Drinking water supply project: 15 ঘৰলৈহে জাইকাৰ পানী

author img

By

Published : Aug 2, 2022, 10:57 PM IST

Drinking water supply project

জাইকাৰ সাহায্য প্ৰাপ্ত কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাত এমাহৰ ভিতৰত পানী যোগান ধৰাৰ সিদ্ধান্ত লৈছে (Jaika drinking water project in Guwahati city) ৷ কিন্তু পানী যোগান ধৰাৰ ব্যৱস্থা যথেষ্টে লেহেমীয়া গতিৰে আগবাঢ়িছে ।

গুৱাহাটী, 02 আগষ্ট: ৰাজ্য চৰকাৰে শেহতীয়াভাৱে জাইকাৰ সাহায্য প্ৰাপ্ত কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাত এমাহৰ ভিতৰত পানী যোগান ধৰাৰ সিদ্ধান্ত লৈছে (Jaika drinking water project in Guwahati city) ৷ কিন্তু পানী যোগান ধৰাৰ ব্যৱস্থা যথেষ্টে লেহেমীয়া গতিৰে আগবাঢ়িছে । এমাহৰ ভিতৰত কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ মানুহক খোৱাপানী যোগান ধৰা বুলি যোৱা 21 জুলাইত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে সদৰী কৰিছিল ।

সেইদিনা কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাত পানী যোগান ধৰাৰ অনলাইন আবেদনৰ বাবে ৱেব চাইট মুকলি কৰি দিছপুৰৰ জনতা ভৱনৰ পৰা বৃহস্পতিবাৰে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে এই মন্তব্য কৰিছিল । মন্ত্ৰী অশোক সিংহালে সদৰি কৰিছিল যে, ৰাজ্য চৰকাৰে জাইকা সাহায্য প্ৰাপ্ত কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাত পানী যোগান ধৰাৰ সিদ্ধান্ত লৈছে (Drinking water supply in Guwahati city)।

জাইকা সাহায্য প্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ গৃহ সংযোগ সেৱাৰ এয়া ‘ট্ৰায়েল ৰাণ’ । জনসাধাৰণৰ অনলাইন আবেদনৰ বাবে মুকলি হৈছিল ৱেব চাইট । কেন্দ্ৰীয় গুৱাহাটীৰ 121 টা জ'নৰ ভিতৰত 5 জ'নতহে পৰীক্ষামূলকভাৱে পানী যোগান ধৰিব ।

প্ৰথম পৰ্যায়ত পানী যোগানৰ ‘ট্ৰায়েল ৰাণ’ৰ বাবে ৫ টা ‘ডিষ্ট্ৰিক মিটাৰিং এৰিয়া’(DMA) সামৰি লোৱা হৈছে । সেই অঞ্চল কেইটা হ’ল

ডিএমএ ৫ ক 1-অমিয়া নগৰ (অংশ), ৰামছা ৰিজাৰ্ভৰ এলেকা,

ডিএমএ ৫ ক ২ - অমিয়া নগৰ (অংশ), ৰুদ্ৰনগৰ

ডিএমএ ৫ ক ৩ - কৃষ্ণ নগৰ, হলি ছাইল্ড এলেকা

ডিএমএ ৫ ক ৪ - মিলনপুৰ, বামুনী মৈদাম, চান্দমাৰী, দূৰদৰ্শন আৰু জলসিঞ্চন কলনী

ডিএমএ ৫ ক ৫ - ৰাজগড় আৰু পূৱ শৰণীয়া

পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীৰ অন্যান্য অঞ্চলক সামৰি লোৱা হ’ব বুলি লগতে উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে । তিনিমাহলৈ এই ‘ট্ৰায়েল ৰাণ’ৰ পিছত আকৌ নতুন 7 টা ‘ডিষ্ট্ৰিক মিটাৰিং এৰিয়া’(DMA) সামৰি লোৱা হ’ব । নতুন 7 টা ‘ডিষ্ট্ৰিক মিটাৰিং এৰিয়া’ ত (DMA) নাৰিকল বস্তি, শিলপুখুৰী, আৰ জি বৰুৱা ৰোড, নবীন নগৰ, অনিল নগৰ, তৰুণ নগৰ, ফাঁচীবজাৰ, চানমাৰি, গুৱাহাটী ক্লাৱ এলেকা সামৰি লোৱা হ’ব । প্ৰথম পৰ্যায়ত পানী যোগানৰ ‘ট্ৰায়েল ৰাণ’ত 3000 হাজাৰ মানুহক পানী যোগান ধৰা হ’ব ।

মন্ত্ৰী অশোক সিংহালে কৈছিল যে, অহা 21 দিনৰ ভিতৰত নিৰ্ধাৰিত এলেকাৰ মানুহে অনলাইন আৱেদন কৰিব লাগিব । প্ৰতি ঘৰ মানুহে আৱেদনৰ বাবে 500 টকা মাচুল, পানীৰ পাইপ আৰু মিটাৰ সংযোগৰ বাবদ 5000 টকা আৰু আমানতৰ ধন হিচাপে 2000 টকা আদায় দিব লাগিব । অৰ্থাৎ প্ৰতি ঘৰ মানুহে মুঠ 7500 টকা আদায় দিব লাগিব । দিনত দুবাৰ পানী দিয়া হ’ব ।

শেহতীয়া তথ্য মতে, যোৱা 9 দিনত জলবোৰ্ডে প্ৰথম পৰ্যায়ত পানী যোগানৰ ‘ট্ৰায়েল ৰাণ’ৰ বাবে ৫ টা ‘ডিষ্ট্ৰিক মিটাৰিং এৰিয়া’ৰ(DMA) মাত্ৰ 15 টা গৃহতহে পানীৰ পাইপ সংযোগ কৰিছে । এতিয়ালৈকে যোৱা 9 দিনত এই এলেকাৰ পৰা 265 খন পানীৰ পাইপ সংযোগৰ বাবে আৱেদন পত্ৰ দাখিল হৈছে ।

লগতে পঢ়ক : School provincialisation in Assam: অনিশ্চয়তাত ৰাজ্যৰ ২৪ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ ভৱিষ্যৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.