্ববৃহৎ আৰু দেশৰ প্ৰথম তৰল-দাপোন টেলিস্কোপ স্থাপন

আৰ্যভট্ট গৱেষণা পৰ্যৱেক্ষণ বিজ্ঞান প্ৰতিষ্ঠানে(ARIES) উত্তৰাখণ্ডৰ দেৱাস্থল পৰ্যৱেক্ষণালয়ত ভাৰতৰ প্ৰথম (India's 1st liquid-mirror telescope in Uttarakhand) তথা এছিয়াৰ সৰ্ববৃহৎ তৰল দাপোন টেলিস্কোপ (Asia's largest liquid mirror telescope) স্থাপন ৷ এই প্ৰকল্পটোৱে বৈজ্ঞানিক আৰু অভিযান্ত্ৰিক পৃষ্ঠভূমিৰ লোকসকলক প্ৰত্যাহ্বানমূলক সমস্যাসমূহ গ্ৰহণ কৰিবলৈ আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.