ETV Bharat / city

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Aug 3, 2022, 9:24 AM IST

9 বজাৰ শীৰ্ষ 10টা বাতৰি
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

Drinking water supply project: 15 ঘৰলৈহে জাইকাৰ পানী

জাইকাৰ সাহায্য প্ৰাপ্ত কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাত এমাহৰ ভিতৰত পানী যোগান ধৰাৰ সিদ্ধান্ত লৈছে (Jaika drinking water project in Guwahati city) ৷ কিন্তু পানী যোগান ধৰাৰ ব্যৱস্থা যথেষ্টে লেহেমীয়া গতিৰে আগবাঢ়িছে ।

Assam TMC Press Meet : ৮ বছৰে জনসাধাৰণে অমৃতৰ পৰিৱৰ্তে বিষহে পান কৰি আছে: ৰিপুণ বৰা

ৰিপুণ বৰাৰ বক্তব্য, দেশৰ জাতীয় পতাকাক আমি সকলোৱে সন্মান কৰি আহিছো আৰু আগলৈও সন্মান কৰি যাম । কিন্তু Flag Code of India, 2002 Part-I para-1.2 ত স্পষ্টভাৱে উল্লেখ আছে যে এই পতাকা খাদী, চিল্ক বা সূতাৰ দ্বাৰা নিৰ্মিত হ'ব লাগে আৰু হাতে-বোৱা হ'ব লাগে ।

School provincialisation in Assam: অনিশ্চয়তাত ৰাজ্যৰ ২৪ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ ভৱিষ্যৎ

এতিয়ালৈকে ৰাজ্যৰ ২৬৫৯ খন শিক্ষানুষ্ঠান প্ৰদেশিকীকৰণ হোৱা নাই । ইয়াৰে এল পি স্কুল ১২৫৬ খন, এম ই স্কুল ৮৮৯ খন, হাইস্কুল ৪৩১ খন, ছিনিয়ৰ ছেকেণ্ডেৰী ৪৫ খন আৰু ডিগ্ৰী কলেজ ৩৮ খন । ইয়াত নিয়োজিত হৈ আছে ২০,৭৩১ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ৩১৭৯ গৰাকী কৰ্মচাৰী (Assam venture school teacher)। কি হ'ব ২৩,৯১০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ লগতে বিদ্যালয়সমূহত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত?

Water Resource department review meeting: ডিজিটেলাইজড হ'ব মথাউৰিৰ তথ্য

ভিডিঅ’ কনফাৰেন্সযোগে বিভাগীয় পৰ্যালোচনা বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকা । ডিজিটেলাইজড ৰূপত বিভাগত উপলব্ধ হ’ব মথাউৰিৰ তালিকা । বান নিয়ন্ত্ৰণৰ বাবে মথাউৰিত নিৰ্দিষ্ট দূৰত্বত শ্লুইছ গেট নিৰ্মাণৰ বিষয়ে গৱেষণা কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ । বিভাগীয় সকলো অভিযন্তাকে অনাগত এটা মাহ সষ্টম হৈ থাকিবলৈ নিৰ্দেশ । ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত বিভাগৰ সকলো অভিযন্তাক লৈ হ'ব দুদিনীয়া কৰ্মশালা ।

Husband walking with dead body: যোগীৰ দেশ: এম্বুলেঞ্চৰ অভাৱত পত্নীৰ মৃতদেহ স্বামীৰ কান্ধত

উন্নয়নৰ ঢাক-ঢোল বজাই থকা শাসনাধিস্থ বিজেপি চৰকাৰৰ দিনত স্বামীয়ে কঢ়িয়াবলগীয়া হ'ল পত্নীৰ মৃতদেহ ৷

Assam Sahitya Sabha election: অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হ’ব য়েছে দৰজে ঠংচি

চলিত বৰ্ষৰ অক্টোবৰ বা নৱেম্বৰ মাহত অসম সাহিত্য সভাৰ নতুন সভাপতি পদৰ বাবে নিয়মানুসাৰে নির্বাচন অনুষ্ঠিত হ’ব (Assam Sahitya Sabha election)। সভাপতি পদৰ বাবে ঠংচিকে ধৰি কেইবাজনৰো নাম চৰ্চালৈ আহিছে (Yeshe Dorjee Thongchi) । ইতিমধ্যে অসম সাহিত্য সভাই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত সভাৰ নিৰ্বাচন প্রক্রিয়া তদাৰক কৰিবলৈ এখন সমিতি গঠন কৰি দিছে ৷

Agricultural review meeting: নিবনুৱা সমস্যা সমাধানত সৰ্বাধিক ভূমিকা ল'ব পৰা খণ্ডটোৱেই হৈছে কৃষি: অতুল বৰা

কৃষি বিভাগৰ দিনজোৰা ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা সম্বোধন কৃষি মন্ত্ৰী অতুল বৰাৰ । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ ৰূপায়ণ স্থিতি তথা বিভাগীয় কাম-কাজসমূহ বিস্তৃত পৰ্যালোচনা । যুৱপ্ৰজন্মক কৃষিখণ্ডৰ প্ৰতি অধিক আকৰ্ষিত কৰিবলৈ বিভাগীয় আঁচনিসমূহৰ সুবিধাৰ বিষয়ে যুৱপ্ৰজন্ম তথা ৰাইজৰ মাজলৈ লৈ যাবলৈ বিষয়াসকলক নিৰ্দেশ ।

Road accident at Rangia: দ্ৰুতবেগী বাহনে মহতিয়াই নিলে মহিলাক

মঙলবাৰে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চক'ৰ সমীপত সংঘটিত হয় এটি শোকাৱহ পথ দুৰ্ঘটনা(Road accident at Rangia) । যি দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এগৰাকী মহিলাৰ ৷

Bihu dance controversy: অসমীয়া জাতিক নিঃশেষৰ পৰিকল্পনা: বিহু সুৰক্ষা সমিতি

ভাৰতলৈ মালদ্বীপৰ ৰাষ্ট্ৰপতি অহাৰ সময়ত অসমৰ বিহু নৃত্যক মঞ্চত প্ৰদৰ্শন কৰি বিকৃত কৰাক লৈ সৰৱ দল সংগঠন আৰু সচেতন মহল (Bihu dance controversy)। ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ।

Class10 girl in Hojai found dead: উলংগ অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ

লামডিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ সোমবাৰে নিশা লামডিঙৰ কৃষ্ণবস্তিৰ শালবাগানত উলংগ অৱস্থাত উদ্ধাৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ (Class10 girl in Hojai found dead) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.