Assam TMC Press Meet : ৮ বছৰে জনসাধাৰণে অমৃতৰ পৰিৱৰ্তে বিষহে পান কৰি আছে: ৰিপুণ বৰা

author img

By

Published : Aug 2, 2022, 8:11 PM IST

Updated : Aug 2, 2022, 9:42 PM IST

TMC

ৰিপুণ বৰাৰ বক্তব্য, দেশৰ জাতীয় পতাকাক আমি সকলোৱে সন্মান কৰি আহিছো আৰু আগলৈও সন্মান কৰি যাম । কিন্তু Flag Code of India, 2002 Part-I para-1.2 ত স্পষ্টভাৱে উল্লেখ আছে যে এই পতাকা খাদী, চিল্ক বা সূতাৰ দ্বাৰা নিৰ্মিত হ'ব লাগে আৰু হাতে-বোৱা হ'ব লাগে ।

গুৱাহাটী, ২ আগষ্ট : মঙলবাৰে অনুষ্ঠিত হয় অসম তৃণমূল কংগ্ৰেছৰ এক সংবাদমেল (Assam Trinamool Press Meet) । সংবাদমেল সম্বোধন কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ষপূৰ্তি উপলক্ষে বিজেপি চৰকাৰে ঘোষণা কৰা 'আজাদী কা অমৃত মহোৎসৱ' (Azadi ka Amrit Mahotsav) কাৰ্যসূচীৰ এক অংশ হিচাপে অহা ১৫ আগষ্টৰ দুদিনৰ আগৰে পৰা তিনিদিনৰ বাবে সকলো পৰিয়ালৰ বাসগৃহত ভাৰতৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে ।

দেশৰ জাতীয় পতাকাক আমি সকলোৱে সন্মান কৰি আহিছো আৰু আগলৈও সন্মান কৰি যাম । কিন্তু Flag Code of India, 2002 Part-I para-1.2 ত স্পষ্টভাৱে উল্লেখ আছে যে এই পতাকা খাদী, চিল্ক বা সূতাৰ দ্বাৰা নিৰ্মিত হ'ব লাগে আৰু হাতে-বোৱা হ'ব লাগে । গান্ধীজীয়ে যঁতৰত হাতে বোৱা কাপোৰৰ যোগেদি ভাৰতবৰ্ষৰ শিপিনীসকলক যি আত্মনিৰ্ভৰ হোৱাৰ এক নিৰ্দশন প্ৰতিষ্ঠা কৰিছিল (Gandhiji established self confidence to weavers) সেই আদৰ্শৰ ভিত্তিতে আমাৰ জাতীয় পতাকাখন হাতে বোৱা হ'ব লাগে বুলি অগ্ৰাধিকাৰ দিবলৈ Flag Code of India ত উল্লেখ আছে ।

কিন্তু ইয়াকে নকৰি বিজেপি চৰকাৰে পুঁজিপতি ব্যৱসায়ীৰ স্বাৰ্থত পলিয়েষ্টাৰ পতাকা ব্যাপক হাৰত মেচিনত উৎপাদন কৰি দেশৰ জনসাধাৰণক কিনিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে (BJP government produced polyester flags interest of capitalist)। আনহাতে, চৰকাৰৰ এই অভিযানৰ অন্তৰালত বৃহৎ পুঁজিপতি গোষ্ঠীক আৰ্থিকভাৱে লাভৱান কৰিবলৈ লোৱা পৰিকল্পনা স্পষ্ট হৈ পৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে চৰকাৰে যদি দৰিদ্ৰ ৰাইজক বিনামূলীয়াকৈ চাউল, অৰুণোদয় আঁচনিত মাহিলি ১২০০ টকা আৰু অনান্য বিনামূলীয়া আঁচনি দিব পাৰে, তেন্তে এই জাতীয় পতাকাৰ বাবে এককালীন ১৮ টকা কিয় দিব নোৱাৰে ?

কিয়নো বৰ্তমান আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশৰ ৰাইজক এনেদৰে জুৰুলা কৰিছে যে বহু পৰিয়ালৰ ১৮ টকা ভৰিবলৈ সামৰ্থ্য নাই । স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ (75th Independence Day of India) হোৱা উপলক্ষে চৰকাৰে ঘোষণা কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ৰ যদি আমি নিৰপেক্ষ বিশ্লেষণ কৰোঁ তেন্তে দেখা যায় যে দেশে স্বাধীনতা পোৱাৰ পৰা ৬৭ বছৰত প্ৰকৃতাৰ্থত জনসাধাৰণে অমৃত পাইছিল, কিন্তু যোৱা ৮ বছৰত জনসাধাৰণে অমৃতৰ পৰিৱৰ্তে বিষহে পান কৰি আছে ।

