ETV Bharat / state

চিচিটিভিৰ বাবে চুৰি কৰাত ব্যৰ্থ চোৰে ভাঙিলে কেমেৰা; তাৰ পিছত কি হ’ল চাওক

author img

By

Published : Jun 4, 2022, 4:02 PM IST

চুৰি হেনো উত্তম বিদ্যা,ধৰা পৰিলে শিলৰ খুন্দা । ৰঙিয়াত চুৰি কৰিবলৈ গৈ ব্যৰ্থ হোৱা চোৰক ৰাইজে দিলে উত্তম-মধ্যম । CCTV ভাঙিও চোৰে লুকুৱাব নোৱাৰিলে নিজৰ মুখ (CCTV broken by thief) । শেষত চুলি কাটি, চূণ সানি ৰাইজে চোৰক গটালে আৰক্ষীক ।

Camera broken by thief who failed to steal for CCTV in Rangia
ৰঙিয়াত চুৰি কৰিবলৈ আহি চিচিটিভি ভাঙিলে চোৰে

ৰঙিয়া,৪ জুন: দিন বেয়া চলিলে সকলো বুদ্ধিয়েই যেন অসাৰ । হাজাৰ চেষ্টা কৰিও নোৱাৰি সাৰিব । ৰঙিয়াৰ এটা চোৰৰ চলি আছিল শনিৰ দশা । চোৰটোৱে ৰঙিয়াৰ এজন লোকৰ ঘৰত চাফাই অভিযান চলোৱাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল নিশাৰ ভাগত । ইফালে সিফালে চাই চিচিটিভিৰ বাবে চুৰি কৰাত ব্যৰ্থ হোৱাত চোৰে ভাঙিলে সেই স্থানত থকা CCTV কেমেৰা (CCTV broken by thief) । কিন্তু গৃহস্থই সাৰ পোৱা যেন অনুমান কৰি সেই স্থানৰ পৰা আঁতৰি গৈছিল চোৰটো (Thief failed to steal for CCTV) ।

পিছে নিশা সংঘটিত সমগ্ৰ ঘটনাৰ লগতে চোৰটোৰ মুখমণ্ডল স্পষ্টৰূপত বন্দী হৈ ৰ’ল CCTV কেমৰাৰ ষ্ট’ৰেজত(Face of thief captured in CCTV camera) । কেমৰাৰ ষ্ট’ৰেজত বন্দী হৈ ৰৈছিল চোৰটোৰ সকলো কাণ্ড । প্ৰথমে ঘৰৰ সন্মুখত মোবাইলেৰে টৰ্চ জ্বলাই ভিতৰলৈ সোমোৱাৰ পৰিকল্পনা কৰিছিল চোৰটোৱে । এনে সময়তে গৃহস্থৰ ঘৰৰ সন্মুখত প্ৰত্যক্ষ কৰে চিচিটিভি কেমেৰা । ইয়াৰ পিছতে ইফালে সিফালে চাই চোৰে লগে লগে চিচিটিভি কেমেৰা ভাঙিবলৈ আৰম্ভ কৰে । চিচিটিভিত ধৰা পৰাৰ ভয়ত পিছত দুটাকৈ চিচিটিভি কেমেৰা ভাঙিলে যদিও গৃহস্থই সাৰ পোৱা যেন অনুমান কৰি চোৰটোৱে পলায়ন কৰে ।

ৰঙিয়াত চুৰি কৰিবলৈ আহি চিচিটিভি ভাঙিলে চোৰে

পৰৱৰ্তী সময়ত গৃহস্থই CCTV ৰ কেমেৰাকেইটা ভঙা অৱস্থাত উদ্ধাৰ কৰে আৰু ফুটেজত প্ৰত্যক্ষ কৰে চোৰৰ সমগ্ৰ কাণ্ড । ফুটেজত স্পষ্টৰূপত জিলিকি আছিল চোৰটোৰ মুখমণ্ডল । পিছত স্থানীয় ৰাইজেও CCTV ৰ সেই ফুটেজ প্ৰত্যক্ষ কৰি চোৰটো সমীপৰে এখন হোটেলৰ কৰ্মচাৰী বুলি নিশ্চিত কৰে ।

লগে লগে স্থানীয় ৰাইজে কৰায়ত্ব কৰে চোৰটোক(Public caught thief)। পিছত চোৰটোক উত্তম মধ্যম দি মুখত চূণ সানি আৰু চুলি কাটি আৰক্ষীৰ হাতত গতাই দিয়ে স্থানীয় ৰাইজে । ধৃত চোৰটো বিহাৰৰ অমৰজিৎ ৰায় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: SI Junmani Rabha arrested : অৱশেষত গ্ৰেপ্তাৰ হ’ল বহু বিতৰ্কিত এছ আই জোনমণি ৰাভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.