Banned phensedryl seized : গোৱালপাৰাত বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ

author img

By

Published : Aug 2, 2022, 5:18 PM IST

Goalpara

গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা । মঙলবাৰে পুৱা আৰক্ষীৰ অভিযানত জব্দ ৫০০০ হাজাৰ নিষিদ্ধ কফ চিৰাপ (Phensedryl cough syrup seized in Goalpara)। কফ চিৰাপৰ সৰবৰাহত জড়িত দুজন লোককো আটক ।

গোৱালপাৰা,২ আগষ্ট : ৰাজ্যজুৰি ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । ফলস্বৰূপে প্ৰায় প্ৰতিদিনে ঠায়ে ঠায়ে জব্দ হৈছে গাঞ্জা, ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য । শেহতীয়াকৈ গোৱালপাৰা আৰক্ষীয়ে নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে । তেনে এক ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ কফ চিৰাপ (Large quantity of phensedryl seized in Goalpara)।

গোৱালপাৰাত বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত গোৱালপাৰা চহৰৰ মাজমজিয়াৰ পৰা আৰক্ষীয়ে জব্দ কৰে কফ চিৰাপখিনি । আৰক্ষীয়ে জনোৱা মতে প্ৰায় ৫ হাজাৰ কফ চিৰাপৰ বটল জব্দ কৰা হৈছে । ML০৮-M-৩৪১৮ নম্বৰৰ এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে কফ চিৰাপখিনি ।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে কফ চিৰাপখিনি গোৱালপাৰাৰ পৰা আন ঠাইলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল । কফ চিৰাপৰ উপৰিও চালকসহ ২ জন লোককো আটক কৰে আৰক্ষীয়ে (Two apprehended with banned phensedryl cough syrup)। আটকাধীন লোক কেইজন মানকাচৰৰ হাচিবুল ইছলাম আৰু গোৱালপাৰা জিলাৰ বলদমাৰীৰ ৰুজাবুল হক বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । লক্ষণীয়ভাৱে আৰক্ষীয়ে প্ৰতিখন জিলাতে নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলায় আছে । কিন্তু তাৰ পাছতো আৰক্ষীৰ চকুত ধুলি দি একাংশই এনেদৰে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Drug seized at Chabua: চাবুৱাত আৰক্ষীয়ে খেদি খেদি আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.