কিয়নো বিগত আঠ বছৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি মূল্যবৃদ্ধি আৰু মূদ্ৰাস্ফীতিয়ে জনসাধাৰণ জীৱন দুৰ্বিষহ কৰি তুলিছে, নিত্যব্যৱহাৰ্য সকলো সামগ্ৰীৰ নিয়ন্ত্ৰণহীনভাৱে আকাশলংঘী মূল্যবৃদ্ধি, বিমুদ্ৰাকৰণ, সকলো সামগ্ৰীৰ ওপৰত উপৰ্যুপৰি আৰোপ কৰা জি এছ টি (GST), ক’ভিড কালত ঘোষণা কৰা অপৰিকল্পিত লকডাউনে দেশৰ অৰ্থনীতি বিধ্বস্ত কৰাৰ ফলত জনসাধাৰণৰ ক্ৰয় ক্ষমতা ব্যাপকভাৱে হ্ৰাস হৈছে । দেশৰ জনমূৰি আয় এনেধৰণে হ্ৰাস হৈছে যে ২০২১ চনত ৯৪,৯৫৪ টকাৰ বিপৰীতে ২০২২ চনত ৯২,০০০ টকা হৈছে ।

ইয়াৰ ফলত ভাৰতৰ প্ৰতিজন নাগৰিকৰ দৈনিক উপভোক্তা ব্যয় ১১ শতাংশলৈ হ্ৰাস পাইছে আৰু এবছৰত গড়ে প্ৰতিজন নাগৰিকৰ ৮,৫০০ টকাকৈ উপাৰ্জন হ্ৰাস হৈছে । এনে বিধ্বস্ত অৰ্থনীতি কেতিয়াও অমৃত হ’ব নোৱাৰে । দেশৰ নিবনুৱা সমস্যাই যেনেদৰে ভয়াৱহ (Unemployment problem rises in India) ৰূপ ধাৰণ কৰিছে ঠিক তেনেদৰে বিজেপি চৰকাৰৰ ভুল নীতিৰ ফলত আমাৰ দেশৰ বৈদেশিক ঋণৰ বোজা ২০১৪ চনলৈকে ৫৪,৯০,৭৬৩ কোটি টকাৰ বিপৰীতে ২০২২ চনত অৰ্থাৎ যোৱা ৮ বছৰত এই বৈদেশিক ঋণ ১২৮,৪০,৫৩১ কোটি টকালৈ (প্ৰায় ৩ গুণ) বৃদ্ধি হোৱাৰ ফলত প্ৰতিজন নাগৰিকৰ মূৰত যি বৃহৎ ঋণৰ বোজা পৰিছে, এয়া বিজেপি চৰকাৰৰ কেনেধৰণৰ অমৃত মহোৎসৱ ?

একেদৰে অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আমোলত (Assam Chief Minister Himanta Biswa Sarma) ২০১৬ চনত অসমৰ ঋণ ৩৫ হাজাৰ কোটি টকাৰ বিপৰীতে ১,৩৬,০০০ কোটি টকালৈ বৃদ্ধি পোৱাৰ ফলত অসমত প্ৰতিজন নাগৰিকৰ জনমূৰি ঋণৰ বোজা ৩৭,০০০ টকালৈ বৃদ্ধি পাইছে । স্বাধীনতাৰ অমৃত মহোৎসৱৰ নামত এয়া বিষপান কৰাৰ বাহিৰে আন একো নহয় ।

ইপিনে NCRB Report অনুযায়ী সমগ্ৰ দেশৰ ভিতৰত ২০২১ চনত মহিলাৰ বিৰুদ্ধে ধৰ্ষণকে ধৰি সংঘটিত হোৱা বিভিন্ন অপৰাধ সৰ্বাধিক হাৰত বৃদ্ধি হোৱা ৰাজ্য হিচাপে অসম চিহ্নিত হোৱাৰ ফলত আৰু অলপতে লোকসভাত Ploice Encounter ৰ ওপৰত গৃহ মন্ত্ৰীয়ে দিয়া তথ্য অনুযায়ী অসম ভাৰতৰ ভিতৰত তৃতীয় স্থানত (Ripun Bora criticized BJP on Har Ghar Tiranga) । এই তথ্য অনুযায়ী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত যোৱা এটা বছৰত Police Encounter ৩৫০ শতাংশলৈ বৃদ্ধি হৈছে আৰু একেটা তথ্যতে আৰক্ষীৰ জিন্মাত মৃত্যুৰ সংখ্যা অসমত যোৱা বছৰটোত দেশৰ ভিতৰতে সৰ্বাধিক হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাধীনতাৰ অমৃত মহোৎসৱ অসমৰ মানুহে কেনেকৈ পালন কৰিব বুলি মন্তব্য কৰে ।

লগতে পঢ়কBihu Controversy : আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিহুক বিকৃত ৰূপত উপস্থাপন, বিহু কৃষ্টি পৰিষদ অসমৰ সংবাদমেল

Last Updated :Aug 2, 2022, 9:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.