ETV Bharat / city

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 15, 2022, 11:01 AM IST

top 10 at 11 am
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ বাসগৃহত অগ্নিকাণ্ড

দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ বাসগৃহত বুধবাৰে নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড (Fire broke out in MLA Teras Gowala house) । বিধায়কগৰাকীৰ পাকঘৰ আৰু শোৱনি কোঠাত সংঘটিত হয় এই অগ্নিকাণ্ড (Fire incident in Duliajan) ।

মাধৱদেৱৰ তিৰোভাৱ তিথি: বৰপেটা সত্ৰত পৰিৱেশন নৃসিংহ যাত্ৰা ভাওনা

সত্ৰনগৰী বৰপেটাত পালন কৰা হয় মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি (426th death anniversary of Madhavdev) ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বুধবাৰে নিশা সত্ৰত পৰিৱেশন কৰা হয় ভাওনা (Bhaona performance at Barpeta satra) ৷

মাগুৰি বিলত নতুন তৈলখাদ স্থাপনে তীব্র ভাবুকি কঢ়িয়াইছে বিলখনলৈ

পুনৰাবৃত্তি হ'ব নেকি বাঘজান কাণ্ডৰ (Baghjan fire incident)? মাগুৰি বিলত নতুন তৈলখাদ স্থাপনে বিলখনলৈ কঢ়িয়াই আনিছে তীব্র ভাবুকি (threat to the Maguri Beel) । পুনৰ নতুন তৈলখাদ স্থাপনক লৈ সৰৱ পৰিৱেশকৰ্মীৰ লগতে বাঘজানবাসী ।

মৰাণত আত্মসহায়ক গোটৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা মহিলাক সম্বৰ্ধনা এছবিআইৰ

আত্মসহায়ক গোটৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা মহিলাক সম্বৰ্ধনা জনালে ভাৰতীয় ষ্টেট বেংক মৰাণ শাখাই (felicitation to self reliant SHG by Moran SBI) । ভাৰতীয় ষ্টেট বেংক মৰাণ শাখাৰ উদ্যোগত 'মোৰ বেংক : মোৰ আত্মসহায়ক গোট' শীৰ্ষক কাৰ্যসূচী সম্পন্ন ।

বিশ্বৰ প্ৰথমগৰাকী শিশু নাট ৰচয়িতা মাধৱদেৱ : ড৹ ননীগোপাল মহন্ত

‘‘মহাপুৰুষ মাধৱদেৱ বিশ্বৰ প্ৰথমগৰাকী শিশু নাটৰ ৰচক (World first children drama writer Madhavdev) ৷ তেওঁ নাটসমূহ ৰচনা কৰাৰ সময়ত ভাৰতবৰ্ষৰ অন্য প্ৰান্তীয় ভাষাত এনেধৰণৰ নাট ৰচনা হোৱা নাছিল’’ ৷ বুধবাৰে বৰপেটা সত্ৰৰ কৰাপাটৰ সন্মুখত আয়োজন কৰা মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিৰ সোঁৱৰণী সভাত অংশ লৈ এই মন্তব্য কৰে ড৹ ননীগোপাল মহন্তই ৷

নিযুক্তিৰ নামত হোৱা দুৰ্নীতিৰ অভিযোগক লৈ সৰৱ বিৰোধী

নিযুক্তিকেন্দ্ৰিক দুৰ্নীতি সন্দৰ্ভত এ আই ইউ ডি এফৰ বিধায়কদ্বয় আশ্ৰাফুল হুছেইন আৰু ৰফিকুল ইছলামৰ লগতে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিধানসভা চৌহদত প্ৰতিক্ৰিয়া । বিজেপি চৰকাৰৰ দিনত হোৱা প্ৰতিটো নিযুক্তিৰ আঁৰত আছে দুৰ্নীতি আৰু দালালৰাজ । এই কথা তথ্য সহকাৰে প্ৰমাণ হৈছে ।

অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত পিষ্টলসহ আটক এজন

বঙাইগাঁও জিলাৰ অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত ২ টা পিষ্টলসহ আটক এজন (Man arrested with pistols in Bongaigaon ) ৷ আটকাধীন যুৱকজন কীৰ্ত্তনপাৰা ২ য় খণ্ডৰ ইমৰান হুছেইন বুলি জানিব পৰা গৈছে ৷

জেহাদী গোচৰৰ বুজ ল'বলৈ গোৱালপাৰাত জি পি সিং

জেহাদী সম্পৰ্কে অসম আৰক্ষীয়ে যেতিয়ালৈকে খবৰ আৰু তথ্য পাই থাকিব তেতিয়ালৈকে অভিযানো অব্যাহত থাকিব ৷ গোৱালপাৰাত উপস্থিত হৈ আজি এই মন্তব্য কৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

ৰাণী এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ১৭ ৰ পৰা ১৯ ছেপ্টেম্বৰৰ ভিতৰত লণ্ডন ভ্ৰমণ কৰি ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব আৰু ভাৰত চৰকাৰৰ হৈ সমবেদনা জ্ঞাপন কৰিব (President Murmu to attend Queen Elizabeth funeral) ।

Vicky Kaushal Katrina Kaif news: প্ৰথমবাৰৰ বাবে স্ক্ৰীণ শ্বেয়াৰ কৰিছে বিকী-কেটৰিণাই

বিকী-কেটৰিণাৰ শেহতীয়া ভাইৰেল হোৱা ফটো দেখি জল্পনা-কল্পনাত শুব পৰা নাই অনুৰাগী ৷ প্ৰথমবাৰৰ বাবে বিকী-কেটৰিণা স্ক্ৰীণত একেলগে দেখা পাই অনুৰাগীৰ গা একেবাৰে সাতখন আঠখন ৷ শ্বুটিঙৰ পৰা ছবিবোৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। দুয়োকে সাংঘাতিক ধুনীয়া দেখাইছে ফটোবোৰত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.