School provincialisation in Assam: অনিশ্চয়তাত ৰাজ্যৰ ২৪ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ ভৱিষ্যৎ

author img

By

Published : Aug 2, 2022, 10:32 PM IST

School provincialisation in Assam

এতিয়ালৈকে ৰাজ্যৰ ২৬৫৯ খন শিক্ষানুষ্ঠান প্ৰদেশিকীকৰণ হোৱা নাই । ইয়াৰে এল পি স্কুল ১২৫৬ খন, এম ই স্কুল ৮৮৯ খন, হাইস্কুল ৪৩১ খন, ছিনিয়ৰ ছেকেণ্ডেৰী ৪৫ খন আৰু ডিগ্ৰী কলেজ ৩৮ খন । ইয়াত নিয়োজিত হৈ আছে ২০,৭৩১ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ৩১৭৯ গৰাকী কৰ্মচাৰী (Assam venture school teacher)। কি হ'ব ২৩,৯১০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ লগতে বিদ্যালয়সমূহত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত?

গুৱাহাটী, ২ আগষ্ট: অসম চৰকাৰে অপ্ৰদেশীকৃত বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ প্ৰায় ২৪ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিছে । এতিয়ালৈকে ৰাজ্যৰ ২৬৫৯ শিক্ষানুষ্ঠান প্ৰদেশিকীকৰণ হোৱা নাই । ইয়াৰ ভিতৰত আছে এল পি স্কুল ১২৫৬ খন, এম ই স্কুল ৮৮৯ খন, হাইস্কুল ৪৩১ খন, ছিনিয়ৰ ছেকেণ্ডেৰী ৪৫ খন আৰু ডিগ্ৰী কলেজ ৩৮ খন (School provincialisation stop in Assam)।

আনহাতে ইয়াত নিয়োজিত হৈ আছে ২০,৭৩১ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ৩১৭৯ গৰাকী কৰ্মচাৰী । চৰকাৰী সিদ্ধান্তৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে যে এই ২৩,৯১০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ লগতে এই বিদ্যালয়সমূহত অধ্যয়নৰত লাখ লাখ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত কি হ'ব? এইটো এটা ডাঙৰ প্ৰশ্ন । ইফালে বিগত সময়ত ৰাজ্যৰ ৪০০ শিক্ষকে চাকৰি প্ৰাদেশিকীকৰণ নোহোৱাৰ বাবে আত্মহত্যা কৰিছে(Teachers suicide in Assam) । আনহাতে ১০০ গৰাকী শিক্ষকৰ স্বাভাৱিক মৃত্যু হৈছে । অৰ্থাৎ বিনা বেতনে ৫০০ শিক্ষকে মৃত্যুক আকোৱালি ল'লে ।

সেইদৰে সহস্ৰাধিক শিক্ষকে বিনা বেতনে অৱসৰ গ্ৰহণ কৰিছে । লক্ষণীয়ভাৱে চৰকাৰে অপ্ৰদেশীকৃত বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰাৰ সিদ্ধান্তক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জাঙুৰ খাই উঠিছে শিক্ষক সংগঠনৰ লগতে আন বিভিন্ন দল-সংগঠন । শিক্ষা বিভাগে শিক্ষানুষ্ঠানৰ নতুনকৈ প্ৰাদেশিকীকৰণ বন্ধ কৰাৰ সিদ্ধান্ত তীব্ৰ বিৰোধিতা কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে(KMSS on School provincialisation)৷

ছাত্ৰসংগঠনটোৱে অনতিপলমে চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছে । ছাত্ৰ সংগঠনটোৱে চৰকাৰক প্ৰশ্ন কৰি কয় যে স্কুলসমূহ প্ৰাদেশিকীকৰণ নকৰিলে এই সকল শিক্ষক-কর্মচাৰীয়ে কেনেদৰে জীয়াই থাকিব । অসমীয়া ভাষা আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ ধ্বংস কৰাৰ বাবে চৰকাৰ উঠিপৰি লগাৰ অভিযোগ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিজেপি চৰকাৰৰ এই হঠকাৰী পৰিকল্পনা সফল হ’বলৈ নিদিয়ে বুলিও হুংকাৰ দিছে ।

ইফালে এ আই ইউ ডি এফ দলে ২০১৭ চনৰ বিদ্যালয় প্ৰদেশিকীকৰণ আইন সংশোধন কৰি বিদ্যালয়সমূহ প্ৰদেশিকীকৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে । প্ৰয়োজন হ'লে এ আই ইউ ডি এফ দলে শিক্ষকসকলৰ বাবে আইনী যুঁজ দিবলৈ প্ৰস্তুত আছে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে সদৰি কৰে ।

লগতে পঢ়ক: New education system Assam: অসমীয়া ভাষাত অধ্যয়ন কৰি IAS, IPS হোৱাৰ কথা ক’লে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.