Road accident at Rangia: দ্ৰুতবেগী বাহনে মহতিয়াই নিলে মহিলাক

By

Published : Aug 2, 2022, 9:51 PM IST

thumbnail

মঙলবাৰে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চক'ৰ সমীপত সংঘটিত হয় এটি শোকাৱহ পথ দুৰ্ঘটনা(Road accident at Rangia) । যি দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এগৰাকী মহিলাৰ ৷ গুৱাহাটীৰ পৰা নলবাৰী অভিমুখী এখন অচিনাক্ত দ্ৰুতবেগী বাহনে মহিলাগৰাকীক মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয়(Women died in road accident) । মৃত মহিলাগৰাকী ৰঙিয়া নগৰৰ ৩ নং ৱাৰ্ডৰ মুৰাৰাৰ ৰহিদা বেগম (৬২)বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা অচিনাক্ত বাহনসহ চালকে পলায়ন কৰে । ইফালে, পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মহিলাগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথটো অতিক্ৰম কৰিবলৈ লওঁতেই দুৰ্ঘটনাটো সংঘটিত হয় । পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰি ৰঙিয়া থানালৈ লৈ আহে । ৰহিদা বেগমত মৃত্যুত ৰঙিয়াৰ মুৰাৰা অঞ্চলত শোকৰ ছাঁ পৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.