Bihu Controversy : আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিহুক বিকৃত ৰূপত উপস্থাপন, বিহু কৃষ্টি পৰিষদ অসমৰ সংবাদমেল

author img

By

Published : Aug 2, 2022, 5:42 PM IST

bihu

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিহুক বিকৃত ৰূপত উপস্থাপনক লৈ মঙলবাৰে বিহু কৃষ্টি পৰিষদ অসমে এক সংবাদমেল আয়োজন কৰে (Bihu Kristi Parishad Assam press conference)। উল্লেখ্য, মালদ্বীপৰ ৰাষ্ট্ৰপ্ৰধানজনক আদৰণী অনুষ্ঠানত পালাম বিমানবন্দৰত বিকৃত ৰূপত পৰিবেশন কৰা হৈছিল বিহু ।

গুৱাহাটী, ২ আগষ্ট : আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিহুক বিকৃত ৰূপত উপস্থাপনক লৈ মঙলবাৰে বিহু কৃষ্টি পৰিষদ অসমে এক সংবাদমেল আয়োজন কৰে (Bihu Kristi Parishad Assam press conference)। উল্লেখ্য, মালদ্বীপৰ ৰাষ্ট্ৰপ্ৰধানজনক আদৰণী অনুষ্ঠানত পালাম বিমানবন্দৰত বিকৃত ৰূপত পৰিবেশন কৰা হৈছিল বিহু (Bihu presented in distorted form at Palam Airport)।

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিহুক বিকৃত ৰূপত উপস্থাপন, বিহু কৃষ্টি পৰিষদ অসমৰ সংবাদমেল

উক্ত অনুষ্ঠানক দুৰ্ভাগ‍্যজনক আখ্যা দিছে বিহু কৃষ্টি পৰিষদ অসমে । এই সন্দৰ্ভত মঙলবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি পৰিষদৰ মুখপাত্ৰ দীপেন দাসে পালাম বিমানবন্দৰত বিকৃত ৰূপত কোনে বিহু পৰিবেশন কৰিছে ইয়াৰ তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় (Demanding government investigation performing Bihu in distorted manner) ।

আনহাতে, কোন ইভেণ্ট মেনেজমেণ্টে এই কাৰ্য সংঘটিত কৰিছিল তাকো চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈও চৰকাৰক আহ্বান জনায় (urged government to impose harshest punishment) । লগতে অনতিপলমে বিহুৰ পৰিবেশ‍্য উপস্থাপনৰ বাবে চেঞ্চৰ ব'ৰ্ড গঠন কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে (Demanding Censor Board to present Bihu) । তেওঁ লগতে কয় যে বিহুত নাচনীয়ে কাঁহীৰ ব‍্যৱহাৰ কৰা অনুচিত । বিহুত জাকৈ, খালৈৰ ব‍্যৱহাৰো অনুচিত । সোমবাৰৰ অনুষ্ঠানত বিহুৰ আঠটা ভঙ্গীমাৰ এটাও উপস্থাপন হোৱা নাছিল বুলি তেওঁৰ অভিযোগ । বিহুৰ নামত বহুৱালি মুঠেই সহ‍্য কৰা নহ'ব বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে, বিহুৰ ভঙ্গীমা সকলোকে মানি চলিবলৈও সংবাদমেলযোগে আহ্বান জনায় বিহু কৃষ্টি পৰিষদ অসমৰ মুখপাত্ৰগৰাকীয়ে (Bihu Kristi Parishad Assam spokes person press meet) । কিন্তু ইয়াৰ বিপৰীতে উক্ত বিশেষ অনুষ্ঠানটিত বিহুৰ কোনো বৈশিষ্ট্যই প্ৰতিফলিত হোৱা নাছিল বুলি তেওঁ মন্তব্য কৰে । আজিৰ সংবাদমেলত উপদেষ্টা ভবেন দুৱৰী, অভিনেত্ৰী তথা উপ-সভাপতি মিনু বণিয়াও উপস্থিত থাকে ।

লগতে পঢ়ক :Har Ghar Tiranga 2022: ৰঙিয়াত মুকলি ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.