Class10 girl in Hojai found dead: উলংগ অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ

author img

By

Published : Aug 3, 2022, 8:14 AM IST

Updated : Aug 5, 2022, 11:43 AM IST

class10 girl in Hojai found dead, police suspect rape and murder

লামডিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ সোমবাৰে নিশা লামডিঙৰ কৃষ্ণবস্তিৰ শালবাগানত উলংগ অৱস্থাত উদ্ধাৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ (Class10 girl in Hojai found dead) ৷

হোজাই, 3আগষ্ট : লামডিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ সোমবাৰে নিশা লামডিঙৰ কৃষ্ণবস্তিৰ শালবাগানত অৰ্ধ ওলংগ অৱস্থাত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ (Class10 girl in Hojai found dead) । সম্প্ৰতি এইদৰে এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই জোকাৰি গৈছে লামডিঙক ৷

ঘটনা অনুসৰি, সোমবাৰে গণেশটিলাৰ বাসিন্দা ছাত্ৰী গৰাকী টিউচনলৈ বুলি আবেলি ঘৰৰ পৰা ওলাই গৈছিল ৷ কিন্তু ৰহস্যজনকভাৱে নিশা কৃষ্ণবস্তিৰ শালবাগানত অৰ্ধ উলংগ অৱস্থাত ছাত্ৰীগৰাকীৰ মৃতদেহ লামডিঙ আৰক্ষীয়ে উদ্ধাৰ কৰে (Class 10 girl allegedly raped and murdered) ৷ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটোলৈ চাই কোনো লোকে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়াল তথা স্থানীয় লোকে (Police suspect rape and murder) ।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ছাত্ৰীগৰাকীৰ মৃতদেহ (Dead body rescue in Hojai) ৷ লগতে এই সন্দৰ্ভত লামডিং আৰক্ষী থানাত ১৩০/২২ নম্বৰত ৩০২ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইফালে, একাংশ মানৱ অধিকাৰ সংগঠনৰ কাৰ্যকৰ্তাই এই ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে উচিত তদন্তৰ দাবী জনাইছে ৷

আনহাতে, ছাত্ৰীগৰাকীৰ বিদ্যালয়ৰ শিক্ষকমহলে এই ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে বৰ্তমান পৰিস্থিতিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল একেবাৰেই সুৰক্ষিত নহয় বুলি মন্তব্য কৰে ৷ তদন্তকাৰী আৰক্ষী বিষয়াৰ মতে, মৰণোত্তৰ পৰীক্ষাৰ পিছতহে কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ৷

লগতে পঢ়ক: Banned phensedryl seized : গোৱালপাৰাত বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ

Last Updated :Aug 5, 2022, 11:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.